নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPL-এ আমুৱালে নেকি কিং কোহলিক, BBLত ছিডনী ছিক্সাৰছৰে চুক্তিবদ্ধ বিৰাট কোহলি

নিউজ ডেস্ক, ১ এপ্ৰিলঃ বিৰাট কোহলিয়ে এতিয়া ভাৰতৰ বাহিৰৰ ক্ৰিকেট লীগতো খেলিবলৈ ওলাইছে। হয়, আপুনি ঠিকেই শুনিছে। বিগ বেছ লীগ (বিবিএল) দল ছিডনী ছিক্সাৰছে নিজেই বিৰাট কোহলিৰ সৈতে চুক্তিবদ্ধ হোৱাৰ কথা ঘোষণা কৰিছে। আজি কৰা এই ঘোষণাই ছ’চিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই খবৰটো চাঞ্চল্যকৰ, কাৰণ বিচিচিআইয়ে ভাৰতীয় ক্ৰিকেট খেলুৱৈক বিদেশী লীগত খেলিবলৈ দিয়া নাই।

ছিডনী ছিক্সাৰছে তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত বিৰাট কোহলিৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ বিষয়ে অৱগত কৰে। বিৰাটৰ ফটোৰ সৈতে কেপচনত লিখা আছিল, “কিং কোহলি! এতিয়া বিৰাট কোহলি অহা ২টা ছিজনৰ বাবে ছিডনী ছিক্সাৰছ দলৰ অংশ হৈ পৰিছে।”

বিবিএলত ষ্টিভ স্মিথে ছিডনী ছিক্সাৰছ দলৰ হৈ খেলে। আচলতে ছিডনী ছিক্সাৰছে বিৰাট কোহলিৰ সৈতে হোৱা চুক্তিৰ বিষয়ে পোষ্ট কৰিছিল, আৰু মাত্ৰ কেইঘণ্টামানৰ পিছত তেওঁলোকে ক’লে যে এইটো এটা প্ৰেংক। এই পোষ্টটো ১ এপ্ৰিলত শ্বেয়াৰ কৰা হৈছে, যাক এপ্ৰিল ফুল দিৱস বুলিও জনা যায়।

বিচিচিআইৰ বৰ্তমানৰ নিয়ম অনুসৰি বিৰাট কোহলিৰ বাবে বিগ বেছ লীগ বা আন কোনো বিদেশী প্ৰতিযোগিতাত খেলাটো অসম্ভৱ নহয়। বিচিচিআইয়ে নিজৰ খেলুৱৈক বাহিৰৰ লীগত খেলিবলৈ নিদিয়ে। এই নিয়ম প্ৰণয়নৰ এটা প্ৰধান কাৰণ হ’ল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ জনপ্ৰিয়তা অটুট ৰখা।

You might also like