নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰাট-ৰ অৱসৰত পত্নী অনুষ্কাৰ আৱেগিক পোষ্ট

🔹 'মই মনত পেলাম তুমি কেতিয়াও নেদেখুওৱা চকুলোবোৰ...'

নিউজ ডেস্ক, ১৩ মে’ : টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক বিৰাট কোহলিয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ সংবাদে আৱেগিক কৰি তুলিছে ক্রিকেট অনুৰাগীক৷ ক্রিকেটৰ দীঘলীয়া সংস্কৰণটোৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰা দিনটোত পত্নী অনুষ্কা শর্মায়ো আৱেগিক হৈ পৰে ৷ অৱসৰৰ কথা ঘোষণা কৰাৰ কিছু সময় পূর্বে দুয়োকে মুম্বাই বিমানবন্দৰত দেখা পোৱা গৈছিল আৰু সামাজিক মাধ্যমত অনুষ্কা শর্মাই বিৰাটৰ সৈতে ক্রিকেট ফিল্ডত উঠা এখন ফটো শ্বেয়াৰ কৰি মনৰ ভাব প্রকাশ কৰিছিল৷ ‘তেওঁলোকে ৰেকর্ড আৰু মাইলষ্ট’নবোৰৰ কথা ক’ব৷ কিন্তু মই মনত পেলাম তুমি কেতিয়াও নেদেখুওৱা চকুলোবোৰ, কোনেও দেখা নোপোৱা যুদ্ধবোৰ আৰু খেলৰ এই ফর্মেটলৈ দিয়া অটল মৰমবোৰ৷ এই সকলোবোৰে তোমাৰ পৰা কিমান ল’লে মই জানো৷ প্রতিখন টেষ্ট ছিৰিজৰ পাছত তুমি অলপ বুদ্ধিমান, নম্র হৈ উভতি আহিছিলা আৰু এই সকলোবোৰৰ মাজেৰে তোমাৰ বিকাশ দেখিবলৈ পোৱাটো মোৰ সৌভাগ্য৷’- কোহলিয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত পত্নী অনুষ্কাই এনেদৰে আৱেগিক পোষ্ট এটা শ্বেয়াৰ কৰে৷ 

You might also like