নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীপ, বিজয় হাজাৰে, দেওধৰ ট্রফী স্থগিত ৰখাৰ আহ্বান জাফৰৰ

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে চলিত বর্ষৰ বিজয় হাজাৰে, দুলীপ আৰু দেওধৰ ট্রফী স্থগিত ৰখা উচিত৷

এই মন্তব্য ভাৰতীয় দলটোৰ প্রাক্তন বেটছমেন ৱাছিম জাফৰৰ৷ দেশখনত দিনকদিনে ক’ৰোনাৰ আতংক বৃদ্ধি পোৱাত অচিৰেই যে ক্রিকেট প্রতিযোগিতাসমূহ আৰম্ভ কৰিব পাৰিব, সেয়া মনে নধৰে বুলি উল্লেখ কৰি ৱাছিম জাফৰে কয় যে চলিত ছিজনত হ’বলগীয়া আগন্তুক বিজয় হাজাৰে, দুলীপ আৰু দেওধৰ ট্রফী স্থগিত ৰখা উচিত৷

এইকেইখন প্রতিযোগিতাৰ স্থানত ৰঞ্জি ট্রফী আৰু চৈয়দ মুস্তাক আলী টি–২০ ক্রিকেট প্রতিযোগিতাখন আয়োজন কৰা উচিত৷ ভাৰতত অহা আগষ্ট মাহত ঘৰুৱা ক্রিকেট প্রতিযোগিতাসমূহ আৰম্ভ কৰাৰ চিন্তা–চর্চা চলি আছে যদিও দেশখনত দিনকদিনে ক’ৰোনাৰ প্রকোপ বৃদ্ধি পাবলৈ ধৰিছে৷

এনে অৱস্থাত বি চি চি আয়ে ঘৰুৱা প্রতিযোগিতাসমূহ আয়োজন কৰাৰ ক্ষেত্রত পুনৰ বিবেচনা কৰা উচিত বুলি উল্লেখ কৰি টীম ইণ্ডিয়াৰ প্রাক্তন বেটছমেনগৰাকীয়ে লগতে কয় যে যেতিয়া দেশত ক্রিকেটৰ বাতাৱৰণ ঘূৰি আহিব, তেতিয়া প্রথমে আই পি এলখন আয়োজন কৰা উচিত৷

You might also like