নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বামাৰ জোচেফ ত্ৰাস : ২৭ বছৰৰ পিছত অষ্ট্ৰেলিয়াক পৰাস্ত ৱেষ্টইণ্ডিজৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জানুৱাৰীঃ ৱেষ্ট ইণ্ডিজে ২৭ বছৰৰ পিছত ঘৰুৱা টেষ্টত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ইতিহাসৰ পুনৰাবৃত্তি কৰিলে। অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত দুখন মেচৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ ব্রিজবেনৰ দ্য গাব্বাত অনুষ্ঠিত হয়৷ এই খেলখনত ৱেষ্ট ইণ্ডিজে অষ্ট্ৰেলিয়াক ৮ ৰানত পৰাস্ত কৰে। ৱেষ্ট ইণ্ডিজৰ হৈ ছিৰিজত অভিষেক ঘটোৱা শ্বামাৰ জোচেফে শেষ উইকেটটো দখল কৰি নিজৰ দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়। খেলখনৰ চতুৰ্থ আৰু দ্বিতীয় ইনিংছত ৯টা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াক ১ উইকেট বাকী থকা অৱস্থাত জয়ী হ’বলৈ ৯ ৰানৰ প্ৰয়োজন হৈছিল যদিও ৱেষ্ট ইণ্ডিজৰ পেচাৰ শ্বামাৰ জোচেফে অষ্ট্ৰেলিয়াক জয়ৰ ৰেখা পাৰ হ’বলৈ নিদিলে। জোচেফে বেটিং কৰি থকা জোছ হেজলউডক আউট কৰি দলটোক জয়ী কৰায়। ৱেষ্ট ইণ্ডিজে দ্বিতীয় ইনিংছত ১৯৩ ৰান সংগ্ৰহ কৰে, তাৰ পিছত অষ্ট্ৰেলিয়াৰ হৈ ২১৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। তাৰ পাছত লক্ষ্য খেদি ফুৰাৰ সময়তে ৱেষ্ট ইণ্ডিজৰ বলাৰসকলে অষ্ট্ৰেলিয়াক ২০৭ ৰানত আবদ্ধ কৰি ৰাখে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ৱেষ্ট ইণ্ডিজৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায় শ্বামাৰ জোচেফ। দ্বিতীয়খন টেষ্ট খেলি থকা জোচেফে আশ্চৰ্য্য কৰি মুঠ ৮টা উইকেট দখল কৰে। প্ৰথম ইনিংছত ১ উইকেট আৰু দ্বিতীয় ইনিংছত ৭ উইকেট দখল কৰি অষ্ট্ৰেলিয়াৰ বেটিং লাইনআপ তচনচ কৰে। এই উজ্জ্বল প্ৰদৰ্শনৰ বাবে তেওঁ ‘প্লেয়াৰ অৱ দ্য মেচ’ৰ খিতাপ লাভ কৰে।

You might also like