নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইত ৯ ডিচেম্বৰত মহিলা প্ৰিমিয়াৰ লীগৰ নিলাম

বিশেষ বাৰ্তা, ২৪ নৱেম্বৰঃ মহিলা প্ৰিমিয়াৰ লীগ ২০২৪ৰ নিলামৰ তাৰিখ প্ৰকাশ পাইছে। মহিলা প্ৰিমিয়াৰ লীগৰ নিলাম ৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব। একে সময়তে মুম্বাইত অনুষ্ঠিত হ’ব এই নিলাম। এই নিলামত বহু ক্ৰিকেটাৰৰ ওপৰত বহু টকাৰ বৰষুণ হ’ব পাৰে। উদাহৰণস্বৰূপে ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছকে ধৰি প্ৰায় সকলো দলেই এই নিলামৰ বাবে সাজু। ইয়াৰ পূৰ্বে শেহতীয়াকৈ দলসমূহে মুঠ ৬০জন খেলুৱৈক ধৰি ৰাখিছিল। আনহাতে দলসমূহে বহু ডাঙৰ খেলুৱৈক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছিল। ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে হৰমনপ্ৰীত কৌৰ আৰু অমনজোত কৌৰক ধৰি ৰাখিছে। আনহাতে, ইউ পি ৱাৰিয়ৰ্ছে এলিছা হিলী, দীপ্তি শৰ্মা আৰু গ্ৰেচ হেৰিছক দলত ৰখাৰ সিদ্ধান্ত লয়। ইয়াৰ উপৰি বাংগালুৰুৱে এলিছ পেৰী, হিদাৰ নাইট আৰু ৰেনুকা সিঙক ধৰি ৰাখিছিল। আনহাতে গুজৰাটে এনাবেল চাথাৰলেণ্ডক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয়।

#বাৰ্তা ডেস্ক

You might also like