এই অভ্যাসবোৰে আপোনাৰ শ্রৱণ ক্ষমতাক প্রভাৱিত কৰিব পাৰে
শ্রৱণশক্তি হৈছে এক শক্তি, যাৰ জৰিয়তে পৃথিৱীৰ সৈতে আমাৰ সম্পর্ক গঢ়ি উঠে৷ গতিকে ই যদি দুর্বল হয়, তেন্তে আমাৰ জীৱনক যথেষ্ট পৰিমাণে প্রভাৱিত কৰিব পাৰে৷ গতিকে আহক জানো কি কি অভ্যাসে আমাৰ প্রয়োজনীয় ইন্দ্রিয়বোৰক যথেষ্ট পৰিমাণে প্রভাৱিত কৰিব পাৰে৷
- কাণ পৰিষ্কাৰ ৰখাটো এটা ভাল কথা, কিন্তু অত্যধিক ইয়াৰবাড ব্যৱহাৰ কৰাটো একেবাৰে বিপজ্জনক৷ কেতিয়াবা গা ধোৱাৰ পিছত কাণলৈ যোৱা পানী আঁতৰাবলৈ, কেতিয়াবা ভিতৰত জমা হোৱা কাণৰ ধূলি আঁতৰ কৰিবলৈ বা ইয়াক যিকোনো উদ্দেশ্যৰ বাবে সকলো সময়তে ব্যৱহাৰ কৰাটো সঠিক নহয়৷ দুই বা তিনি মাহৰ ভিতৰত, চিকিৎসালয়লৈ যোৱা আৰু কাণ পৰিষ্কাৰ কৰাটো ভাল৷
- অতি উচ্চ স্বৰৰ সংগীত শুনা আৰু অডি’ ডিভাইচৰ অত্যধিক ব্যৱহাৰে কাণৰ কাম কৰাৰ সামর্থ্য প্রভাৱিত কৰে৷ আপুনি প্রায়ে উচ্চ স্বৰৰ সংগীত শুনি থাকিলে মন কৰিব অলপ সময়ৰ পিছত আপোনাৰ চাৰিওফালৰ শব্দবোৰ লেহেমীয়া অনুভৱ হ’বলৈ আৰম্ভ কৰে৷ গতিকে অত্যধিক উচ্চ স্বৰৰ সংগীত শুনা পৰিহাৰ কৰিক৷
- পৰিৱেশত থকা আর্দ্রতাৰ লগতে, যদি আপুনি কাণবোৰ সঘনাই তিতাই ৰাখে, তেনেহ’লে ইয়াৰ ফলত কাণত ভেঁকুৰৰ সংক্রমণ হ’ব পাৰে৷ অৱশ্যে, এই সমস্যাটো বেছিভাগ সাঁতোৰবিদৰ ক্ষেত্রত দেখা যায়৷ এই ৰোগত, কাণৰ নলীৰ বাহিৰৰ অংশত সংক্রমণ হয়৷