এজাক ধুমুহাৰ সৈতে মোকাবিলা
‘ক’ভিড পটিজিভ’– এই মাথোঁ দুটা শব্দই যে কঢ়িয়াই ফুৰিছে কত যাতনা, কত বেদনা কিম্বা কত শংকা৷ পুৱাৰ বেলিটিৰ ৰাঙলী কিৰণেও আজি নুসূচায় মানুহৰ মুখৰ মলিনতা৷
বহুগৰাকী ভুক্তভোগীৰ অভিজ্ঞতা পঢ়ি, শুনি শেষত নিজেও ভুক্তভোগীৰ তালিকাত সন্নিৱিষ্ট হৈ উপলব্ধি কৰিলোঁ যে ক’ভিড অপৰাজেয় নহয়৷ ইয়াক আমি হৰুৱাব পাৰোঁ, মূল হাতিয়াৰ মাথোঁ মানসিক শক্তি৷ কিছুদিন হ’ল, প্রথমে মোৰ সামান্য জ্বৰ উঠিছিল৷ কিছু দুর্বল অনুভৱ কৰিছিলোঁ৷ পিছে দুদিন পিছতে মোৰ জ্বৰটো কমিল৷ একে সময়তে মোৰ বাইদেউ আৰু ভাইটিৰ লগতো অনুৰূপ ঘটনাই ঘটিল৷ অলপ অলপ জ্বৰ, দুর্বলতা৷ কম সময়ৰ ভিতৰতে সিহঁতেও জ্বৰ ভাল পালে৷ ইমানলৈকে আমি ক’ভিড টেষ্ট কৰাৰ কথা ভবা নাছিলোঁ৷ কিন্তু ইয়াৰ পিছত যেতিয়া আমাৰ মাৰ দেহত প্রচণ্ড বিষ, মূৰৰ বিষ, কাহ আদি লক্ষণবোৰে দেখা দিলে আমি আৰু পলম নকৰি ক’ভিড টেষ্ট কৰোৱাৰ কথা ভাবিলোঁ৷ ইতিমধ্যে মই, বাইদেউ আৰু ভাইটিয়ে সোৱাদ আৰু গোন্ধৰ অনুভূতি কমি যোৱা অনুভৱ কৰিছিলোঁ৷ সেইমর্মে যোৱা ৪ মে’ত আমি আটায়ে ক’ভিড টেষ্ট কৰাওঁ৷ ৰেপিড এণ্টিজেন টেষ্টত মাৰ ক’ভিড পজিটিভ চিনাক্ত হয় আৰু ছোৱাৱ টেষ্টত মোৰ লগতে বাইদেউ আৰু ভাইটিৰো ফলাফল পজিটিভ আহে৷ ভাগ্যক্রমে দেউতাই এই সংক্রমণৰ পৰা ৰক্ষা পৰে আৰু টেষ্টত তেওঁৰ ফলাফল নিগেটিভ পোৱা যায়৷ মনবোৰ ভাৰাক্রান্ত হৈ পৰিছিল, তথাপি কর্তব্যখিনি কৰি যাবই লাগিব৷ সম্বন্ধীয় চিকিৎসক এজনৰ পৰামর্শ গ্রহণ কৰি ঘৰতেই থাকি আমি যাৱতীয় ঔষধ–পাতি, অন্যান্য বিধি–বিধানসমূহ গ্রহণ কৰা আৰম্ভ কৰিলোঁ৷ দেহৰ দুর্বলতা আঁতৰা নাছিল, তাতে আৰু ভয়–শংকাই দুর্বলতা দুগুণ বৃদ্ধি কৰা যেন লাগিছিল৷ আমি কোৱাৰেণ্টাইন হৈ থকা সময়ছোৱাতে আমাৰ নিচেই ওচৰ–চুবুৰীয়া জেঠী এগৰাকী ক’ভিডত আক্রান্ত হৈ ঢুকাল৷ এই খবৰে আমাৰ মনত আঘাত কৰিছিল৷ তথাপি নেতিবাচক বার্তাবোৰৰ পৰা আঁতৰি থাকিবলৈ যথাসাধ্য চেষ্টা কৰিছিলোঁ৷ মাজতে দুদিনমান মাৰ মূৰৰ বিষ আৰু কাহ বেছি হোৱাত খুব আতংকত দিন পাৰ কৰিছিলোঁ৷ মই বেছ কিছুদিন একেবাৰে খাব–ল’ব পৰা নাছিলোঁ৷ ভাত এগৰাহ গিলিবলৈও যেন খুব কষ্ট হয়৷ ইয়াৰ মাজতো মানসিক শক্তি গোটাবলৈ আমি আটায়ে মিলি যত্নপৰ হৈছিলোঁ৷ নিতৌ কৰাৰ দৰেই পুৱা শুই উঠি ঈশ্বৰৰ নাম লৈ দিনটো আৰম্ভ কৰিছিলোঁ৷ যোগাসন, প্রাণায়াম কৰাত অধিক গুৰুত্ব দিছিলোঁ৷ শক্তিদায়ক তথা পুষ্টিকাৰক খাদ্য গ্রহণৰ প্রতি সজাগ হৈছিলোঁ৷ আটায়ে হাঁহি–মাতি, গান শুনি, কিতাপ পঢ়ি সময় কটাবলৈ চেষ্টা কৰিছিলোঁ৷ এই সময়ছোৱাত আমাৰ আত্মীয়–স্বজনসকলে নির্দিষ্ট দূৰত্ব বজাই ৰাখি আমাক সাহস দিছিল, সহায় কৰিছিল৷ এনেদৰে এক সামূহিক প্রচেষ্টাত আমি আমাৰ মনবোৰ সবল কৰি ৰখাত হয়তো বহু সফল হৈছিলোঁ৷ ৮টা দিন এনেদৰে কটোৱাৰ পিছত ইতিমধ্যে ক’ডিডৰ লক্ষণবোৰ আমাৰ দেহৰ পৰা বহু পৰিমাণে আঁতৰিছিল আৰু পুনৰ টেষ্ট কৰাত আমাৰ আটাইৰে ফলাফল নিগেটিভ হয়৷ ক’ভিডৰ হাতোৰাৰ পৰা মুক্ত হ’লোঁ যদিও পোষ্ট ক’ভিড ৰোগী হিচাপে এতিয়াও প্রয়োজনীয় সাৱধানতা অৱলম্বন কৰি আছোঁ৷ বহু সময়ত এনে হয় আমি নানান শাৰীৰিক সমস্যাত ভুগি থাকোঁ, কিন্তু যদি আমাৰ মানসিক সমস্যাবোৰ প্রথমে দূৰ কৰিব পাৰোঁ তেতিয়া শাৰীৰিক সমস্যাবোৰো আপোনা–আপুনি নাইকিয়া হৈ যায়৷ বর্তমান শাৰীৰিকভাৱে সবল হৈ থাকিবলৈ প্রত্যেকজন মানুহেই যত্নপৰ হৈছে৷ খাদ্যাভ্যাসত অধিক সতর্ক হৈছে৷ কিন্তু সাম্প্রতিক সময়ত মানসিকভাৱেও সবল হৈ থাকিবলৈ নিয়মিত কচৰতৰ অতি প্রয়োজন বুলি মই ভাবোঁ৷ এগৰাকী ভুক্তভোগী হিচাপে পুনৰবাৰ কওঁ মানসিক শক্তিয়েই হৈছে ক’ভিডক হৰুওৱাৰ প্রধান অস্ত্র৷ মানসিকভাৱে সুস্বাস্থ্য এটি বজাই ৰাখিব পাৰিলে কেৱল ক’ভিডেই নহয়, আন যিকোনো অপশক্তিক পৰাস্ত কৰি আমি বিজয়ী যোদ্ধা ৰূপে মূৰ তুলি থিয় দিব পাৰিম৷