কচু শাকৰ গুণাগুণ
ডাঃ ৰেইনী দেৱী
খাটি অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰসমূহৰ ভিতৰত কচু শাকৰ বিভিন্ন ব্যঞ্জন লেখত ল’বলগীয়া৷ কলপাতত দিয়া কচুথোৰৰ পিটিকা, কণ বিলাহী আৰু মাছেৰে বনোৱা কচুথোৰৰ জোল, তিতাভেকুৰীৰ লগত কচুথোৰৰ আঞ্জা, মাগুৰ, শিঙি আদি মাছৰ লগত বনোৱা কচুথোৰৰ জালুকীয়া আঞ্জাখন খাই বেয়া পোৱা কোনো নোলাবই কিজানি৷ এই ব্যঞ্জনসমূহৰ ৰন্ধন প্রকৰণ চালে এটা কথাই বুজা যায় যে আমাৰ পূর্বজসকলৰ খাদ্যৰ গুণাগুণ সম্বন্ধে কিমান যথাযথ জ্ঞান আছিল৷ কচুৰ স্বভাৱ হৈছে খজুওৱা৷ বিয়ানাম এফাঁকি আছে নহয়, কচু হ’লে খজুৱায়, শাহু হ’লে নচুৱায়, তাৰ লগত ননদ হ’লে হুৰাহুৰে কন্দুৱায়৷ ইয়াত ৰসার্থত কচু, শাহু আৰু ননদৰ তথাকথিত স্বভাৱ বুজাবলৈকে নামফাঁকি গোৱা হয়৷ কচুৰ গুণেই হৈছে খাওঁতাজনক খজুওৱা৷ কেঁচা কচু গাত লাগিলেতো কথাই নাই৷ ৰান্ধোতেও টেঙা বা জলা দি ৰন্ধা হয় যাতে ইয়াৰ জালটো কাটি যায়৷ ঠিক তেনেদৰে ভেকুৰী তিতাৰ লগত বনালে ভেকুৰীৰ তিতাও নথকা হয় আৰু কচুয়েও নখজুৱায়৷ থুৰি কচুৰ ব্যঞ্জন বনাওঁতে কচুখিনি অলপ ৰ’দত শুকুৱাই ল’লে খাওঁতে নখজুৱায়৷ কচু বইল কৰি পানী খিনি পেলাই ল’ব লাগে, তাৰ পিছত যি ব্যঞ্জন বনায় বনাব পাৰে৷ এইদৰে কৰিলে কচু খাওঁতে নখজুৱায়৷ প্রসূতি তিৰোতাৰ বাবে জাল বনাই খুওৱা পৰম্পৰা আজিও প্রচলিত৷ কচুৰ ব্যঞ্জনসমূহ যথেষ্ট ঔষধি গুণসম্পন্ন আৰু বহু ৰোগত উপকাৰী৷ কচু শাকত প্রচুৰ পৰিমাণে প্র’টিন, আঁহ, বিভিন্ন প্রকাৰৰ ভিটামিন যেনে ভিটামিন এ, ভিটামিন বি যৌগ, ভিটামি চি, ভিটামিন ই, অমেগা ৩ ফেটি এচিড, অমেগা ৬ ফেটি এচিড, বিভিন্ন প্রকাৰৰ খনিজ যেনে কেলছিয়াম, আইৰণ, মেংগানিজ, মেগনেছিয়াম, কপাৰ, ফচফৰাছ, জিংক, ছিলেনীয়াম আদি পোৱা যায়৷ এই উপাদানসমূহ থকা বাবে ইয়াৰ ঔষধি গুণ তুলনামূলকভাৱে বেছি৷
ডাকৰ বচনত কচুৰ বিষয়ে এষাৰ কথা উল্লেখ আছে– ‘কচু খাবা ওলাওঁতে, কচু খাবা সোমাওঁতে৷’ অর্থাৎ কচু ওলোৱা আৰু সোমোৱাৰ সময়ত থুৰীৰে সৈতে কচু ঠন ধৰি উঠে৷ সেই সময়ত হয়তো জলবায়ুৰ প্রভাৱত কচুৰ ঔষধি গুণ বৃদ্ধি হয়৷ কথাষাৰে হয়তো আৰু এটা কথা আমাক সকীয়াই দিছে যে বছৰত এই দুই সময়ত কচু খালে গোটেই বছৰৰ বাবে আমাৰ শৰীৰে লাগতিয়াল সকলো সামগ্রী পায়৷ কাৰণ ইয়াত প্রচুৰ পৰিমাণে ভিটামিন আৰু খনিজ আছে৷ যিকোনো বস্তুৰে অত্যধিক সদায়ে অপকাৰী৷ গতিকে খুব ঘনাই কচু নোখোৱাই ভাল৷
বিঃ দ্রঃ ইয়াত কচুৰ উপকাৰীতা বা অপকাৰীতা সম্বন্ধে থুলমূল আভাস দিবলৈ এটা প্রয়াস কৰা হৈছে৷ ৰোগৰ পথ্য অপথ্য চাই খাদ্য গ্রহণ কৰাটো নিতান্তই বাঞ্ছনীয়৷