নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগ্যতা, পৰীক্ষাৰ ফলাফল আৰু তিনিটা মাছৰ সাধু

আৰাধনা বৰুৱা 

এসময়ত এটা সৰোবৰত অনাগত বিধাতা, প্রত্যুৎপন্নমতি আৰু যদভৱিষ্য নামেৰে তিনিটা মাছ আছিল৷ সিহঁতৰ নামকেইটাই স্বভাৱকো প্রতিনিধিত্ব কৰিছিল৷ অনাগত বিধাতা আছিল বিপদ আহি পোৱাৰ আগতেই প্রয়োজনীয় ব্যৱস্থা লোৱা মাছ, প্রত্যুৎপন্নমতি আছিল বিপদৰ সময়ত উপস্থিত বুদ্ধিৰ সহায়ত সিদ্ধান্ত লোৱা মাছ আৰু যদভৱিষ্যৎ আছিল বিপদৰ সময়তো যি হয় হ’ব বুলি ভাবি গা এৰা দি বহি থকা মাছ৷ এদিন সিহঁতে সৰোবৰৰ পাৰত কেইজনমান মাছমৰীয়াই এদিন আহি মাছ ধৰিবলৈ আলচ কৰি থকা শুনা পালে৷
কথাটো শুনি অনাগত বিধাতাই বাকী মাছ দুটাক ক’লে বিপদ অহাৰ আগতেই সৰোবৰৰ তলৰ সুৰংগৰে আন এটা পুখুৰীলৈ গুচি যোৱা ভাল হ’ব৷ প্রত্যুৎপন্নমতিয়ে ক’লে যদি বিপদ আহে তেতিয়া উপস্থিত বুদ্ধি খটুৱাই কিবা কৰি বাচিব আৰু যদভৱিষ্যই ক’লে ভাগ্যত যি আছে দেখা যাব৷ ভৱা মতেই অনাগত বিধাতাই বেলেগ এটা পুখুৰীলৈ গ’লগৈ৷ বাকী দুটা মাছ নিজৰ মতত অটল হৈ থাকিল৷ কিছুদিনৰ পিছত মাছমৰীয়া আহি সৰোবৰটোৰ মাছবোৰ ধৰিলেহি৷ প্রত্যুৎপন্নমতিয়ে মৰা ভাও জোৰাত মাছমৰীয়াকেইজনে তাক পাৰতে থৈ আন মাছবোৰ মোনাত ভৰোৱাত ব্যস্ত হৈ থাকোতেই সি পানীত জাপ মাৰি সাৰিল৷ যদভৱিষ্যতে কিন্তু ৰক্ষা নাপালে৷ হিতোপদেশৰ এই সাধুকথাটোৰ প্রসংগৰে এটা গুৰুত্বপূর্ণ কথাহে উনুকিয়াব খুজিছোঁ৷
এতিয়া উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ বতৰ৷ এই ফলাফলৰ ওপৰত ভিত্তি কৰিয়েই ছাত্র–ছাত্রীয়েই পছন্দৰ মহাবিদ্যালয়ত নামভর্তি কৰি ভৱিষ্যতে পঢ়িবলগীয়া বিষয়বাছনি কৰিব লাগিব৷ সেয়ে অভিভাৱক আৰু ছাত্র–ছাত্রীয়ে চিন্তা কৰিহে সঠিক সিদ্ধান্ত লোৱা উচিত৷ যাতে ভৱিষ্যতে বুলিবলগীয়া কেৰিয়াৰৰ বাটটোত ক’তো ৰৈ যাবলগা বা অকৃতকার্য হ’বলগা নহয়৷ প্রত্যেক ব্যক্তিৰে যোগ্যতা, মানসিক সক্ষমতা আৰু পাৰদর্শিতা বিশেষতঃ দুটা বস্তুৰ ওপৰত নির্ভৰশীল৷ সেয়া হৈছে, বুদ্ধিমত্তা IQ) আৰু অভিৰুচি Aptitude)৷ জন্মৰ পৰা আমাৰ শাৰীৰিক বিকাশৰ স্তৰৰ সমান্তৰালভাৱে মানসিক বিকাশো হয়৷ দৈহিক বয়স আৰু মানসিক বয়সৰ মাজত বিকাশৰ সামঞ্জস্যকে মনোবিজ্ঞানত বুদ্ধিমত্তা বুলি কোৱা হয়৷ এই বুদ্ধিমত্তা কোনোজনৰ স্বাভাৱিক, কোনোজনৰ আকৌ কম বা বেছি হ’ব পাৰে৷ বুদ্ধিমত্তা অধিক হোৱাজনৰ আয়ত্ত কৰিব পৰা ক্ষমতা অধিক হয়৷
ঠিক তেনেকৈ অভিৰুচি হৈছে ব্যক্তিৰ অন্তর্নিহিত যোগ্যতা৷ ব্যক্তিভেদে সাংখ্যিক বিষয়, সৃষ্টিশীল বা কলাত্মক দিশ, যান্ত্রিক দিশ, যুক্তিপূর্ণভাৱে কৰা চিন্তা, তাৎক্ষণিক সিদ্ধান্ত গ্রহণৰ সক্ষমতা, সমস্যা সমাধানৰ পাৰদর্শিতা আদি পৃথক৷ যেতিয়া নিজস্ব যোগ্যতা ব্যৱহাৰ কৰিব পৰাকৈ সুবিধা থকা এটা বিষয়ত পঢ়িবলৈ বাছনি কৰা বা প্রশিক্ষণ লোৱা হয়, তেন্তে সেইক্ষেত্রত পাৰদর্শিতাৰ ফলাফল সদায়ে আশানুৰূপ হ’ব৷ বুদ্ধিমত্তা আৰু অভিৰুচি উভয়ে জন্মগত৷ ইয়াক কেতিয়াও সলনি কৰা সম্ভৱপৰ নহয়৷
যোগ্যতা আৰু কৃতকার্যতাৰ সামঞ্জস্য
বহু সময়ত যোগ্যতা থাকিলেও পৰীক্ষাত বিচৰা মতে ফলাফল পোৱা নাযায় তাৰ এটা গুৰুত্বপূর্ণ কাৰণ হৈছে পৰীক্ষাৰ প্রতি অহেতুক ভয় বা মনোবিজ্ঞানৰ ভাষাত ফ’বিয়া Examination phobia)৷ কিন্তু কিয় এনে হয়? পৰীক্ষাৰ ভয় বা মাত্রাধিক উদ্বিগ্ণতাৰ কাৰণ বহু ধৰণৰ হ’ব পাৰে যেনে– মনোযোগৰ সমস্যা, নির্দিষ্ট বিষয়ৰ প্রতি আগ্রহ নোহোৱা তথা বুজি পোৱাৰ অসুবিধা, পৰীক্ষাৰ বাবে কম প্রস্তুতি আৰু প্রয়োজনতকৈ অধিক প্রস্তুতি, প্রয়োজনীয় জিৰণিৰ অভাৱ, পঢ়া আৰু মনত ৰখাৰ কৌশলৰ বিষয়ে অজ্ঞতা, পঢ়াৰ সঠিক সময় তালিকাৰ অভাৱ, পৰীক্ষাৰ সময়ত খোৱা–বোৱাৰ প্রতি মনোযোগ নিদিয়া, পৰীক্ষাত প্রয়োজনীয় বস্তুসমূহ সময়মতে যোগাৰ কৰি নৰখা, পৰীক্ষাৰ উত্তৰ লিখোতে সময়ৰ সঠিক পৰিকল্পনা কৰাত অপৰাগতা, অভিভাৱকৰ প্রয়োজনতকৈ কমসচেতনতা আৰু অত্যধিক সচেতনতা, ভাল ফলাফলৰ বাবে প্রয়োজনাধিক চাপ ইত্যাদি এনেধৰণৰ কাৰণবোৰৰ প্রভাৱত সৃষ্টি হোৱা অধিক উদ্বিগ্ণতাই এটা সময়ত ছাত্র–ছাত্রীৰ মনত পৰীক্ষাৰ মুখামুখি হ’বলৈ সাংঘাতিক অহেতুক ভয়ৰ সৃষ্টি কৰে৷ অসফলতাৰ আন এটা কাৰণ হৈছে বিষয় বাছনি আৰু প্রস্তুতিৰ সময়ৰ ক্ষেত্রত অসতর্কতা৷ বহু সময়ত পৰীক্ষাৰ মার্কশ্বিট পঢ়ি আয়ত্ত কৰিবলৈ টান পোৱা কিছুমান বিষয়ত নম্বৰ বেছিকৈ পোৱা যায়৷ বিশেষকৈ গোট গোট নম্বৰ পোৱা বিষয় যেনে– গণিত, বিজ্ঞান, ভুগোল, অর্থনীতি আদিত৷ পৰীক্ষাত সেই বিষয়টোত ভাল নম্বৰ পোৱাৰ বহুত কাৰণ থাকিব পাৰে৷ উদাহৰণ স্বৰূপে পঢ়ি যোৱা মতেই সেইদিনা পৰীক্ষাত প্রশ্ণ আহিব পাৰে আৰু সেই কাৰণে ছাত্রজনে ভালকৈ লিখিব পাৰিলে৷ বা বহুতৰে ক্ষেত্রত প্রিয় বিষয়টোত ভাল নম্বৰ নাপাব পাৰে৷ উদাহৰণ স্বৰূপে ৰসায়ন বিজ্ঞান কোনোজনৰ প্রিয় বিষয় কিন্তু পৰীক্ষাৰ দিনা সময়ৰ অভাৱত তেওঁ কেইবাটাও প্রশ্ণৰ উত্তৰ কৰিবলৈ সক্ষম নহ’ল৷ ফলত আশানুৰূপ নম্বৰ নাপালে৷ তেনেক্ষেত্রত পৰৱর্তী বিষয় নির্বাচনৰ সময়ত প্রাপ্ত নম্বৰতকৈ ছাত্রজনৰ বিষয়টো আয়ত্ত কৰিব পৰা ক্ষমতাৰ ওপৰতহে অধিক গুৰুত্ব দিয়া উচিত৷
বর্তমান সময়ত অত্যধিক সচেতন অভিভাৱক আৰু বিদ্যালয়ৰ কর্তৃপক্ষৰ পৰীক্ষাৰ নম্বৰকেন্দ্রিক অদূৰদর্শিতাও শিক্ষার্থীৰ যোগ্যতাৰ উচিত মূল্যায়নৰ সমস্যাৰ গুৰুত্বপূর্ণ কাৰণ হৈছে৷ সমীক্ষা মতে সমগ্র বিশ্বজুৰি সংঘটিত নৱপ্রজন্মৰ আত্মহত্যাৰ ঘটনাবিলাকৰ উল্লেখযোগ্য কাৰণসমূহ হৈছে পৰীক্ষাত অসফলতা, পিতৃ– মাতৃৰ পৰা পোৱা হেঁচা তথা বিদ্যালয়ৰ আৰু মহাবিদ্যালয়ে ছাত্র–ছাত্রীৰ পৰা বিচৰা উচ্চমানৰ ফলাফল৷
সন্তানৰ শৈক্ষিক সফলতা আহিব কেনেকৈ৷
সন্তানৰ সফলতাৰ পথ প্রদর্শক হ’বলৈ অভিভাৱকসকলে কিছুমান কথা জনা উচিত৷
* ছাত্র–ছাত্রীয়ে জীৱনত পঢ়াৰ গুৰুত্বৰ কথা নিজে বুজি পাব লাগিব৷ শিক্ষাই প্রদান কৰা সফল আৰু সূচল জীৱনৰ প্রতি আগ্রহী কৰি তোলাত অভিভাৱক আৰু শিক্ষকে পথ প্রদর্শকৰ ভূমিকা গ্রহণ কৰিব লাগিব৷
* নিয়মীয়াকৈ পঢ়া অতি গুৰুত্বপূর্ণ কথা৷ প্রতিদিনে পাঠ্যক্রমৰ বিষয়সমূহ খৰচি মাৰি পঢ়িলে মনত ৰাখিবলৈ সহজ হয় আৰু সময়ত সকলো বিষয় পঢ়ি শেষ কৰিব পাৰিব৷ সময়ৰ সদ্ব্যৱহাৰ অতি প্রয়োজনীয়৷
* নিজৰ সক্ষমতা আৰু সীমাবদ্ধতাৰ ওপৰত ভিত্তি কৰি এখন সঠিক সময় তালিকা প্রস্তুত কৰি ল’ব লাগে৷ সহজতে মনত ৰোৱা বিষয়সমূহতকৈ অসুবিধা পোৱা বিষয়সমূহ পঢ়িবলৈ অধিক সময় নির্ধাৰণ কৰিব লাগে৷
* পৰীক্ষাৰ বাবে প্রস্তুতি চলাবৰ বাবে আগতীয়াকৈ সুন্দৰভাৱে পৰিকল্পনা কৰি ল’ব লাগে যাতে কোনো বিষয় পঢ়িবলৈ সময়ৰ অভাৱত থাকি নাযায়৷
* সকলোৰে পঢ়া আৰু মনত ৰখাৰ কৌশল বেলেগ বেলেগ৷ কোনোৱে লেখি মনত ৰাখে আন কোনোৱে আকৌ শব্দ কৰি পঢ়ে৷ পঢ়াৰ ধৰণ যেনেকুৱাই নহওক বিষয়বস্তু বুজাৰ ওপৰত গুৰুত্ব দিব লাগে৷ পঢ়াখিনি চৌবিশ ঘণ্টাৰ ভিতৰত এবাৰ মনত পেলাব লাগে আৰু তেনে কৰোতে পাহৰি যোৱা অংশসমূহ লগে লগে পুনৰাই চাব লাগে৷
* মনত ৰাখিবৰ বাবে কিছুমান বিশেষ কৌশলৰ সহায় ল’ব পাৰে৷ যেনে চার্ট আৰু ৰিডমৰ ব্যৱহাৰ৷ সংজ্ঞা, ফর্মূলা আদি একোএকোখন চার্ট বনাই সদায় চকুত পৰাকৈ ৰাখিব লাগে৷ ঠিক তেনেদৰে প্রশ্ণোত্তৰ বা পেৰেগ্রাফৰ পৰা লোৱা বর্ণ কিছুমান বিশেষ ক্রমত নিজেই সজাই লৈ মনত ৰাখিবলৈ চেষ্টা কৰিব পাৰি৷
* পঢ়া কথাখিনি বুজি পোৱা বা মনত ৰৈছেনে নাই জনাৰ এক ভাল উপায় হৈছে নিজকে নিজে পৰীক্ষা লোৱা৷ পৰীক্ষাত অহাৰ দৰে প্রশ্ণকাকত প্রস্তুত কৰি নির্দিষ্ট সময়ৰ ভিতৰত সম্পূর্ণ কৰিবলৈ চেষ্টা কৰিব পাৰে৷ এনে অভ্যাসে নিজৰ সীমাবদ্ধতাসমূহ কম কৰাৰ লগতে পৰীক্ষাত বহাৰ প্রতি ভয় কম কৰাত সহায় কৰে৷
* পঢ়াৰ মাজে মাজে চমু বিৰতি অতি গুৰুত্বপূর্ণ৷ একেৰাহে পঢ়ি থাকিলে পঢ়া বিষয়টো আমদানিদায়ক হৈ পৰে৷ তদুপৰি এটা বস্তু পঢ়ি লগে লগে আন এটা বস্তু পঢ়িলে মগজুৱে তাক গ্রহণ কৰিবলৈ অসুবিধা পায়৷ ফলত আগতে পঢ়াখিনিত পিছত পঢ়াখিনিয়ে ছাঁ পেলাই মনত ৰখাৰ অন্তৰায় হিচাপে থিয় দিয়ে আৰু পঢ়োতাই পঢ়াখিনিৰ কিছু অংশ পাহৰি যায়৷
* এটা বিষয় পঢ়ি থাকোতে আগতে পঢ়া বিষয়টো মনত পেলাই থাকিব নালাগে৷ তেনে কৰিলে দুয়োটা বিষয়েই খেলিমেলি হৈ পৰে আৰু পৰীক্ষাত লিখিবলৈ লওঁতে মনত পেলাবলৈ অসুবিধা হয়৷
* যিবোৰ পৰিৱেশিক কাৰকে পঢ়াত বাধা জন্মায় তেনে কাৰকৰ পৰা পৰাপক্ষত আঁতৰি থাকিব লাগে৷ উদাহৰণ স্বৰূপে ম’বাইল ফোন, টিভি ইত্যাদি৷ পঢ়াৰ পৰিৱেশ বর্তাই ৰখাৰ ক্ষেত্রত অভিভাৱক সকলো সংযম আৰু সচেতন হোৱা দৰকাৰ৷
* ব্যক্তিবিশেষে অভিৰুচি আৰু সক্ষমতা বেলেগ বেলেগ হয়৷ সেয়ে বিষয় নির্বাচন সঠিকভাৱে কৰা উচিত৷ উদাহৰণ স্বৰূপে অংক টান পোৱা ছাত্র এজনক বিজ্ঞান শাখাত নামভর্তি কৰি দিলে ভাল ফলাফল লাভ কৰাত অসমর্থ হ’ব পাৰে৷ এইক্ষেত্রত কেতিয়াও অভিভাৱকে হেঁচা প্রয়োগ কৰিব নালাগে৷ প্রয়োজন সাপেক্ষে কেৰিয়াৰ কাউন্সেলৰ বা মনোবিজ্ঞানীৰ ওচৰত অভিৰুচি নির্ণায়ক পৰীক্ষাৰ সহায় ল’ব পাৰে৷ সুষম আহাৰ আৰু পর্যাপ্ত পৰিমাণে পানী পৰীক্ষার্থীৰ সুস্থ শৰীৰৰ বাবে সকলোতকৈ গুৰুত্বপূর্ণ৷ পৰীক্ষাৰ দিনকেইটা জাংক ফুড বা আন বাহিৰা খাদ্য গ্রহণ কৰাটো উচিত নহয়৷
* প্রার্থনা বা ধ্যানে আমাক মনোযোগ ভাল কৰাত সহায় কৰে৷ ইয়াত প্রার্থনা বা ধ্যান বুলি পঢ়াৰ আগতে ক্ষন্তেক সময়ৰ বাবে কৰা মনঃসংযোগক বুজোৱা হৈছে৷
* যিহেতু আজিকালি ল’ৰা–ছোৱালীয়ে খেলা–ধূলা কৰিবলৈ সময় কম পায়৷ সেয়ে নিয়মিত কিছুমান সূক্ষ্ম ব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ ই দেহ–মনক সতেজ কৰি পঢ়াৰ উদ্যম বৃদ্ধিত কৰাৰ সহায় কৰে৷
* সুন্দৰ টোপনি ছাত্র–ছাত্রীৰ বাবে অতি প্রয়োজনীয়৷ বহু সময়ত ছাত্র–ছাত্রীক প্রয়োজনতকৈ অতি কম সময় শুই পঢ়া–শুনা কৰা দেখা যায়৷ কিন্তু যদি মগজুৱে প্রয়োজনীয় জিৰণি নাপায় তেন্তে পঢ়াখিনি সঠিকভাৱে মনত নৰ’ব৷ আনহাতে, বহু ছাত্র–ছাত্রীয়ে ম’বাইল বা ইণ্টাৰনেটৰ অপ্রয়োজনীয় ব্যৱহাৰ কৰি টোপনি ক্ষতি কৰে৷ এনে কৰাৰ পৰা বিৰত থকা উচিত৷
পৰীক্ষাৰ দিনা ছাত্র–ছাত্রীয়ে মনত ৰাখিব লাগিব কেইটামান কথা
* পৰীক্ষাৰ বাবে প্রয়োজনীয় সকলো সঁজুলি (এডমিট কার্ড, কলম, পেঞ্চিল আদি) আগতীয়াকৈ যোগাৰ কৰি ৰখা আৰু কোনো কাৰণে নিবলৈ নাপাহৰা, পৰীক্ষাৰ আগদিনা সময়তালিকা পুনৰাই চোৱা৷ পৰীক্ষালৈ যোৱাৰ আগতে আহাৰ গ্রহণ, আগদিনা ৰাতি টোপনি ক্ষতি নকৰা৷ এইক্ষেত্রত অভিভাৱকৰ সজাগতা সমানে গুৰুত্বপূর্ণ৷
* পৰীক্ষা আৰম্ভ হোৱাৰ কমেও আধা ঘণ্টা আগত পৰীক্ষা হলত উপস্থিত হোৱা, উত্তৰ বহীত পৃষ্ঠা নম্বৰ লিখা যাতে জমা দিবৰ সময়ত অসুবিধা নহয়৷
* প্রশ্ণকাকতৰ প্রশ্ণসমূহৰ উত্তৰ লিখিবলৈ প্রথমেই গাইপতি প্রশ্ণৰ নম্বৰ অনুসৰি সময় নির্ধাৰণ কৰি লৈ সেইমতে উত্তৰ কৰিবলৈ চেষ্টা কৰিব লাগে৷ উদাহৰণ স্বৰূপে ৫০ নম্বৰৰ এঘণ্টাৰ পৰীক্ষাত ১০ নম্বৰৰ দুটা প্রশ্ণৰ বাবে গাইপতি ১২ মিনিটকৈ, ৫ নম্বৰৰ চাৰিটা প্রশ্ণৰ বাবে গাইপতি পাঁচ মিনিটকৈ, ১ নম্বৰৰ দহটা প্রশ্ণৰ বাবে মুঠ ১০ মিনিট আৰু বাকী চাৰি মিনিট উত্তৰবহী পুনৰাই চাবৰ বাবে৷
* নিজক শান্ত কৰি ৰখা আৰু কোনো কাৰণতে আগতে হৈ যোৱা পৰীক্ষাৰ কথা নভবা৷
আৰম্ভণিতে কোৱা সাধুটোৰ দৰে দূৰদর্শিতা আৰু সময়োচিত সিদ্ধান্ত সফলতাৰ বাবে বৰ প্রয়োজন৷ সন্তানক যোগ্যতাক নম্বৰেৰে জোখাৰ যি অশুভ পৰম্পৰা আৰম্ভ হৈছে তাক আঁতৰোৱা উচিত৷ অভিভাৱকৰ দূৰদর্শিতাই ছাত্র–ছাত্রীক সুস্থিৰ শৈক্ষিক সিদ্ধান্ত আৰু সন্তুলিত প্রস্তুতিত সহায় কৰিব৷

You might also like