নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীতৰ সুমিষ্ট ফল সুমথিৰা

সুমথিৰা বা কমলা টেঙা এবিধ শীতকালীন সুমিষ্ট ৰসাল ফল৷ ইয়াৰ বৈজ্ঞানিক নামCitrus Sinensis৷ শিশুৰ পৰা বৃদ্ধলৈকে সকলো বয়সৰ মানুহে কমলা খাই ভাল পায়৷ শীতকালি ৰ’দত বহি কমলা খোৱাৰ আমেজেই সুকীয়া৷ বিশেষকৈ বনভোজৰ সময়ত প্রতিটো বনভোজ দলে কমলা নিয়াটো যেন এটা পৰম্পৰা৷ বনভোজলৈ যাওঁতে লগৰীয়াৰ লগত কথাৰ মহলা মাৰি নিমখ, জলকীয়া সানি জুতি লগাই কমলা খাবলৈ কি যে ভাল লাগে৷ গৰমৰ দিনকেইটাত খোৱাৰ বাবে কমলাৰ ৰস চৰবত হিচাপে সংৰক্ষণ কৰি থ’ব পাৰি৷ ইয়াৰ উপৰি বিভিন্ন কোম্পানীয়ে প্রস্তুত কৰা সুস্বাদু কমলাৰ চৰবতে গৰমৰ দিনত দেহা শাঁত পেলায়৷ বহুতে কমলা ভাতৰ লগতো চেপি খায়৷ কমলাৰে বিভিন্ন জুতিৰ মাছ–মঙহ ৰন্ধাৰ উপৰি কেক, আইচক্রীম, পুডিং আদিও বনোৱা হয়৷ কমলাৰ ৰসৰ উপৰি ইয়াৰ বাকলি বিভিন্ন খাদ্যত সুগন্ধি হিচাপে ব্যৱহাৰ কৰিব পাৰি৷ সৰুৰে পৰা আমাৰ ঘৰবোৰত তৈয়াৰ কৰা অসমীয়া পিঠা–পনাত কমলাৰ বাকলি ব্যৱহাৰ কৰা দেখি আহিছোঁ৷ কমলাৰ বাকলি ৰ’দত শুকুৱাই সংৰক্ষণ কৰি থোৱা হয়৷ সৌন্দর্য ৰক্ষাতো কমলাৰ বাকলি ব্যৱহাৰ কৰা হয়৷ ইয়াৰ ব্যৱহাৰে ছাল উজ্জ্বল আৰু মসৃণ কৰে৷
টেঙা–মিঠা সোৱাদৰ সুমথিৰা অসমত প্রচুৰ পৰিমাণে উৎপাদন হয়৷ প্রায় নৱেম্বৰ মাহৰ পৰা ফেব্রুৱাৰী মাহলৈকে অসমত উৎপাদিত কমলাই বজাৰ দখল কৰি থাকে৷ অৱশ্যে ভূটান, মেঘালয় আদিৰ পৰাও অসমৰ বজাৰলৈ কমলা টেঙা আমদানি হয়৷ উত্তৰ–পূর্বাঞ্চলৰ মাটি আৰু জলবায়ু কমলা খেতিৰ বাবে উপযুক্ত৷ বর্তমান কমলাৰ চাহিদাৰ প্রতি লক্ষ্য ৰাখি বহুতো কৃষকে কমলাৰ খেতি কৰি স্বাৱলম্বী হ’ব পাৰিছে৷ ভাৰতৰ বিভিন্ন প্রদেশৰ উপৰি আমেৰিকা যুক্তৰাষ্ট্র, চীন আৰু মেক্সিকো আদি দেশতো সুমথিৰা যথেষ্ট পৰিমাণে উৎপাদন হয়৷ ব্রাজিল হৈছে বিশ্বৰ আটাইতকৈ বেছি কমলা উৎপাদনকাৰী দেশ৷
চাইট্রাছ প্রজাতিৰ কমলা টেঙা ভিটামিন চিৰ ভাণ্ডাৰ৷ ইয়াৰ কোঁহবোৰ আঁহযুক্ত হোৱা বাবেই ই কোষ্ঠকাঠিন্য দূৰ কৰে আৰু হজম শক্তি বৃদ্ধি কৰে৷ কমলাত থকা বিভিন্ন খাদ্যপ্রাণ, ভিটামিন এ, ভিটামিন বি, মেগনেছিয়াম, পটাছিয়াম আদিৰ উপস্থিতিৰ বাবে ই শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷
কমলাত থকা পটাছিয়ামৰ বাবে ই আমাৰ ৰক্তচাপ নিয়ন্ত্রণত ৰাখে৷ ই মানুহৰ হূদযন্ত্র সবল কৰে আৰু ষ্ট্রোকৰ সম্ভাৱনা দূৰ কৰে৷
ভিটামিন চি সমৃদ্ধ কমলাত এণ্টিক্সিডেণ্ট থকা বাবে ই কর্কট ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ কমলা টেঙা আমাৰ ছালৰ বাবে মহৌষধ৷ কমলাত থকা বিভিন্ন উপাদানে ছালৰ বিভিন্ন ৰোগ প্রতিৰোধ কৰিব পাৰে৷ ই ছালৰ বলিৰেখা অহাত বাধা দিয়ে৷ কমলাৰ ৰসে মুখ, জিভা আৰু শৰীৰৰ বিভিন্ন অংশত হোৱা ঘা নিৰাময় কৰে৷
কমলাই আমাৰ পেশী সবল কৰাত সহায় কৰে৷ শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে আৱশ্যকীয় বিভিন্ন উপাদান কমলাত পোৱা যায়৷
কমলাই ৰক্তহীনতা দূৰ কৰে৷ কমলাৰ ৰস নিয়মীয়াকৈ সেৱন কৰি এনিমিয়াৰ পৰা হাত সাৰি থাকিব পাৰি৷ গর্ভৱতী মহিলাৰ বাবে কমলা অতি উপকাৰী৷
কমলাৰ ইমানবোৰ উপকাৰিতাৰ প্রতি লক্ষ্য ৰাখি আমি সকলোৱে পর্যাপ্ত পৰিমাণে বতৰৰ ফল কমলা খাই আমাৰ শৰীৰ সবল কৰি তোলোঁ আহক৷

You might also like