নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলঝেইমাৰঃ কি কাৰণত হ’ব পাৰে এনে ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ কি?

জোনাকী দেৱী কাশ্যপ

আলঝেইমাৰ হৈছে এক বার্ধক্যজনিত স্নায়ৱিক অৱক্ষয়মূলক ৰোগ৷ বার্ধক্য অহাৰ লগে লগে আমাৰ মগজুৰ প্রখৰতা পূর্বৰ তুলনাত কমি আহে৷ বয়স বাঢ়িলে মস্তিষ্কৰ ভিতৰৰ গঠনত কিছু পৰিৱর্তন হয়৷ মস্তিষ্কৰ ভিতৰত থকা ‘গ্রে মেটাৰ’ আৰু ‘হোৱাইট মেটাৰ’ৰ পৰিমাণ কমি আহে, মস্তিষ্কৰ বাঁওফালৰ‘টেম্পোৰেল লোব’ৰ কিছু পৰিৱর্তন হোৱাৰ বাবে স্মৃতিৰ সমস্যা বাঢ়ে৷ একেদৰে স্মৃতিশক্তি ধৰি ৰখা ‘হিপোকেম্পাছ’ অংশটোৰো পৰিৱর্তন হোৱা বাবে আলঝেইমাৰ ৰোগ হয়৷

সেইবুলি বার্ধক্যৰ লগে লগে সকলোৰে যে আলঝেইমাৰ হ’ব, সেই কথা নিশ্চয় নহয়৷ বিশ্বৰ প্রায় ২ শতাংশ ৬০ বয়সৰ ঊর্ধ্বৰ ব্যক্তি এই ৰোগত ভোগা দেখা যায়৷ চিকিৎসা বিজ্ঞানীসকলৰ মতে, ৬৫ বছৰৰ পিছত তিনিৰ পৰা ঊনৈশ শতাংশ মানুহৰ স্মৃতিশক্তি দুর্বল হৈ পৰে৷ এওঁলোকৰ পিছলৈ আলঝেইমাৰ হোৱাৰ সম্ভাৱনা থাকে৷

আলঝেইমাৰ ৰোগীয়ে সদায় দেখি থকা বস্তুবোৰৰ নাম পাহৰি যায়৷ কিছু সময় আগতে কৰা কামবোৰ আৰু কোৱা কথাবোৰ মনত নাথাকে৷ কেতিয়াবা খঙত আক্রমণাত্মক হৈ উঠে আৰু কেতিয়াবা সৰু ল’ৰা–ছোৱালীৰ নিচিনা মৰম আকলুৱা হৈ পৰে৷
আলঝেইমাৰ হ’ব পৰা কাৰণ–
–বংশগতভাৱে হোৱাৰ সম্ভাৱনা থাকে৷
–মানসিক অৱসাদ, মানসিক চাপ আদি কাৰকবিলাকেও আলঝেইমাৰ সৃষ্টি কৰিব পাৰে৷
–যিসকল লোক বন্ধু–বান্ধৱহীন, আত্মীয়–স্বজনৰ লগত যোগাযোগ নাৰাখি নিঃসংগ হৈ থাকে, তেওঁলোকৰ আলঝেইমাৰ হোৱাৰ সম্ভাৱনা অধিক৷
–মানসিক ৰোগৰ কিছুমান ঔষধ, টোপনিৰ ঔষধ আদি আলঝেইমাৰ হোৱাৰ কাৰণ হ’ব পাৰে৷
–শৰীৰৰ অতিৰিক্ত ওজন, হাইপাৰথাইৰয়ডিজম বা উচ্চ ৰক্তচাপৰ বাবেও আলঝেইমাৰৰ সম্ভাৱনা বাঢ়ে৷ আলঝেইমাৰ ৰোগীৰ কেইটামান বিশেষ লক্ষণ– গৰম–ঠাণ্ডা, দিন–ৰাতিৰ পার্থক্য ধৰিব নোৱাৰে৷
–কোনো অলীক দৃশ্য দেখা বুলি কয়৷
–মৃত মানুহক জীয়াই থকা বুলি বিচাৰি ফুৰে আৰু কেতিয়াবা জীৱিত মানুহকো মৃত বুলি ভাবি লয়৷
–নিজে নিবিচাৰিলে জোৰ কৰি খুওৱা–ধুওৱা কৰিব নোৱাৰি৷ চিঞৰ–বাখৰ অথবা গালি–গালাজো কৰিব পাৰে৷
–অনির্দিষ্টভাৱে ঘূৰি ফুৰে৷ একেটা কামকে বাৰে বাৰে কৰি থাকে৷

চিকিৎসা কৰিলেও আলঝেইমাৰ ৰোগ ভাল নহয়৷ কিন্তু আৰম্ভণিতে ধৰা পৰিলে উপযুক্ত চিকিৎসা পাই থাকিলে ৰোগীজন সুস্থ হৈ থকাত সহায় হয় আৰু ৰোগীৰ অৱস্থা অধিক শোচনীয় হোৱাৰ পৰা ৰক্ষা পৰে৷ আলঝেইমাৰ ৰোগৰ চিকিৎসাৰ বাবে অকল ঔষধৰ ওপৰত ভৰসা কৰিলেই নহয়, ৰোগীৰ পৰিচর্যাৰ ওপৰতো অধিক গুৰুত্ব দিয়া প্রয়োজন৷ পৰিয়ালৰ লোকসকলৰ কৰণীয় কিছু কথা তলত উল্লেখ কৰিলোঁ–
–ঘৰৰ সদস্যসকলৰ ব্যৱহাৰত ব্যক্তিজনে যাতে কোনো মানসিক আঘাত নাপায়, তাৰ প্রতি নজৰ ৰাখিব লাগে৷
–ৰোগীক এক নির্দিষ্ট ৰুটিন মানি চলিবলৈ দিব লাগে৷ তেতিয়া ৰোগীৰ সময়ৰ ওপৰত নিয়ন্ত্রণ থাকিব৷
–কম পৰিমাণত খোৱা চর্বিজাতীয় আহাৰ অ’মেগা–৩ ফেটি এচিড, মাছৰ তেল, ফলৰ ৰস, শাক–পাচলি, চালাদ, ভিটামিন ‘চি’, ভিটামিন ‘ই’, বি–১২ থকা আহাৰ আলঝেইমাৰ ৰোগীৰ বাবে উপকাৰী৷
–মাজে সময়ে পুৰণি কথা, পুৰণি ছবি আদি উলিয়াই দেখুৱাব লাগে৷ তেনে কৰিলে ব্যক্তিজনৰ স্মৃতিশক্তি সবল হৈ থাকে৷
–নিয়মীয়াকৈ ব্যায়াম আৰু খোজকঢ়া এনে ব্যক্তিৰ বাবে সুফলদায়ক৷
–কর্মব্যস্ততা থাকিলে আলঝেইমাৰৰ প্রকোপ কমে৷

১৯৬৪ চনত আলঝেইমাৰ ৰোগীসকলক সহায় কৰাৰ অর্থে বিশ্ব আলঝেইমাৰ সংস্থাৰ জন্ম হয়৷ এই সংস্থাটোৰ তত্ত্বাৱধানত ২০১১ চনৰ পৰা সমগ্র বিশ্বতে আলঝেইমাৰ ৰোগ তথা ৰোগীৰ যত্নৰ বাবে সজাগতা আনিবলৈ প্রতিবছৰে ছেপ্ঢেম্বৰ মাহটো বিশ্ব আলঝেইমাৰ সজাগতা মাহ হিচাপে পালন কৰা হয়৷ ২১ ছেপ্টেম্বৰৰ দিনটো বিশ্ব আলঝেইমাৰ দিৱস হিচাপে পালন কৰি অহা হৈছে৷

সক্রিয় হৈ থাকি পুষ্টিকৰ আহাৰ গ্রহণ কৰিলে আলঝেইমাৰ ৰোগৰ প্রভাৱ অলপ কমাব পাৰি৷ আলঝেইমাৰ ৰোগ সম্পূর্ণ নিৰাময় কৰিব নোৱাৰি যদিও উপযুক্ত চিকিৎসা কৰালে আৰু পৰিয়ালৰ লোকে যথোচিত আদৰ–যত্ন ল’লে ৰোগীৰ মন আনন্দত থাকে, আত্মবিশ্বাস অটুট থাকে৷ পৰিয়ালৰ লোকৰ সহযোগিতা পালে আলঝেইমাৰ ৰোগীয়ে জীয়াই থকাৰ আনন্দ বিচাৰি পায়৷ আলঝেইমাৰ ৰোগীৰ লগতে ৰোগীৰ আত্মীয়সকল সজাগ হৈ থকা প্রয়োজন৷ ৰোগীজনক যিকোনো কামত ব্যস্ত ৰাখিবলৈ যত্ন কৰিব লাগে৷ শিশুৰ পৰিচর্যা কৰাৰ নিচিনাকৈ আলঝেইমাৰ ৰোগীৰো পৰিচর্যা কৰাটো জৰুৰী৷

You might also like