নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমলাবাৰীত ক্ৰিকেট গ্ৰাউণ্ড আৰু এটা পেভিলিয়নৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ মাজুলীৰ কমলাবাৰীত অসম ক্ৰিকেট সন্থাৰদ্বাৰা নিৰ্মাণ হ’বলগীয়া আছুতীয়া ক্ৰিকেট গ্ৰাউণ্ড আৰু এটা পেভিলিয়নৰ আজি আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

লগতে পঢ়কঃ ১ জানুৱাৰীৰ পৰা ৰাজ্যত খুলিব প্ৰাথমিক বিদ্যালয়সমূহ 

এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়- “অসমৰ ক্ৰীড়াক্ষেত্ৰত যুৱ প্ৰতিভাক উপযুক্ত প্লেটফৰ্ম দিয়াত আমি সদায় অগ্ৰাধিকাৰ দি আহিছোঁ। এই দিশত নতুন সংযোজনেৰে মাজুলীৰ কমলাবাৰীত অসম ক্ৰিকেট সন্থাৰদ্বাৰা নিৰ্মাণ হ’বলগীয়া আছুতীয়া ক্ৰিকেট গ্ৰাউণ্ড আৰু এটা পেভিলিয়নৰ আজি আধাৰশিলা স্থাপন কৰোঁ। এই পদক্ষেপে মাজুলীৰ উদীয়মান ক্ৰিকেটাৰসকলক যথেষ্ট উৎসাহিত আৰু উপকৃত কৰিব বুলি আশা ৰাখিছোঁ।”

You might also like