কিয় এবাৰ ব্যৱহৃত তেল পুনৰ ব্যৱহাৰ কৰিব নালাগে ?
আমি প্ৰায়ে এবাৰ ব্যৱহাৰ কৰা তেল পুনৰ ব্যৱহাৰ কৰো। কিন্তু এনে কৰা অনুচিত। কিয়নো ভজা তেল বাৰে বাৰে ব্যৱহাৰ কৰিলে গুৰুতৰ ৰোগ হ’ব পাৰে।
গৱেষণাত প্ৰমাণিত হৈছে যে বাৰে বাৰে ব্যৱহৃত ৰন্ধন তেল খোৱাটোৱে শৰীৰত ফ্ৰী ৰেডিকেল বৃদ্ধি কৰে। যি ৰোগৰ আশংকা বৃদ্ধি কৰে। FSSAI (ফুড ছেফটি এন্ড ষ্ট্যান্ডার্ডছ অথৰিটি অফ ইন্ডিয়া)ৰ নিৰ্দেশনা অনুসৰি, ভজা তেল পুনৰ ব্যৱহাৰ কৰিব নালাগে। ট্ৰেন্স চৰ্বি পৰিহাৰ কৰিবলৈ ৩ বাৰতকৈ অধিক ব্যৱহৃত তেল খাব নালাগে।
বিশেষজ্ঞসকলে কয় যে আপুনি ৰন্ধনত ব্যৱহৃত তেল কিমান বাৰ ব্যৱহাৰ কৰিব পাৰে সেয়া নিৰ্ভৰ কৰে- কেনে ধৰণৰ তেল, কেনে ধৰণৰ খাদ্য ভজা হৈছে, কিমান সময় গৰম কৰা হৈছে আৰু কিমান তাপমাত্ৰাত সেয়া গৰম কৰা হৈছে তাৰ ওপৰত।
উচ্চ তাপমাত্রাত উত্তপ্ত তেলৰ পৰা বিষাক্ত ধোঁৱা নির্গত হয়।
বাৰে বাৰে ব্যৱহাৰ কৰিলে তেলৰ পৰা দুৰ্গন্ধ ওলায়।
এই ৰন্ধা তেলে শৰীৰত কলেষ্টেৰলৰ স্তৰ বৃদ্ধি কৰে।