নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সূৰ্যৰ ৰ’দত থাকক দিনে ১৫ মিনিট, ছমাহ পিছতে পাব ফলাফল

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ আজিকালি আমি ঘৰৰ ভিতৰৰ পৰা জিৰণি লওঁ। কিন্তু ৰাতিপুৱা সূৰ্যৰ পোহৰে আমাৰ স্বাস্থ্যত পেলায় এক বিশেষ প্ৰভাৱ। সেয়ে প্ৰতিদিনে পুৱা ১৫ মিনিটৰ বাবে ৰ’দত থকাটো ভাল।

প্ৰতিদিনে ১৫মিনিটকৈ পুৱাৰ ৰ’দ ল’লে কি হয়-

১. অনিদ্ৰাৰ পৰা মুক্তি দিয়ে। সূৰ্যৰ তেজে শৰীৰত মেলাটোনিন প্ৰস্তুত কৰাত সহায় কৰে, যি ভাল টোপনি অহাত সহায় কৰে।

২. ৩০ বছৰতকৈ অধিক বয়সৰ লোকসকলৰ বাবে সূৰ্যৰ ৰ’দত থকা ভিটামিন ডিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, কিয়নো ই শৰীৰত কেলছিয়াম উন্নতভাৱে শোষণ কৰাত সহায় কৰে আৰু আপোনাৰ হাড় আগতকৈ অধিক শক্তিশালী কৰে।

৩. ভিটামিন ডিয়ে চকু ভাল ৰখাত সহায় কৰে। ভিটামিন ডিৰ উপস্থিতি শৰীৰৰ ডায়েবেটিচ নিয়ন্ত্রণ কৰাত সাহায্য কৰে।

৪. নিয়মিতভাৱে সূৰ্যৰ ৰ’দত ধুলে আপোনাৰ মন-মেজাজ ভালে থাকে। লগতে ই ছালো উজ্জ্বল কৰে।
৫. এটি সমীক্ষা অনুসৰি দেখা গৈছে যে উজ্জ্বল ৰ’দে আলঝেইমাৰ ৰোগীৰ হতাশা তথা পাহৰি যোৱাৰ লক্ষণ কমাই পেলায়।

You might also like