নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত এদিনত ২,৭৩,৮১০গৰাকী সংক্ৰমিত, দিল্লীত আজিৰ পৰা লকডাউন

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ ভাৰতত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে নতুন অভিলেখ সৃষ্টি কৰিছে। এদিনত ২,৭৩,৮১০গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ লগতে ১,৬১৯গৰাকী লোকৰ মৃত্যু হৈছে ক’ৰোনাত।

ইফালে, ক’ৰোনা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আজি নিশা ১০ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ দিল্লীত ৬দিনীয়া লকডাউন আৰম্ভ হ’ব। এন ডি টি ভিৰ এক প্ৰতিবেদন মতে, মহাৰাষ্ট্ৰত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা সৰ্বাধিক।

ইয়াৰ লগতে বিহাৰ, ৰাজস্থান, তামিলনাডু আৰু মণিপুৰত নতুন নিষেধাজ্ঞা ঘোষণা কৰা হৈছে। নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰফিউ জাৰি কৰা হৈছে। বিহাৰত শ্বপিং মল, বিদ্যালয়, চিনেমা হল আৰু ধৰ্মীয় উপাসনা কেন্দ্ৰ ১৫ মে’লৈকে বন্ধ থাকিব।

স্বাস্থ্য মন্ত্ৰালয়ে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ চলি থাকিলেও ৰাজ্যসমূহত টিকাকৰণ কাৰ্যসূচী চলি থাকিব বুলি কালি ঘোষণা কৰিছে। আনহাতে অসমতো ক’ৰোনাৰ প্ৰকোপ পূৰ্বতকৈ অধিক হাৰত বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। অসমত বিগত ২৪ ঘণ্টাত ৬৩৯টা ক’ৰোনা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে।

You might also like