নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃদুগ্ধৰ জৰিয়তে কেঁচুৱাৰ শৰীৰত গঢ়ি উঠিছে ক’ৰোনা প্ৰতিৰোধ ক্ষমতাঃ সমীক্ষা

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ অবিশ্বাস্য ঘটনা! ক’ৰোনাৰ এণ্টিবডী মাতৃৰ শৰীৰৰ পৰা শিশুৰ শৰীৰলৈ যায়। এটা শেহতীয়া অধ্যয়নত এই আচৰিত তথ্য প্ৰকাশ পাইছে। মাতৃদুগ্ধ পান কৰোঁতে এণ্টিবডীবোৰ মাতৃৰ শৰীৰৰ পৰা গাখীৰৰ জৰিয়তে শিশুটিৰ শৰীৰলৈ যায়। অৱশ্যে মাতৃয়ে তাৰ বাবে ক’ভিড ভেকছিন ল’ব লাগিব।

অধ্যয়নত কোৱা হৈছে যে ভেকছিন গ্ৰহণ কৰা এগৰাকী মাতৃয়ে কেঁচুৱাৰ শৰীৰত ৮০ দিনলৈকে মাতৃদুগ্ধৰ জৰিয়তে সুৰক্ষামূলক এণ্টিবডী প্ৰদান কৰিব পাৰে।

গৱেষণাই কৈছে যে মাতৃৰ গাখীৰত থকা আইজিএ আৰু আইজিজি এণ্টিবডীয়ে শিশুৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিছে। টিকাকৰণৰ প্ৰথম পালি গ্ৰহণ কৰাৰ পিছতহে ঘটিছে এই অবিশ্বাস্য ঘটনাটো। লগতে এণ্টিবডীবোৰ উচ্চ স্তৰত আছে বুলিও বিজ্ঞানীসকলে জনাইছে।

আমেৰিকান জাৰ্নেল অফ প্ৰচেছট্ৰিক্স এণ্ড গাইনোকোলজীত প্ৰকাশিত এক অধ্যয়ন অনুসৰি, IgA আৰু IgG এণ্টিবডী প্ৰথম টিকাকৰণৰ ১৪ ৰ পৰা ২০ দিনৰ ভিতৰত ৰোগ প্ৰতিৰোধ প্ৰণালীৰ স্তৰত উপনীত হয়।

উল্লেখ্য যে পাঁচগৰাকী মাতৃয়ে এই অধ্যয়নটোত অংশগ্ৰহণ কৰিছিল। যাৰ দুটা পালি ফাইজাৰ-বায়োএনটেক ক’ৰোনা ভাইৰাছ ভেকছিন গ্ৰহণ কৰিছিল। মাতৃদুগ্ধৰ নমুনাবোৰ সেইবোৰৰ পৰা লোৱা হয়। তেওঁলোকক সাপ্তাহিক ভিত্তিত ৮০ দিনৰ বাবে ট্ৰেক কৰা হয়।

অৱশ্যে, এই বিষয়ে গৱেষণা এতিয়াও চলি আছে। কিয়নো শিশুসকল কিমান সুৰক্ষিত হ’ব সেয়া চাবলৈ বাকী আছে। তেওঁলোকৰ শৰীৰত কিমান সময় এণ্টিবডী আছে, বা ইয়াৰ প্ৰভাৱত কি ঘটিছে সেয়া নিৰীক্ষণ কৰাৰ প্ৰয়োজন আছে।

You might also like