নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙা মঙলত পোহৰ বিচ্ছুৰিত কৰা সেউজীয়া শিল, চৰম কৌতূহলী নাছা

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ মঙল গ্ৰহ ৰঙা বুলি আমি জানো। তাত থকা মাটিও ৰঙা। শিলৰ ৰঙো ৰঙা। সেয়ে ইয়াক ৰঙা গ্ৰহ বুলিও আমি জানো। কিন্তু শেহতীয়াকৈ নাছাৰ বিজ্ঞানীসকলে মঙলত ধৰা পেলাইছে এটি জিলিকি থকা সেউজীয়া শিল।

উজ্জ্বল সেউজীয়া শিলটোৰ দৃশ্য পাৰ্ছিভাৰেন্স ৰোভাৰে নাছালৈ পঠিয়াই দিয়াৰ পিছত বিজ্ঞানীসকলে ৰঙা গ্ৰহটোত সেউজীয়া শিলটো ক’ৰ পৰা আহিছে তাক লৈ যথেষ্ট কৌতূহলী হোৱা দেখা গৈছে।

এই সেউজীয়া শিলটো কেনেকৈ গ্ৰহটোলৈ আহিল বা ই গ্ৰহটোতে উৎপত্তি হৈছে নে কি সেই ৰহস্য এতিয়াও অজানা হৈ আছে। সেউজীয়া পোহৰ বিচ্ছুৰিত কৰা এই শিলটোক লৈ কোনো সম্ভাৱনা বিজ্ঞানীয়ে ব্যক্ত কৰা নাই যদিও ই আন গ্ৰহৰ পৰা অহা উল্কাৰ খণ্ডিত অংশ নহয় বুলিও নিশ্চিত কৰা নাই।

এই শিলটোৰ বিভিন্ন কোণৰ পৰা ফটো তোলা হৈছে। নাছাৰ সূত্ৰ অনুসৰি শিলটো প্ৰায় ৬ ইঞ্চি দীঘল। শিলটোত সেউজীয়া স্ফটিক আছে, যি পোহৰ পৰিলে জিলিকি উঠে। উল্লেখ্য যে নাছাৰ মাৰ্চ পাৰ্চেভাৰেন্স ৰভাৰে ১৮ ফেব্ৰুৱাৰীত মঙল গ্ৰহত অৱতৰণ কৰিছিল। ইয়াৰ উদ্দেশ্য হৈছে ইয়াত জীৱন আছে নে নাই বিচাৰি উলিওৱা।

You might also like