নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৰায়ুৰ মুখৰ কেঞ্চাৰ

  • ডাঃ বিক্রম কুমাৰ ডেকা

 

আজিৰ লেখাৰ বিষয়টোও নাৰীদেহত হোৱা এবিধ কেঞ্চাৰ ৰোগৰ বিষয়েই৷ নাৰী এগৰাকীৰ দেহত সৃষ্টি হোৱা অন্যান্য কেঞ্চাৰ ৰোগৰ ভিতৰত বহুলভাৱে দেখা দিয়া কেঞ্চাৰৰ মাজত চাৰি নম্বৰতেই চার্ভিকেল কেঞ্চাৰ৷ তথ্য অনুসৰি, প্রতিবছৰেই বিশ্বব্যাপী প্রায় অর্ধ মিলিয়নসংখ্যক নাৰী এই ৰোগত আক্রান্ত হয়৷ আৰু সমগ্র বিশ্বব্যাপী কেঞ্চাৰৰ ফলত মৃত্যু হোৱা নাৰীৰ পৰিসাংখ্যিক হিচাপৰ ক্ষেত্রতো চার্ভিকেল কেঞ্চাৰ দ্বিতীয়বিধ কাৰণ৷ প্রতিবছৰেই বিশ্বজুৰি আক্রান্ত হোৱা ৫০০,০০০ নতুন চার্ভিকেল কেঞ্চাৰ ৰোগীৰ মাজৰ ৭৫শতাংশয়েই মূলতঃ উন্নয়নশীল দেশসমূহৰ ৰোগী৷ ভাৰততো সাধাৰণ জনসংখ্যাৰ ৫ শতাংশ নাৰীয়েই জীৱনকালত চার্ভিকেল কেঞ্চাৰত আক্রান্ত হোৱাৰ সম্ভাৱনা থাকে৷ আজিৰ লেখাৰ বিষয় এই কেঞ্চাৰবিধ হৈছে– ‘জৰায়ুৰ মুখৰ কেঞ্চাৰ’ যাক ইংৰাজীত ‘চার্ভিকেল কেঞ্চাৰ’বুলি কোৱা হয়৷ নাৰী এগৰাকীৰ যোনিদ্বাৰৰ যি অংশত জৰায়ুৰ মুখখন সংযুক্ত হয়, সেই অংশতেই (জৰায়ুৰ মুখ বাcervix) এইবিধ কেঞ্চাৰ ৰোগ হয়৷ এইবিধ কেঞ্চাৰত নাৰীগৰাকীৰ জৰায়ুৰ মুখত কোষৰ যি এক পাতলীয়া তৰপ থাকে, সেই অংশক আক্রান্ত কৰে৷ আৰু যদিহে এই ৰোগৰ সমূচিত চিকিৎসা নহয়, তেন্তে ৰোগীগৰাকীৰ বাবে ই প্রাণঘাতীও হ’ব পাৰে৷ এগৰাকী নাৰী এইবিধ কেঞ্চাৰত আক্রান্ত হোৱাৰ শতকৰা ৯৯শতাংশৰেই কাৰণ এবিধ যৌনভাৱে সংক্রমিত হোৱা ৰোগৰ ভাইৰাছ৷ ‘হিউমেন পেপিল’মাভাইৰাছ’বা চমুকৈHPV (এইচ পি ভি) নামৰ এইবিধ ভাইৰাছৰ সংক্রমণৰ ফলতেই এগৰাকী নাৰী চার্ভিকেল কেঞ্চাৰ ৰোগত আক্রান্ত হয়৷ অর্থাৎ এই সংক্রমণবিধেই চার্ভিকেল কেঞ্চাৰৰ মূল কাৰক৷ অসুৰক্ষিতভাৱে কৰা যৌন সম্পর্কৰ ফলস্বৰূপে এইবিধ ভাইৰাছ এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ সংক্রমিত হয়৷ এইবিধ এবিধ অতি সুলভ যৌন সংক্রমিত ৰোগ STD)৷ চার্ভিকেল কেঞ্চাৰজনিত টিউমাৰৰ সৃষ্টিৰ ৯৯ (৭ শতাংশ কাৰণেই এইবিধ ভাইৰাছ) সংক্রমণ৷ এইবিধ সংক্রমণৰ অতি উচ্চ মাত্রাৰ বিপদসংকুলতা থকা প্রকাৰ কেইবিধমান হৈছে– ১৬, ১৮, ৩১ আৰু ৪১৷ যদিওবা চার্ভিকেল কেঞ্চাৰৰ বাবে এইচ পি ভি ভাইৰাছৰ উচ্চ মাত্রাৰ বিপসংকুলতা বা জটিলতা থকা নিতান্তই জৰুৰী, পিছে এইখিনিয়েই যথেষ্ট নহয়৷ আজি এইHPVৰ এই সংক্রমণক কিদৰে আগতীয়াকৈ প্রতিৰোধ কৰিব বা বাধা দিব পাৰি, তাৰ লগতেই এই জৰায়ুৰ মুখৰ বা চার্ভাইকেল কেঞ্চাৰ ৰোগৰ পৰীক্ষণৰ বিষয়েও কিছু কথা জনাবলৈ লৈছোঁ৷
প্রথমে ক’ব বিচাৰিছোঁ, এইবিধ কেঞ্চাৰৰ পৰীক্ষণৰ বিষয়ে৷ এই কেঞ্চাৰবিধ দেহত সৃষ্টি হৈছে নে নাই জনাৰ লগতেইHPV ভাইৰাছবিধৰ দেহত উপস্থিতিক লৈ কৰা পৰীক্ষণো সমানে জৰুৰী৷ চার্ভিকেল কেঞ্চাৰৰ পৰীক্ষণৰ ক্ষেত্রত প্রথমেই আহে পেপ টেষ্ট (পেপ স্মিয়েৰ টেষ্ট)ৰ কথা, য’ত এডাল পাতলীয়া ব্রাছ জাতীয় সামগ্রীৰ সহায়েৰে চার্ভিক্স বা জৰায়ুৰ মুখৰ অংশৰ পৰা সামান্য কোষিকা সংগ্রহ কৰি তাত কেঞ্চাৰজনিত কোষ আছে নে নাই, সেই পৰীক্ষা কৰা হয়৷ এই পৰীক্ষণ ২১ৰ পৰা ৩০ বছৰ বয়সৰ মাজৰ নাৰীসকলে আৰু ৩০ৰ পৰা ৬৫ বছৰ বয়সৰ মাজৰ নাৰীসকলেও প্রতি তিনি বছৰত এবাৰকৈ এই টেষ্ট বা পৰীক্ষণ কৰা জৰুৰী৷ এতিয়া আহিছোঁ এইচ পি ভি HPV) পৰীক্ষণৰ কথালৈ৷ এই পৰীক্ষণো ৩০ৰ পৰা ৬৫ বছৰ বয়সৰ মাজৰ প্রতিগৰাকী নাৰীয়ে পেপ টেষ্ট আৰু এইচ পি ভি পৰীক্ষণ প্রতি পাঁচ বছৰত এবাৰকৈ একেলগে কৰোৱা জৰুৰী৷
এই হিউমেন পেপিল’মাভাইৰাছেছ বা এইচ পি ভি ভাইৰাছবিধৰ সংক্রমণেই যিহেতু চার্ভিকেল কেঞ্চাৰৰ মূল কাৰক, গতিকেই এইবিধ ভাইৰাছৰ সংক্রমণক আগতেই বাধা দিব পাৰিলে চার্ভিকেল কেঞ্চাৰৰ সম্ভাৱনাই ৯৯ শতাংশ পর্যন্ত কমি যায়গৈ৷ গতিকে এইবিধ কেঞ্চাৰৰ সৃষ্টি হোৱাৰ আগতেই যদিহে এই ভাইৰাছবিধৰ সংক্রমণকেই বাধা দিব পাৰি, তেতিয়া চার্ভিকেল কেঞ্চাৰত ভোগাৰ সম্ভাৱনাও সমান্তৰালকৈ কমি আহে৷ গতিকেই আজি এই ভাইৰাছৰ প্রতিৰোধক ভেকচিনৰ বিষয়ে কিছু কথা জনাবলৈ ওলাইছোঁ৷ চার্ভিকেল কেঞ্চাৰ এনে এবিধ অতিকৈ তাকৰীয়া কেঞ্চাৰ, ভেকচিনৰ জৰিয়তে যাৰ প্রতিৰোধ সম্ভৱ৷ এই এইচ পি ভিৰ প্রতিষেধক কেইবাবিধো ভিন্ন ভেকচিন বর্তমান সময়ত উপলব্ধ৷ এইচ পি ভি ভাইৰাছৰ প্রকাৰ আৰু নাৰীগৰাকীৰ বয়সৰ লগত সামঞ্জস্য ৰাখি ভিন্ন সময়ত এই ভেকচিন ল’ব পাৰি৷ এনে কেইবিধমান ভেকচিন হৈছে– মার্কছ গার্ডেছিল আৰু জি এছ কে’জ চার্ভাৰিস্ক, গার্ডাচিল কুৱার্ডিভেলেন্ঢ, চার্ভাৰিস্ক বিভালেণ্ট আদি৷ এই ভেকচিনসমূহ এগৰাকী নাৰীয়ে ল’ব পৰাৰ বয়সকাল ৯ বছৰৰ পৰা আৰম্ভ কৰি ১৫ বছৰৰ পৰা ২৬ বছৰ বয়সলৈকে (পিছে যতদূৰ সম্ভৱ যৌনমিলনৰ আৰম্ভণি ঘটাৰ পূর্বেই ভেকচিন গ্রহণ কৰিলে ভাল)৷ যদিওবা এই ভেকচিন ৪৫ বছৰ বয়স পর্যন্ত ল’ব পাৰি, পিছে তেতিয়ালৈ ভেকচিনৰ কার্যকাৰিতা সিমান শক্তিশালী হৈ নাথাকে৷ ১৫ বছৰৰ অনূর্ধ্বসকলৰ বাবে ৬ মাহত ভিতৰত প্রথমটো আৰু দ্বিতীয়টো গার্ডেছিল ভেকচিন আৰু ১৫ বছৰৰ ঊর্ধ্বৰসকলৰ বাবে ৬ মাহত চার্ভাৰিক্সৰ তিনিটিকৈ ভেকচিন লোৱাৰ প্রয়োজন৷ ইয়াৰে প্রথমটো লোৱাৰ দুমাহৰ পিছত দ্বিতীয়টো ভেকচিন আৰু তৃতীয়টো ভেকচিন ৬ মাহত ল’ব লাগে৷ এনে ভেকচিন এই এইচ পি ভি ভাইৰাছৰ সংক্রমণ হোৱাৰ আগতেই গ্রহণ কৰিলে, এই সংক্রমণৰ পৰা বাচি থাকিব পাৰি৷ ইয়াৰ সমান্তৰালকৈ আন পৰীক্ষণ আৰু চাইট’লজিকেল পৰীক্ষণো কৰাই থাকিলে, চার্ভিকেল কেঞ্চাৰৰ প্রৱণতাক বহুলাংশে হ্রাস কৰিব পাৰি৷ গতিকেই, এনেধৰণৰ সজাগতা, সচেতনতামূলক পদক্ষেপসমূহ গ্রহণ কৰক আৰু চার্ভিকেল কেঞ্চাৰৰ পৰা নিলগত থকাৰ বাট প্রশস্ত কৰি ৰাখক৷ পৰৱর্তী লেখাত, চার্ভিকেল কেঞ্চাৰৰ লক্ষণ আৰু চিকিৎসাৰ বিষয়ে জনাবলৈ প্রয়াস কৰিম৷
কেঞ্চাৰ ৰোগ বিশেষজ্ঞ, ৰ’ব’টিক শল্য চিকিৎসক, বি এল কে মেক্স হাস্পতাল, দিল্লী
ফোন ঃ ৯৫৬০৬–৩০২০৫

You might also like