নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নজিৰবিহীন তুষাৰপাতত স্তব্ধ ছিকিমৰ জীৱন যাত্রা

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চ: ছিকিমত প্রথমবাৰলৈ নজিৰবিহীন তুষাৰপাতৰ সৃষ্টি হৈছে৷ ৰাজ্যখনৰ ইতিহাসত এনে ভয়ংকৰ তুষাৰপাত কেতিয়াও পৰিলক্ষিত হোৱা নাছিল৷ তুষাৰপাতৰ ফলত আবদ্ধ হৈ পৰিছিল শ শ পর্যটক৷ ইতিমধ্যে সেনাই প্রায় ১৪০০ পর্যটকক উদ্ধাৰ কৰিছে৷ কিন্তু আজি এই তুষাৰপাতৰ মাজতে পূব ছিকিমৰ ডিকছু জাং ৱার্ডত ভয়াৱহ হিমস্খলনে পৰিস্থিতি জটিল কৰি তোলে৷ গেংটকৰ পৰা মংগান ৰোডত যাতায়াত সম্পূর্ণৰূপে বন্ধ হৈ পৰিছে৷ সংবাদ সূত্রই সদৰী কৰা অনুসৰি পূব ছিকিমত বন্ধ হৈ পৰিছে পৰিবহণ ব্যৱস্থা৷ স্মর্তব্য যে বিগত ১১ৰ পৰা ১৫ মার্চলৈ নজিৰবিহীন তুষাৰপাত দেখিবলৈ পোৱা গৈছিল উত্তৰ ছিকিমত৷ সেই সময়ছোৱাতো সমগ্র অঞ্চলটোত স্তব্ধ হৈ পৰিছিল যাতায়াত৷ আনকি এতিয়াও বহু বিদেশী পর্যটকে ছিকিমৰ পৰা উভতিব পৰা নাই৷ ইয়াৰ পাছত কেইবাটাও পর্যায়ত হিমালয়ান ৰাজ্যখন নজিৰবিহীন তুষাৰপাতৰ সন্মুখীন হ’বলগীয়া হৈছে৷ অৱশ্যে তুষাৰপাতৰ মাজতো পথসমূহ মুকলি কৰাৰ বাবে চেষ্টা চলাই আছে প্রশাসনে৷ স্মর্তব্য যে ছিকিমৰ ৰাজহ সংগ্রহৰ অন্যতম উৎস হৈছে পর্যটন৷ কিন্তু এইবাৰ বিদেশী পর্যটকৰ আগমনৰ সময়ছোৱাতে অভাৱনীয় তুষাৰপাতৰ সন্মুখীন হ’বলগীয়া হয় ৰাজ্যখন৷ গতিকে এই বিষয়টোক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে চৰকাৰে৷

You might also like