গাটো বিশেষ বেয়া নাছিল৷ দুদিনৰ আগতে সামান্য পৰিমাণে জ্বৰ–চর্দি হোৱাত দুদিন দুটা পেৰাচিটামল খাই ভাল পালোঁ৷ যিহেতু কার্যালয়লৈ গৈ আছেছা, সেয়েহে সহকর্মীৰ নির্দেশত কার্যালয়লৈ গৈ থকা অৱস্থাতে নিকটৱর্তী ক’ভিড টেষ্ট চেণ্টাৰত টেষ্ট কৰালোঁ৷ পজিটিভ৷ আচৰিত হ’লোঁ, যিহেতু মোৰ গা সম্পূর্ণ ভাল হৈছিল আৰু আনুষংগিক একো নাছিল৷ টেষ্ট কর্তৃপক্ষৰ কঠোৰ নির্দেশত মোৰ ঘৰৰ আটাইকে টেষ্ট কৰাবলৈ মাতি পঠিয়ালে৷ আটাইকে মানে মোৰ স্বামী আৰু আমাৰ একমাত্র ১০মহীয়া কন্যা সন্তানটি৷ লগে লগে তেওঁলোকক খবৰ দি মাতি পঠিয়ালোঁ আৰু টেষ্টত দুয়োৰে নিগেটিভ৷ মোৰ যাৱতীয় সামগ্রীখিনি মোৰ হাতত অর্পণ কৰি দুয়ো ঘৰমুৱা হ’ল৷ মই মাথোঁ দীঘলীয়া সময়ৰ বাবে ছোৱালীজনীক এৰিবলগীয়া হোৱা দুখখিনি সামৰি একথৰে সিহঁতলৈ কেৱল চাই থাকিলোঁ৷
ততাতৈয়াকৈ চৰকাৰী সেৱা ১০৮ত মোক লৈ যোৱা হ’ল খানাপাৰা ক’ভিড চেণ্টাৰলৈ৷ গৈ পোৱাৰ লগে লগে প্রথম পর্যায়ত মোৰ গোটেই শৰীৰটো ছেনিটাইজাৰেৰে স্প্রে’ কৰা হ’ল৷ তাৰ পিছত নিয়মানুসৰি মোৰ নাম–ঠিকনা পঞ্জীয়ন কৰি হাতত ভিটামিন বি–কমপ্লেক্স আৰু কেলচিয়ামৰো দুটামান টেবলেট দি তম্বুসদৃশ ক’ভিড চেষ্টাৰৰ ভিতৰলৈ যাবলৈ কর্তৃপক্ষই নির্দেশ দিলে৷ লগতে মোৰ পছন্দ অনুসৰি যি কোনো এটা ৰুমৰ যি কোনো এখন বিছনা ঠিক কৰি ৰুম আৰু বেড নং জনাবলৈ দিলে তেওঁলোকক৷ গধূলি ৬ বজাতহে দিনটোত যোৱা প্রত্যেক ক’ভিড ৰোগীকে তেওঁলোকৰ প্রয়োজনীয় সামগ্রীৰ টোপোলাটো দিলে৷ য’ত আছিল– এটুকুৰা গা ধোৱা চাবোন, এক পেকেট ছার্ফ, এটা তেলৰ বটল, এটা টুথপেষ্ট, এডাল ব্রাছ, এখন আঁঠুৱা, এখন বিছনা চাদৰ আৰু এটা গাৰুৰ ক’ভাৰ৷ সামগ্রীখিনিৰে সৈতে দিনটোৰ ভয়, শংকা, ছোৱালীজনীক এৰি অহাৰ দুখবোৰ বিছনাখনত এৰি দিলোঁ৷ মাইকত ঘোষণা আহিল আমি প্রত্যেকজন ক’ভিড ৰোগীয়ে শাৰী পাতি চাহ–বিস্কুট ল’ব লাগে৷ প্রথম দিনৰ প্রথমকাপ চাহ ক’ভিড চেণ্টাৰত সেৱন কৰি এটা কেলচিয়াম আৰু এটা ভিটামিন বি–কমপ্লেক্সেৰে আৰম্ভ হ’ল মোৰ ক’ভিড ড্রীটমেণ্ট৷ ৭.৩০ বজাত বৰ ধুনীয়াকৈ সজাই পেকেটিং কৰা ৰাতিৰ বাবে অহা খাদ্যখিনি ৯ বজাত গ্রহণ কৰি প্রথম নিশাৰ বাবে শুই পৰিলোঁ৷
ৰাতি ১১ বজাত মোৰ এটা সমস্যা হ’ল৷ মোৰ ১০মহীয়া ছোৱালীজনীক দিনটো গাখীৰ খুৱাব নোৱৰাৰ ফলত বুকুত গাখীৰ জমি এটা অসুবিধাৰ সৃষ্টি হৈছিল৷ বাৰে বাৰে চেষ্টা কৰিও সমাধান কৰিব নোৱাৰিলোঁ৷ ২ ঘণ্টাৰ মূৰে মূৰে মোৰ একেটা সমস্যাই দেখা দিবলৈ ধৰিলে৷ উপায়হীন হৈ ৰাতিপুৱাই ক’ভিড কর্তৃপক্ষৰ লগত আলোচনা কৰি মোক এটা ব্রেষ্ট পাম্প যোগান ধৰিবলৈ অনুৰোধ জনালোঁ৷ দিনটোত মোৰ পাম্পটো যোগান ধৰিব নোৱাৰি অৱশেষত গধূলি মোক সমস্যাটোৰ উপযুক্ত চিকিৎসাৰ বাবে জি এম চি এইচলৈ প্রেৰণ কৰিলে৷ সেই মতে আকৌ ১০৮ত গৈ জি এম চি এইচ পালোঁগৈ৷ পুনৰ কাগজ–পত্র ৰেজিষ্ট্রেচন৷ মোৰ অসুবিধাৰ বুজ লৈ এজন ডাক্তৰ আৰু এগৰাকী নার্ছে প্রথম পর্যায়ত মোৰ ব্রেষ্ট কণ্ডিচন পৰীক্ষা কৰিলে৷ লগে লগে কেনুলা ফিটিং কৰি একেলগে এটা ছ’ডিয়াম আৰু এটা এণ্টিবায়’টিকৰ ছেলাইনেৰে মোৰ দ্বিতীয় দিনাৰ চিকিৎসা আৰম্ভ হ’ল জি এম চি এইচত৷
পিছদিনা ৰাতিপুৱা তপন নামৰ ৱার্ড বয় এটাক কেইটামান টকাৰ বিনিময়ত কেইপদমান বস্তু আনি দিব নেকি সুধিলোঁ৷ সি আপত্তি নকৰিলে৷ প্রথমে ধৰিবই পৰা নাছিলোঁ ৱার্ড বয় নে চাফাই কর্মী নে ডাক্তৰ নে ডিউটীত থকা আন কোনোবা৷ কাৰণ পি পি ই কিট পিন্ধা সকলোকে একেই দেখি৷ তপনে বস্তুকেইপদ আনি ঘূৰাই দিয়া টকাকেইটা কৃতজ্ঞতাত মই ঘূৰাই নল’লোঁ৷
বাকীকেইদিনৰ দৰে সেইদিনাও পুৱা বিছনাতে নার্ছ এগৰাকীয়ে মোক অক্সিমিটাৰেৰে মোৰ অক্সিজেন ছেচুৰেচন আৰু হার্টবিট পৰীক্ষা কৰিলে– ৯৯/১১৯৷ মই সুধিলোঁ ‘ঠিকে আছেনে ছিষ্টাৰ?’ ‘ঠিক আছে৷’ তেওঁৰ উত্তৰ৷ তাৰ কিছু সময়ৰ পিছতে পুনৰ এণ্টিবায়’টিকৰ ছেলাইন ফিটিং কৰিলে৷ মনত অজস্র প্রশ্ণই অগা–ডেৱা কৰিবলৈ ধৰিলে৷ যিহেতু মোৰ ৰুমত থকা বাকীকেইগৰাকী ক’ভিড ৰোগীক কোনো ধৰণৰ ছেলাইন দিয়া হোৱা নাছিল৷ নিশ্চয় মোৰ কিবা বেছি প্রব্লেম হৈছে৷ গধূলি পুনৰ ছেলাইনৰ পুনৰাবৃত্তি৷ এইবাৰ মই ছেলাইনটো প্রত্যক্ষ কৰিলোঁ ‘লাইনজ’লিড আই ভি মেডিচিন’৷ একেটা ছেলাইনকে বাৰে বাৰে মোক দিয়া হৈছে আৰু কিয় বুলি ডাক্তৰক প্রশ্ণ কৰাত ‘আপোনাক প্রয়োজন আছে বাবে দিয়া হৈছে’ বুলি চমু উত্তৰে মোক আশ্বস্ত নকৰি পুনৰ বিবুধিত পেলালে৷ তাৰ মানে…. মোৰ মুখমণ্ডল দেখি তেওঁ পুনৰ ক’লে– ‘ঘবৰানে কী কোই বাত নেহি? চিন্তা মত কৰো৷’ লগে লগে কিছুদিনৰ পৰা হৈ থকা বুকুৰ বিষটোৰ কথাও ডাক্তৰক অৱগত কৰালোঁ৷ ডাক্তৰে এটা ভিটামিন চি আৰু বুকুৰ বিষৰ বাবে টেবলেট দিলে৷ এইবাৰ নার্ছ এগৰাকী অহাত মোৰ খূ–দুৱাই থকা প্রশ্ণটো সোধাত এণ্টিবায়’টিকৰ এটা ক’ছ মোৰ আৰম্ভ হৈছে, মুঠ পাঁচটা ছেলাইন ল’ব লাগিব বুলি জনালে৷ কিন্তু প্রথম দিনা দিয়া ছেলাইন দুটা বাদ দি৷ তাৰ মানে মই সাতটা ল’ব লাগিব৷ নার্ছগৰাকীৰ কথাত অলপ আশ্বস্ত হ’লোঁ৷ তথাপি সকলো চিন্তা পৰিহাৰ কৰি একমাত্র ভাল হোৱাৰ আশাত চিকিৎসালয়ৰ পৰা প্রদান কৰা পুষ্টিকৰ সকলো খাদ্যই সময় মতে গ্রহণ কৰি গ’লোঁ৷ ইতিমধ্যে মোৰ ছেলাইনৰো ইতি পৰিল৷ ছেলাইন দিয়াৰ আগৰ আৰু পিছৰ সময়খিনিৰ পার্থক্য মই একো গমকে নাপালোঁ৷
সকলোৰে অনুমেয় যে হাস্পতালত থকা সময়খিনি বৰ কষ্টকৰ, সেয়া কঠিন ৰোগীয়েই হওক বা যিকোনো ৰোগীৰেই ক্ষেত্রত৷ ক’ভিড যিহেতু ব্যতিক্রম ৰোগ, তাৰ ক্ষেত্রত কথাবোৰ আৰু সুকীয়া৷ যিহেতু অন্য ৰোগীৰ তুলনাত এজন ক’ভিড ৰোগী শাৰীৰিকভাৱে যিমানেই কষ্ট নহওক কিয়, মানসিকভাৱে সবল হৈ থকাটো খুবেই জৰুৰী৷ নহ’লে ৰোগীৰ পর্যায় বেয়াৰ পৰা বেয়ালৈ গৈ থাকে৷ কাৰণ ক’ভিড ৰোগীক সকলোৱে আঁতৰত ৰাখে৷ যদিও ৰোগীক নহয় ৰোগকহে আঁতৰত ৰখা হয়, তথাপি মানুহৰ পৰা, আত্মীয়–কুটুম্বৰ পৰা দূৰত থাকি ৰোগৰ সৈতে অকলে, কেৱল অকলে যুঁজি থকাৰ যুঁজখনত মানুহৰ মানসিক সুস্থিৰতা বহুখিনি হ্রাস পায়৷ যাৰ ফলত বহু ক’ভিড ৰোগীৰ পলায়নবাদী মনোভাব এটা গঢ়ি উঠে৷ সেয়া মানুহৰ পৰাই হওক বা জীৱনৰ পৰা৷ হাৰিবৰ বাবে কেৱল জীৱন নহয়৷ কেতিয়াবা জীৱনে মানুহক হৰুৱায় সেইটো অন্য এটা কথা৷ যি ক’ভিডৰ কবলত পৰা নাই তেওঁ শংকাত জীৱন জীছে, আৰু যিয়ে ক’ভিডত আক্রান্ত পুনৰ জীৱনে তেওঁৰ বাবে অপেক্ষা কৰিছেনে নাই বাৰে বাৰে চাইছে৷ শংকিত হৈছে৷ সন্মুখত মৃত্যুৰ কিৰীলি শুনিছে, জীৱনলৈ মোহ উপজিছে৷ ক’ভিড যুদ্ধত জিকি অহাবোৰে জীৱনক নতুন ধৰণেৰে মূল্য দিবলৈ শিকিছে৷ এয়া সময়ৰ আহ্বান, দুর্যোগ৷ ক’ভিড নিগেটিভ অর্থাৎ ক’ভিডৰ পৰা পৰিত্রাণ পাই অহাবোৰক কোৱা হয় ক’ভিড যোদ্ধা৷ আচলতে তেওঁলোক অন্য এটা জীৱনৰ বাবেও হয়তো প্রকৃত যুঁজাৰু৷
আকৌ আহোঁ ব্যক্তিগত প্রসংগলৈ৷ ক’ভিডৰ অকলশৰীয়া জীৱনক লৈ খেলি থকাৰ সপ্তম দিনত আহিল জীৱনৰ এটা ভয়ংকৰ খবৰ৷ মাৰ বেমাৰ৷ কেঞ্চাৰ ধৰা পৰিছে লিভাৰত৷ ডাক্তৰে জনাইছে ভালদৰে চিকিৎসা কৰি থাকিলে মাত্র আৰু ছমাহ বাচি থাকিব মা৷ মূৰৰ ওপৰত সৰগ ভাঙি পৰিছে৷ হূদয়ৰ দোদুল্যমান অৱস্থা৷ এখন যুদ্ধৰ অন্ত নৌহওঁতেই কিছুদিনৰ বাবে হ’লেও আন এখন যুদ্ধৰ বাবে নিজকে সাজু কৰিব লগা অৱস্থা৷ ঘৰৰ সকলোৰে মন ভাৰাক্রান্ত৷ প্রয়োজনতকৈও অধিক সুস্থিৰ হৈ থাকিবলগীয়া এটা অস্বাভাৱিক অভিনয়৷ মাৰ মৃত্যুক আগত লৈ মোৰ ক’ভিড জীৱনৰ আৰু তিনিটা দিনলৈ অপেক্ষা৷ সময়ৰ নিষ্ঠুৰতাখিনিৰ সৈতে পুনৰ মোকাবিলা৷ ক’ভিড ১০ দিনৰ দিনা নিগেটিভ হৈ মই পুনৰ জীৱন লৈ ঘৰ পালোঁহি৷ কিন্তু মায়ে ছমাহ কিয়, দুমাহতে জীৱন সামৰিলে৷
ক’ভিড–১৯ হৈছে সামান্য যেন লগা এটা অসামান্য অতিমাৰী৷ প্রথম ঢ়ৌৰ ক’ভিডত কিছুমানে গমকে নাপালে আচলতে তেওঁৰ হৈছে কি, আৰু এনে কিছুমান ৰোগীও প্রত্যক্ষ কৰিলোঁ, যি চকুৰ সন্মুখতে সুস্থ আৰু চকুৰ পচাৰতে তেওঁক অক্সিজেন প্রদান৷ অৱশ্যে মই প্রথম পর্যায়ত থকা ৰোগীয়ে আছিলোঁ৷ তথাপি হাস্পতালৰ সময়ৰ দুই এজন ক’ভিড ৰোগীৰ মৃত্যুৰ খবৰে জীৱনটো আতংকিত কৰি ৰাখিছিল৷ প্রথম ঢ়ৌৰ ক’ভিডে জীৱনবোৰ তচনচ কৰা দেখা নাই৷ কিন্তু দ্বিতীয় ঢ়ৌৱে বহু মানুহৰ প্রাণ কাঢ়িলে৷ বর্তমান লাহে লাহে ক’ভিডৰ সুস্থিৰ অৱস্থা এটা পাইছেহি৷ আমি আশা কৰিছেছা, ক’ভিডমুক্ত হওক, পৃথিৱী সুস্থ হৈ পৰক, সাৱধানে থাকি নিজক ৰক্ষা কৰাৰ লগতে আনকো ৰক্ষা কৰক৷ শংকিত নহৈ শক্তিশালী হৈ থাকক, শান্তিৰে জীৱন কটাওক এজন ক’ভিড যোদ্ধাৰ এয়ে প্রার্থনা ৷