নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডবিজয়ী ৰোগীৰ যতন আৰু কৰণীয়

ডাঃ বিপ্লৱ পাল

বিশ্বজুৰি ত্রাসৰ সৃষ্টি কৰা ক’ৰোনা মহামাৰীত ভাৰতবর্ষত এতিয়ালৈকে প্রায় ২.৬ কোটি মানুহ আক্রান্ত হৈছে আৰু ৩ লাখতকৈ অধিক মানুহ মৃত্যুমুখত পৰিছে৷ তথাপি আটাইতকৈ আশাব্যঞ্জক দিশটো হৈছে যে ইয়াৰে ৯২ শতাংশ লোকে ইতিমধ্যে এই বেমাৰৰ পৰা আৰোগ্য লাভ কৰিছে৷ বিভিন্ন অধ্যয়নৰ পৰা দেখা গৈছে যে ক’ভিড নিগেটিভ হোৱাৰ পিছতো প্রায় ১–২ মাহলৈকে এই ৰোগীবোৰ নানা সমস্যাৰ সন্মুখীন হয়৷ ক’ভিড আক্রান্ত ৰোগী এজন শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ’বলৈ কিছু সময়ৰ প্রয়োজন হয় আৰু এই সময়ছোৱাত তেওঁৰ মনত নানা চিন্তাৰ উদ্রেক হ’ব পাৰে৷ তেওঁৰ প্রতি পৰিয়াল তথা সমাজৰ যথেষ্ট সহায়–সহযোগিতাৰ প্রয়োজন হয়৷

ক’ভিড আৰোগ্য ব্যক্তিৰ কি কি শাৰীৰিক সমস্যা হ’ব পাৰে?
ক’ৰোনা ভাইৰাছে মানুহৰ হাওঁফাওঁ, বৃক্ক, হূদযন্ত্র, মগজু, স্নায়ুতন্ত্র, চর্ম আদি সকলো অংগতে প্রভাৱ পেলায়৷ মানুহজনৰ ক’ভিড ৰিপ’ট ঋণাত্মক হোৱাৰ পিছতো নানা ধৰণৰ সমস্যাই দেখা দিব পাৰে৷ উদাহৰণস্বৰূপে উশাহত কষ্ট, বুকুৰ বিষ, গাঁঠি বা শৰীৰৰ বিষ, মূৰ ঘূৰোৱা ইত্যাদি৷ হূদস্পন্দন ক্ষিপ্র হৈ যোৱা, অত্যধিক ভাগৰ অনুভৱ কৰা আদি সঘনাই হোৱা পৰিলক্ষিত হয়৷
ক’ভিড ভাইৰাছে মানুহৰ মগজু আৰু স্নায়ুৰ কোষবোৰ নষ্ট কৰি পেলায়৷ সেয়েহে মানুহজন নানা ধৰণৰ মানসিক সমস্যাত ভোগে৷ যেনে মনোযোগ হ্রাস পোৱা, অনিদ্রা, ডিপ্রেছন ইত্যাদি৷ ইয়াক ‘ব্রেইন ফগিং’ বা মগজুৰ কুঁৱলি’ বুলি কোৱা হয়৷

ক’ভিড বিজয়ী লোকে কেনেকুৱা আহাৰ গ্রহণ কৰিব লাগে?
ক’ৰোনা ভাইৰাছে মানুহৰ শৰীৰৰ প্রতিটো অংশতে ক্রিয়া কৰে আৰু মানুহজনক দুর্বল কৰি ৰাখে৷ সেয়েহে এনেকুৱা লোকে পুষ্টিকৰ আহাৰ গ্রহণ কৰাটো বাঞ্ছনীয়৷ ক’ভিড বিজয়ী লোকে যথেষ্ট পৰিমাণে প্রটিনযুক্ত আহাৰ খাব লাগে৷ যেনে ছুপ, দাইল, বাদাম, ছয়াবিন, কণী, মাছ, মুর্গীৰ মাংস ইত্যাদি৷ এনেকুৱা লোকে যথেষ্ট পৰিমাণে পানী খাব লাগে আৰু ভিটামিনৰ অভাৱ পূৰণ কৰিবৰ বাবে ফলমূল আৰু সেউজীয়া শাক–পাচলি খাব লাগে৷

জিৰণি আৰু ব্যায়াম
যিকোনো ভাইৰাছৰ ৰোগৰ পৰা আৰোগ্য হ’লে শৰীৰ আৰু মন দুয়োৰে বিশ্রামৰ প্রয়োজন৷ ক’ভিড বিজয়ী লোকে প্রায় ৭–১০ দিন জিৰণি লোৱা উচিত৷ এই সময়ছোৱাত কমেও ৬ ঘণ্টা সময় নিদ্রাৰ প্রয়োজন৷ লগতে উদ্বিগ্ণতা হ্রাস কৰিবৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব লাগে৷
যিকোনো ব্যায়াম বা শাৰীৰিক পৰিশ্রমে আমাৰ শৰীৰত যোগাত্মক প্রভাৱ পেলায়৷ ব্যায়াম কৰাৰ ফলত শৰীৰৰ ৰক্ত আৰু অক্সিজেন সঞ্চালন বৃদ্ধি হয়৷ ইয়াৰ ফলত শৰীৰত নতুন কোষৰ সংখ্যা বৃদ্ধি হয় আৰু আমাৰ শৰীৰত জমা হোৱা বেয়া পদার্থ বৃক্কৰ দ্বাৰা বাহিৰ হৈ যায়৷ নিয়মিত ব্যায়াম কৰিলে আমাৰ শৰীৰত আনন্দৰ হৰম’ন নির্গত হয়৷ যেনে ডোপামিন, ছেৰোটনিন এণ্ড’ৰফিন ইত্যাদি৷ ফল স্বৰূপে মনত প্রফুল্লতাৰ সৃষ্টি হয়৷
ব্যায়াম আৰম্ভ কৰাৰ প্রথম সপ্তাহত মানুহজনে প্রায় ১০ মিনিট সময় যোগাসন, জগিং বা খোজকাঢ়িব লাগে৷ লাহে লাহে ব্যায়ামৰ সময় আৰু মাত্রা বৃদ্ধি কৰিব লাগে৷ দ্বিতীয় সপ্তাহত প্রথম সপ্তাহতকৈ দুগুণ পৰিশ্রম কৰিব পাৰে আৰু তিনি–চাৰি সপ্তাহৰ ভিতৰত সম্পূর্ণ সুস্থ মানুহৰ দৰে ব্যায়াম কৰিব পাৰে৷ অৱশ্যে হার্টৰ বেমাৰী বা ক’ভিড নিউমোনিয়া হোৱা ৰোগীয়ে ব্যায়াম আৰম্ভ কৰাৰ আগতে দুই–তিনি সপ্তাহ জিৰণি লোৱাটো বাঞ্ছনীয়৷

এবাৰ ক’ভিড হ’লে আকৌ এই বেমাৰ হোৱাৰ সম্ভাৱনা থাকে নেকি?
ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা মুক্তি লাভ কৰাৰ পিছত আমাৰ শৰীৰত লাহে লাহে এই ভাইৰাছৰ বিপক্ষে ৰোগ প্রতিৰোধ ক্ষমতা সৃষ্টি হয়৷ ‘এণ্টিবডী’, ‘হেল্পাৰ টি কোষ’, ‘কিলাৰ টি কোষ’ আৰু ‘বি কোষ’ নামৰ চাৰিবিধ পদ্ধতিৰ দ্বাৰা ক’ভিডৰ বিৰুদ্ধে আমাৰ শৰীৰত প্রতিৰোধ ব্যৱস্থাৰ সৃষ্টি হয়৷ বিভিন্ন অধ্যয়নৰ পৰা এইটো স্পষ্ট হৈছে যে ক’ভিড বিজয়ী লোকৰ শৰীৰত ৫–৮ মাহলৈকে এই ৰোগ প্রতিৰোধ ক্ষমতা থাকে৷ অৱশ্যে সঠিক উত্তৰৰ বাবে আমাক আৰু বিজ্ঞানসন্মত অধ্যয়নৰ প্রয়োজন আছে৷

সমাজিক ব্যাধি
ৰোগী আৰু ৰোগীৰ ঘৰখনক ক’ভিড বেমাৰে সামাজিকভাৱে আৰু আর্থিকভাৱে বৰকৈ প্রভাৱ পেলায়৷ যিহেতু সংক্রমণৰ ভয়ত বন্ধু বা আত্মীয়–স্বজনৰ পৰা নিলগত থাকিবলগীয়া হয়, সেয়েহে এই ব্যাধিয়ে মানসিকভাৱে যথেষ্ট প্রভাৱ পেলায়৷ এনেকুৱা লোকৰ উদ্বিগ্ণতা বৃদ্ধি হয়, নিদ্রা কমি যায়, হঠাৎ খং উঠে আৰু স্মৃতিশক্তি হ্রাস পায়৷ প্রাণায়াম কৰিলে আৰু দীঘল দীঘল উশাল ল’লে যথেষ্ট উপকাৰ পোৱা যায়৷ এনেকুৱা লোকসকলে বিভিন্ন ধৰণৰ স্মৃতিশক্তিৰ খেল খেলিলে উপকৃত হ’ব৷ যেনেSodoku (ছোডোকু)ZIGSAW (জিগ্শ্ব’), শব্দশৃংখল ইত্যাদি৷

ক’ভিডমুক্ত হোৱা মানুহে কেতিয়া কামত যোগদান কৰিব পাৰে?
ক’ভিডৰ লক্ষণ দেখা দিয়াৰ ১০ দিনৰ পিছত ৰোগ সিঁচৰতি কৰাৰ ক্ষমতা নাইকিয়া হয় আৰু ১৭ দিনৰ পিছত সাধাৰণ কাম–কাজ আৰম্ভ কৰিব পাৰে৷ অৱশ্যে সংকটজনক অৱস্থাৰ পৰা পৰিত্রাণ পোৱা লোকে বেছিদিন জিৰণি লোৱা প্রয়োজন৷
ক’ভিড আক্রান্ত লোকে

কেতিয়া ভেকচিন ল’ব পাৰিব?
ভাৰত চৰকাৰৰ নতুন নির্দেশনা অনুযায়ী কোনো ব্যক্তি ক’ভিডত আক্রান্ত হ’লে তিনি মাহ পিছতহে প্রতিষেধক ল’ব পাৰিব৷ আনহাতে, প্রথমটো টিকা লোৱাৰ পিছত কোনো ব্যক্তি ক’ভিডত আক্রান্ত হ’লে দ্বিতীয়টো টিকাৰ বাবেও তিনি মাহ সময় অপেক্ষা কৰিব লাগিব৷
ক’ভিডমুক্ত হোৱাৰ পিছতো কিবা টেষ্ট বা পৰীক্ষা কৰাৰ প্রয়োজন আছে নেকি?
ক’ভিডমুক্ত হোৱা বেছিভাগ লোকৰে কোনো পৰীক্ষাৰ প্রয়োজন নাথাকে৷ অৱশ্যে সংকটজনক অৱস্থাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীসকল আৰু সঘনাই ভাগৰুৱা অনুভৱ কৰা, বুকুৰ বিষ হোৱা, হূদস্পন্দন ক্ষিপ্র হোৱা আৰু শ্বাস–প্রশ্বাসৰ কষ্ট পোৱা লোকসকলে চিকিৎসকৰ পৰামর্শ মতে কিছু টেষ্ট কৰা প্রয়োজন হয়৷ যেনে– হিম’গ্ল’বিন, শর্কৰা, ক্রিয়েটিনিন, লিভাৰ ফাংচন, চি আৰ পি, ফেৰিটিন, ডি ডাইমাৰ, ই চি জি, ইকো কার্ডি’গ্রাফী, বুকুৰ চিটি স্কেন ইত্যাদি৷

ক’ভিড আৰু ভিটামিনঃ
ক’ভিডবিজয়ী লোকে পুষ্টিকৰ আহাৰ গ্রহণ কৰিব পাৰিলে বেলেগকৈ ভিটামিন লোৱাৰ প্রয়োজন নাথাকে৷ সেউজীয়া শাক–পাচলি আৰু ফলমূলত যথেষ্ট পৰিমাণে ভিটামিন আৰু মিনাৰেল পোৱা যায়৷ নেমুত যথেষ্ট পৰিমাণে ভিটামিন চি থাকে৷ আনহাতে, ডি ভিটামিনে আমাৰ শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ সূর্যৰ পোহৰ আমাৰ শৰীৰত পাৰিলে আমাৰ ছালত ডি ভিটামিনৰ সৃষ্টি হয়৷ সেয়েহে সদায় ২০–৩০ মিনিট সময় ৰ’দৰ তাপ লোৱাটো খুব দৰকাৰী৷ পুষ্টিকৰ খাদ্যৰ অভাৱ হ’লে যিকোনো লোকে ১–২ মাহৰ বাবে ভিটামিন বি চি ডি আৰু জিংক ব্যৱহাৰ কৰিব পাৰে৷

সামৰণিঃ ক’ভিড বিজয়ী ৰোগীসকল ৰিপ’ট ধনাত্মক হোৱাৰ পিছতো নানা শাৰীৰিক আৰু মানসিক সমস্যাৰ সন্মুখীন হয়৷ অৱশ্যে ১–২ মাহৰ ভিতৰত মানুহ সম্পূর্ণ সুস্থ জীৱন যাপন কৰিব পৰা অৱস্থালৈ ঘূৰি আহে৷ ইয়াৰ বাবে শাৰীৰিক যতন আৰু মানসিক দৃঢ়তাৰ প্রয়োজন হয়৷ ক’ভিডবিজয়ী ৰোগীৰ বাবে সমাজ আৰু পৰিয়ালৰ সহায়–সহযোগিতাৰ অপৰিহার্যতা নুই কৰিব নোৱাৰি৷

You might also like