কর্কট ৰোগৰ লগত যুদ্ধ কৰি থকা সময়ত খাদ্য বিশেষজ্ঞই যিমান পাৰি জৈৱিক খাদ্য খাবলৈ উপদেশ দিছিল৷ বজাৰত উপলব্ধ সকলো খাদ্যবস্তু হ’ল নানাবিধ ৰাসায়নিক দ্রব্য প্রয়োগ কৰা৷ এনেবোৰ শাক–পাচলি, ফল–মূলে শৰীৰৰ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ পৰিৱর্তে মানুহক ৰোগাক্রান্ত কৰিছে৷ কর্কট, বহুমূত্র, উচ্চ ৰক্তচাপ, হূদৰোগ আদিয়ে শৰীৰক সহজে আক্রমণ কৰে৷ সেয়েহে নিজৰ বাৰীখনতে পচন সাৰ, কেঁচুসাৰ আদি ব্যৱহাৰ কৰি শাক–পাচলি উৎপাদন কৰি খাবলৈ যত্ন কৰিছিলোঁ৷ মনেৰে বহুতো পৰিকল্পনা কৰিলেও দেহে আমাক সহযোগ নকৰে৷ গতিকে আনৰ সহায় অবিহনে সকলো পৰিকল্পনা বাস্তৱায়িত কৰা সহজ নহয়৷ শীতকালীন উদ্যান শস্য কবি, মূলা, আলু, ব্রকলি, গাজৰ, বীত, বেঙেনা, কেপচিকাম, মেথি, ধনিয়া, মিঠা আলু, হালধি, আদা, পিঁয়াজ, নহৰু, সৰিয়হ আদিৰ খেতি কৰা হৈছিল৷ এইবোৰৰ উপৰি বাৰীখনত ভালেকেইজোপা নেমু, অমিতা, চজিনা আদিও আছে৷
বর্তমান কাম কৰা মানুহৰ অভাৱত বাৰীখন প্রায় ছন পৰাৰ দৰে হৈছে৷ কিন্তু প্রকৃতিৰ বুকুত নিজে নিজে গজি উঠা ভেদাইলতা, নৰসিংহ, টেঙেচি শাক, কণ বিলাহী, পচতীয়া, নানাবিধ কচু, তিতা ভেকুৰী, মচেণ্ডৰী, পাতেগজা, ঢ়েঁকীয়া, জলকীয়া, মৰিচা, দোৰোণ, জিলমিল, খুতুৰা, ভাত কেৰেলা, তিতা কেৰেলা আদিয়ে আমাক ক’ৰোনা কালত পুষ্টিকৰ খাদ্য যোগাই আহিছে৷ বাৰীখনত হাততে পোৱা সকলো শাক–পাচলি, বনৌষধি আৰু সোৱাদলগা, ৰাসায়নিকমুক্ত, পুষ্টিকৰ৷ আইতাহঁতৰ ৰন্ধন প্রণালী, পোৰা, পাতত দিয়া, বটা (চাটনি), বৰ ভাজি, মাছৰ জোল আদি পদ্ধতিৰে জুতি লগাই খাইছেছা৷
আমাৰ বাৰীখনত উপলব্ধ শাক–পাচলিবোৰ ৰোগনাশক, হজম শক্তি বৃদ্ধিকাৰক, বায়ু পিত্তনাশক, কাহ, চর্দি উপশমক, ৰোগ প্রতিৰোধ ক্ষমতাবর্ধক৷ মুঠতে এনে খাদ্যই সুস্বাস্থ্য বর্তাই ৰখাত সহায় কৰে৷ বাৰীখনত উপলব্ধ কেইবিধমান শাক–পাচলিৰ গুণাগুণ বর্ণনা কৰা হ’ল৷
তিতা ভেকুৰীঃ প্রকৃতিৰ বুকুত উপলব্ধ এবিধ বনৌষধ৷ পিত্তৰোগ, ডায়েবেটিছ আদি ৰোগ নিয়ন্ত্রণৰ বাবে ভাল৷ তিতা ভেকুৰী ভাজি খাব পাৰে৷
দোৰোণঃ সকলোৰে চিনাকি দোৰোণ এবিধ প্রাকৃতিক গুণসমৃদ্ধ মহৌষধ৷ ই কফ, শ্বাস–প্রশ্বাসজনিত ৰোগৰ বাবে অতি ফলদায়ক৷ মেলেৰিয়া জ্বৰ, নিউমোনিয়া আদি ৰোগৰ ই অতি ফলদায়ক৷
অমিতাঃ এবিধ ফল৷ কেঁচা অৱস্থাত ইয়াক পাচলি হিচাপে ব্যৱহাৰ কৰা হয়৷ ই বহু গুণসম্পন্ন৷ অকল ফলটোৱে নহয়, ইয়াৰ গুটি আৰু পাতো বহু ৰোগৰ মহৌষধ৷ অমিতাৰ বহুতো পুষ্টিকাৰিতা গুণ আছে৷ খনিজ পদার্থ, আঁহ, শর্কৰা, ভিটামিন এ চি, ছ’ডিয়াম, পটাছিয়াম, আইৰন, বি গোষ্ঠীৰ ভিটামিন জিংক আদি অমিতাত পোৱা যায়৷ পেটৰ নানান ৰোগৰ বাবে কেঁচা অমিতা অতি ফলদায়ক বনৌষধ৷ ডেংগু ৰোগত পাতৰ ৰস আৰু গুটিয়ে তেজৰ প্লেটনেট বৃদ্ধিত সহায় কৰে৷
পচতীয়াঃ অসমৰ হাবি–বননিত পচতীয়া পোৱা যায়৷ ই বহু গুণসম্পন্ন৷ মূৰৰ বিষ, পানী লগা, জ্বৰ আদিত পচতীয়াৰ ৰস অতি উৎকৃষ্ট বনৌষধ৷ এনেয়ে জোল বা মাছৰ লগত খাব পাৰি৷ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ ক’ৰোনা কালৰ ই এবিধ অতি ফলপ্রসূ পথ্য৷ শুকুৱাই গুডি কৰি বহু দিনলৈ সাঁচি ৰাখি খাব পাৰি৷
তিতা কেৰেলাঃ খনিজ পদার্থ, ভিটামিনযুক্ত তিতা কেৰেলাই বহুতো ৰোগ নিৰাময় কৰে৷ মধুমেহ বা ডায়েবেটিছ ৰোগত নিয়মিত তিতা কেৰেলা খালে ডায়েবেটিছ নিয়ন্ত্রণত থাকে৷ ই তেজ আৰু প্রস্রাৱৰ পৰা ছুগাৰৰ পৰিমাণ হ্রাস কৰে৷ তিতা কেৰেলাক উদ্ভিদজাত ইনচুলিন আখ্যা দিয়া হয়৷ ই তেজ শোধন কৰে, অর্শ ৰোগৰ বাবেও উপকাৰী৷
তুলসীঃ তুলসী গছে ঘৰৰ চৌহদ পৱিত্র কৰে৷ ই ৰাসায়নিক গুণসম্পন্ন ক’ৰোনা কালৰ এবিধ মহৌষধ৷ তুলসীয়ে তেজ পৰিষ্কাৰ কৰে৷ মৌৰ লগত তুলসী পাতৰ ৰস খালে কাহ, কফ, জ্বৰ আদি কমে৷ ডায়েবেটিছ ৰোগৰ বাবেও বনৌষধ৷ হালধি, তুলসী পাত, ডালচেনি, জালুক আৰু মৌ উতলাই খোৱা পানী ক’ৰোনা প্রতিৰোধক, লগতে হাওফাঁও সুস্থ ৰাখে৷
মানিমুনিঃ সৰু আৰু ডাঙৰ পাতৰ দুবিধ মানিমুনি পোৱা যায়৷ সৰু পাতৰ মানিমুনি শৰীৰৰ বাবে বেছি ভাল বুলি কয়৷ ই এবিধ বনৰীয়া মহৌষধ৷ ই শৰীৰবর্ধক, বলকাৰক, কাহনাশক, তেজ শোধক৷ স্মৃতি শক্তি বৃদ্ধি কৰে মানিমুনিয়ে৷ ই পৰিপাকত সহায় কৰে৷ কেঁচাই খাব পাৰি৷ মাছ আদিৰ লগত জোল অতি সুস্বাদু৷
ভেদাইলতাঃ ই এক গন্ধযুক্ত লতা৷ ইয়াৰ পাত আৰু কোমল গছৰ ৰস খোৱা হয়৷ ইয়াক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়৷ বাতবিষৰ বাবে এবিধ উত্তম বনৌষধ৷ পেটচলা ৰোগত ভেদাইলতাৰ ৰস খালে অতি সোনকালে ভাল হয়৷ ইয়াৰ কুমলীয়া পাতে ভোক আৰু হজম শক্তি বৃদ্ধি কৰে৷
নৰসিংহঃ নৰসিংহৰ পাত অতি পুষ্টিকাৰক৷ পাতৰ জোল খোৱা হয়৷ পাতৰ চাটনিও খাব পাৰি৷ মচুৰ দাইল আৰু নৰসিংহৰ পাত বটি বৰ ভাজি খাবলৈ সোৱাদ লগা হয়৷ দক্ষিণ ভাৰতত এই পাতৰ যথেষ্ট ব্যৱহাৰ হয়৷ নৰসিংহৰ পাতত খনিজ পদার্থ, ভিটামিন এ, চি আৰু ই যথেষ্ট পৰিমাণে থাকে৷ এই পাত শিশুৰ বাবেও উপকাৰী৷ লৌহ পদার্থসমৃদ্ধ নৰসিংহ পাতৰ ৰসে তেজ বৃদ্ধিত সহায় কৰে৷ নৰসিংহৰ পাতত কেলচিয়াম থাকে বাবে হাড আৰু দাঁত সুস্থ ৰখাত সহায় কৰে৷
চেঙেৰী টেঙাঃ সৰু–বৰ দুয়োবিধ চেঙেৰী টেঙা আমাৰ বাৰীবিলাকত যথেষ্ট পৰিমাণে হয়৷ ইয়াৰ সোৱাদ অলপ টেঙা আৰু সামান্য কেঁহা৷ খাদ্য হজম হোৱাত সহায় কৰে৷ কাহ–বাত নাশক, পিত্তবর্ধক৷ চেঙেৰী টেঙাৰ জোল সোৱাদবর্ধক হয়৷ ভিটামিন চিযুক্ত চেঙেৰী টেঙা ক’ভিদ কালৰ উত্তম খাদ্য৷
কচুঃ বাৰীখনত কেইবাবিধো কচু আছে৷ কচুৰ থাৰি, কুমলীয়া পাত আৰু আলুটো খোৱা হয়৷ কচুত কার্বোহাইড্রেট, ফছফৰাছ, কেৰ’টিন আদি পোৱা যায়৷ কচুৱে বিভিন্ন ৰোগ নিৰাময় কৰে, হজম শক্তি বৃদ্ধি কৰে, ৰক্তহীনতা দূৰ কৰে৷ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ ক’ভিদ কালৰ উত্তম ঔষধ৷
মৌ–জোলঃ ঘৰটোত ৭/৮খন বৰমৌয়ে বাহ লৈছে৷ আমি সিহঁতৰ লগত সহবাস কৰিব শিকিছেছা৷ মৌ বাহৰ পৰা ভালেখিনি মৌ–জোল সংগ্রহ কৰিছোঁ৷ মৌ আমাৰ সদায়ে খাদ্য তালিকাত থাকে৷ তুলসী, হালধি, আদা, জালুক, ডালচেনি, ইলাচি আদি পানীত দি সদায়ে ৰাতিপুৱা মৌ মিহলাই খাওঁ৷ এয়া হেনো ক’ৰোনাৰ মহৌষধ৷ ইয়াৰ উপৰি ৰুটী আদিৰ লগতো মৌ খাওঁ৷ মৌ অতি পুষ্টিকৰ৷ মৌত বহুবিধ এণ্টি অক্সিডেণ্ট যেনে– ফ্লেভনয়ড আদি আছে, যিয়ে উচ্চ ৰক্তচাপ কম কৰাত সহায় কৰে, হূদযন্ত্রৰ বাবে ভাল৷ মৌয়ে দেহতHDL (ভাল কলেষ্টৰেল) বঢ়াই আৰুLDL (বেয়া কলেষ্টৰেল) কমোৱাত সহায় কৰে৷ মৌ হঁাওফাঁওৰ বাবে অতি পুষ্টিকৰ৷ মৌ কাহৰ বাবে প্রাকৃতিক মহৌষধ৷ ক’ৰোনা ৰোগত হাঁওফাঁও বেয়াকৈ আক্রমণিত হয়৷
চজিনাঃ চজিনা অতি পুষ্টিকৰ৷ চজিনাত বহুবিধ ভিটামিন আৰু খনিজ লৱণ আছে৷ চজিনা গছৰ ফল, পাত, ফুল, শিপা সকলো খোৱা হয়৷ চজিনা ছুপাৰ ফুড তালিকাভুক্ত৷ চজিনাৰ পাতত ভিটামিন চি, কেলচিয়াম, পটাছিয়াম আদি পোৱা যায়৷ চজিনাই তেজ শোধন কৰে৷ চজিনাৰ এমাইনো এচিড থাকে, যিয়ে হাড শক্তিশালী কৰে, বাতবিষৰ বাবে বহুত উপকাৰী৷ চজিনাত থকা প্র’টিন, শর্কৰা, ভিটামিন এ, বি, চি আদি দেহৰ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷
বকফুলঃ বকফুল ভাজি সিজাই খোৱাৰ উপৰি কেঁচাই খোৱা হয়৷ বকফুল অতি পুষ্টিকৰ আৰু বনৌষধ৷ বকফুলত ভিটামিন চি, বি, খনিজ লৱণ, প্র’টিন আদি থাকে৷ জ্বৰ, বিষ, বাতবিষ আদিত বকফুল খালে উপশম পোৱা যায়৷ বকফুলৰ পাতৰ ৰসে গেষ্ট্রিক উপশম কৰে৷ কেলচিয়াম সমৃদ্ধ বকফুলে হাডৰ দুর্বলতা কমোৱাত সহায় কৰে৷ মুঠতে বাৰীৰ বকফুলজোপাই অকল ঘৰখনৰ সৌন্দর্য বৃদ্ধি কৰাই নহয়, আমাৰ শৰীৰটোক পুষ্ট কৰি ৰখাতো সহায় কৰে৷
কণবিলাহীঃ বাৰীখন কণবিলাহীৰে ভৰা৷ বিলাহীতকৈ কণবিলাহী বেছি সোৱাদযুক্ত আৰু বেছি পুষ্টিকৰ৷ মাছৰ জোল, চাটনি, কচু থোৰৰ লগত পাতত দিয়া আদি নানাধৰণে অতি সোৱাদ লগাকৈ কণবিলাহী খোৱা হয়৷ বিলাহীৰ ৰসে দেহতHDL (ভাল কলেষ্টৰেল)বৃদ্ধি কৰি হূদযন্ত্র সুস্থ ৰাখে৷ এণ্টি অক্সিডেণ্টসমৃদ্ধ কণবিলাহীয়ে দেহৰ প্রতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে৷ বিলাহীত ভিটামিন এ আৰু কেৰ’টিন থকা বাবে চকুৰ বাবে অতি উপকাৰী৷ বিলাহী আঁহযুক্ত হোৱা বাবে খাদ্য হজম হোৱাত সহায় কৰে৷
মিঠা আলুঃ মিঠা আলু এবিধ লতা জাতীয় উদ্ভিদ৷ ই মাটিত বগায়৷ ৰঙা আৰু বগা মিঠা আলু পোৱা যায়৷ ৰঙা মিঠা আলু বেছি পুষ্টিকৰ৷ আঁহযুক্ত মিঠা আলু ‘ছুপাৰ ফুড’ তালিকাভুক্ত৷ মিঠা আলুত ভিটামিন এ, চি আৰু বি যথেষ্ট পৰিমাণে পোৱা যায়৷ মিঠা আলুত বহুবিধ এণ্টি অক্সিডেণ্ট পোৱা যায়৷ মিঠা আলুত আইৰন, কেলচিয়াম, চেলেনিয়াম আদি পোৱা যায়৷ মিঠা আলুৱে দেহৰ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ আঁহযুক্ত মিঠা আলুৱে হজম শক্তি বৃদ্ধি কৰে৷ মিঠা আলু ডায়েবেটিছ ৰোগৰ কাৰণেও ভাল৷
বাৰীখনতে সহজে পোৱা আমাৰ কৌটিকলীয়া খাদ্যসম্ভাৰবোৰ একো একোবিধ বনৌষধ আৰু পুষ্টিগুণসম্পন্ন৷ আমাৰ শৰীৰৰ বাবে আৱশ্যকীয় সকলো পুষ্টি এনেবোৰ শাক–পাচলিত পোৱা যায়৷ এনেবোৰ খাদ্য ক’ৰোনা কালৰো উৎকৃষ্ট খাদ্য৷