বছৰৰ লেখেৰে ৬৫ বছৰমান বয়স হোৱাৰ লগে লগে ব্যক্তিৰ দেহত কিছুমান শাৰীৰিক বা মানসিক পৰিৱর্তন আহে আৰু সেইবোৰ বিশেষকৈ শৰীৰ আৰু শৰীৰতন্ত্রৰ ক্রিয়া–প্রতিক্রিয়া তাৰতম্যৰ ফলত উদ্ভৱ হয়৷ আৰু এনেবোৰে কাৰণতে আমাৰ মুখগহ্বৰতো নানান সমস্যাই দেখা দিয়ে৷ বয়োজ্যেষ্ঠসকলৰ সাধাৰণতে হোৱা মুখগহ্বৰৰ এটা সমস্যা হৈছে মুখত লেলাৱটিৰ পৰিমাণ কমি যোৱা, যাক চিকিৎসা বিজ্ঞানত ড্রাই মাউথ বা ‘জেৰোষ্টমিয়া’ Xerostomia) বোলা হয়৷ আমাৰ মুখগহ্বৰত থকা ‘ছেলাইভাৰী গ্লেণ্ড Salivary gland) নামৰ এক বিশেষ লেলাৱটি গ্রন্থিৰ পৰা থু বা লেলাৱটি নিঃসৰিত হয়৷ বয়স বঢ়াৰ লগে লগে এই লেলাৱটি গ্রন্থিবোৰৰ পৰিৱর্তন ঘটি কার্যক্ষমতা কমি আহে৷ ফলত মুখত থু ওলোৱাৰ পৰিমাণ কমি যায় আৰু পানীৰ নিচিনা তৰল লেলাৱটিৰ ঘনত্ব বাঢ়ি গৈ ডাঠ, আঁহজাতীয়, আঠালেতীয়া, শ্লেষ্মাৰ নিচিনা হয়গৈ৷ এনেকুৱা হ’লে ভুক্তভোগীয়ে খোৱা–বোৱাৰ পৰা আৰম্ভ কৰি কথা কোৱালৈকে সকলোতে একপ্রকাৰ অস্বস্তি–সুবিধা অনুভৱ কৰে৷ পাতল, তৰল সঠিক পৰিমাণত ওলোৱা লেলাৱটিয়ে মুখখন তিয়াই ৰাখি, প্রাকৃতিকভাৱে দাঁত, মুখ ধুই মুখগহ্বৰ পৰিষ্কাৰ কৰি ৰাখে৷ কিন্তু মুখত লেলাৱটিৰ মাত্রাৰ হেৰফেৰ হ’লে মুখগহ্বৰ অপৰিষ্কাৰ হৈ পৰে৷ অপৰিষ্কাৰ মুখগহ্বৰ দাঁত, মুখৰ ৰোগৰ প্রধান কাৰণ৷ তদুপৰি বয়স বৃদ্ধিৰ লগে লগে শৰীৰৰ কোষবোৰৰ কার্যক্ষমতা কমি গৈ ৰোগ প্রতিৰোধ কৰিব পৰা ক্রিয়া অৱনমিত হয়৷ সেয়েহে বয়োজ্যেষ্ঠ লোকসকল সতকায় বেমাৰত পৰাটো পৰিলক্ষিত হয়৷ বয়সীয়া লোকসকলে সাধাৰণতে ভোগা কিছুমান মুখগহ্বৰৰ সমস্যা হ’ল–
(১) দন্তক্ষয় ৰোগ বা ডেণ্টেল কেৰিজঃ বয়সৰ লগে লগে দাঁতৰ পৃষ্ঠভাগ মানে খাদ্যবস্তু চোবাই গুড়ি কৰি খোৱা অংশৰ ক্রমশঃ ক্ষয়প্রাপ্ত হয়৷ দাঁতত ৰং ধৰে বা দাঁতৰ বৰণ সলনি হৈ হালধীয়া, অস্বচ্ছ হৈ পৰে৷ দাঁতবোৰৰ মাজত ফাক হয়৷ দাঁতৰ ফাকবোৰত খাদ্যবস্তু সোমাই ৰয় আৰু কালক্রমত দন্তক্ষয় ৰোগৰ সৃষ্টি হয়৷
সাধাৰণতে ষাঠি বছৰৰ ওপৰৰ লোকসকলৰ ৰুট কেৰিজ Root caries) বা দাঁতৰ গুৰিত দন্তক্ষয় ৰোগ বেছিকৈ হোৱা দেখা যায়৷ বয়সৰ লগে লগে দাঁতৰ মাৰি বা আলু বহি গৈ মুখৰ হনুৰ হাড়ৰ ভিতৰত সোমাই থকা দাঁতৰ শিপা অংশ ওলাই পৰে৷ লেলাৱটিৰ পৰিমাণ কমি গৈ মুখগহ্বৰ অপৰিষ্কাৰ হোৱাৰ ফলত মুখগহ্বৰত থকা বেমাৰৰ সৃষ্টি কৰিব পৰা জীৱাণুবোৰ সক্রিয় হৈ পৰে আৰু দাঁতৰ আলু বহি গৈ উন্মুক্ত হৈ পৰা কোমল চিমেণ্টাম অংশত সংক্রমণ ঘটাই দন্তক্ষয় ৰোগৰ সৃষ্টি কৰে৷
(২) দাঁতৰ মাৰি বা আলুৰ ৰোগঃ বয়োজ্যেষ্ঠসকলৰ দাঁতৰ মাৰি বা আলুৰ ৰোগ বেছিকৈ হোৱা দেখা যায়৷ মুখগহ্বৰত থুৰ পৰিমাণ কমি যোৱাৰ লগে লগে মুখখন অপৰিষ্কাৰ হৈ পৰে৷ সেয়েহে বেছিভাগ বয়সীয়া লোকৰ মুখত বগা, লেকেতীয়া, বেক্টেৰিয়েল প্লাকৰ সৃষ্টি হয়৷ ফলত সংক্রমণ ঘটি দাঁতৰ মাৰি ফুলি উঠে৷ দাঁতৰ মাৰিৰ পৰা তেজ ওলায়, মুখ গোন্ধায় আৰু ঘাৰ সৃষ্টি হয়৷
বয়োজ্যেষ্ঠ লোকসকল সাধাৰণতে শৰীৰৰ আন আন তন্ত্র আৰু বিভিন্ন আভ্যন্তৰীণ ৰোগ যেনে, ডায়েবেটিছ, কিড্নীৰ বেমাৰ, পেটৰ বেমাৰ, কাহ–কফ, বা শ্বাস–প্রশ্বাসৰ বেমাৰ আদিত ভোগা দেখা যায়৷ এনেবোৰ ৰোগত দীর্ঘদিন ভুগি থাকিলে শৰীৰৰ প্রতিৰোধ ক্ষমতা কমি যায়৷ তেতিয়া দাঁত আৰু মুখৰ ৰোগ, বিশেষকৈ দাঁতৰ মাৰি বা আলুৰ ৰোগত বেছিকৈ আক্রান্ত হোৱা দেখা যায়৷ পেৰিয়’ডণ্টাইটিছ ৰোগ বাঢ়ি গৈ পুৰণা হ’লে দাঁতৰ মাৰি বা আলু একেবাৰে বহি যায়৷ দাঁতবোৰ সুঠামভাৱে ধৰি ৰখা মুখৰ হনুৰ হাড়ৰ ধ্বংসপ্রাপ্ত হয়৷ ফলত দাঁতবোৰ লৰিবলৈ ধৰে৷ এই ৰোগ বাঢ়ি গৈ থাকিলে এটা সময়ত দাঁতবোৰ একেবাৰে লৰি সৰি পৰে৷ কেতিয়াবা লৰি থকা দাঁতে খাদ্যবস্তু চোবাই খোৱাত অসুবিধাৰ সৃষ্টি কৰিলে সৰুৱাই পেলাবলগীয়া হয়৷
(৩) মুখৰ ভিতৰ অংশৰ পৰিৱর্তনঃ বয়স বঢ়াৰ লগে লগে মুখৰ ভিতৰৰ শ্লেষ্মা আৱৰণখন পাতল হৈ পৰে, বেছি মসৃণ হয় আৰু ৰঙা পৰি উঠে৷ শ্লেষ্মা আৱৰণখন ঢ়িলা হৈ পৰে আৰু ৰোগ প্রতিৰোধ কৰিব পৰা ক্ষমতা হেৰোৱাই পেলায়৷ ফলত মুখত ভেঁকুৰজাতীয় সংক্রমণ, যেনে– কেনডিডা এলবিকানছ বেছি হ’ব পাৰে৷
(৪) মুখত সম্পূর্ণ বা আংশিকভাৱে দাঁত নথকাঃ দন্তক্ষয় ৰোগৰ দ্বাৰা আক্রান্ত হোৱাৰ কাৰণেই হওক বা দাঁতৰ মাৰিৰ ৰোগৰ কাৰণেই হওক বয়সীয়া লোকসকলৰ আংশিক বা কেতিয়াবা সম্পূর্ণৰূপে দাঁত সৰুৱাই পেলাবলগীয়া হয়৷ মুখত দাঁত নাথাকিলে সৌন্দর্য হানি হোৱাৰ লগতে খাদ্যবস্তু চোবাই গুড়ি কৰি খাই খোৱাৰ জুতি লোৱাৰ পৰা বঞ্চিত হোৱাৰ উপৰি খোৱাত বহুত অসুবিধা হয়৷ সেয়েহে সোলা বা সম্পূর্ণৰূপে দাঁত নথকা বয়সীয়া লোকসলৰ সততে পেটৰ বেমাৰ বা বদহজমত ভোগা দেখা যায়৷ তদুপৰি মুখৰ ওপৰ–তল দুয়োপাৰি হনুত দাঁত নাথাকিলে মুখৰ দৈর্ঘ্যৰ বেমেজালি ঘটি হনুৰ জোৰাত বিষয় হ’ব পাৰে আৰু ওঁঠৰ কোণত ঘা লাগিব পাৰে৷ লম্বিক দৈর্ঘ্য আৰু কেন্দ্রীয় সম্পর্কৰ তাৰতম্যৰ ফলত দাঁত নথকা বয়সীয়া মানুহৰ মুখৰ পৰা লেলাৱটি ওলাই থাকে৷
(৫) দাঁতৰ সিৰসিৰণিঃ বিভিন্ন কাৰণত বয়োজ্যেষ্ঠসকলৰ দাঁতৰ কঠিন কলা এনামেলভাগ ক্ষয়প্রাপ্ত হৈ জীৱিত কলা ডেণ্টিনভাগ মুক্ত হৈ পৰে৷ তদুপৰি দন্তক্ষয় বা ডেণ্টেল কেৰিজৰ দ্বাৰা আক্রান্ত হৈয়ো এনামেল ডেণ্টিন ক্ষয়প্রাপ্ত হয় আৰু ৰোগটো বাঢ়ি গৈ দাঁতৰ ভিতৰত থকা কোমল মজ্জা অংশ পাল্প pulp) পায়গৈ৷ দাঁতৰ মজ্জা অংশত স্নায়ু থাকে বাবে এনেকুৱা অৱস্থাত ব্যক্তিয়ে দাঁতৰ সিৰসিৰণি অনুভৱ কৰে৷ ঠিক তেনেদৰে দাঁতৰ মাৰি বা আলুৰ ৰোগৰ সংক্রমণৰ বাবে দাঁতৰ মাৰি বহি গৈ দাঁতৰ ৰুট বা শিপা অংশৰ চিমেণ্টামভাগ মুকলি কৰি দিয়ে৷ তেনেকুৱা অৱস্থাতো ব্যক্তিয়ে সিৰসিৰণি অনুভৱ কৰে৷ ঠাণ্ডা, টেঙা, মিঠা আদি খাদ্য খালে বা দাঁতত জোৰকৈ বতাহৰ চাপ লাগিলেও এই সিৰসিৰণি বেছি হয়৷
(৬) মুখৰ ঘাঃ বয়স বঢ়াৰ লগে লগে মানৱ দেহৰ কোষ, কলা আৰু পেশীবোৰৰ ধাৰণ ক্ষমতা কমি যায় আৰু পেশীবোৰ শিথিল হৈ পৰে৷ বিভিন্ন আভ্যন্তৰীণ ৰোগ, মানসিক চাপ, হৰম’নৰ তাৰতম্য তথা পৰিৱর্তনৰ বাবে বৃদ্ধাৱস্থাত সঘনাই মুখৰ ভিতৰত, যেনে– জিভাৰ তলত বা কাষত, ওঁঠৰ ভিতৰভাগত, ওঁঠৰ কোণত আৰু তালুত ঘা হোৱা দেখা যায়৷ বয়োজ্যেষ্ঠ মহিলাসকলৰ বিশেষকৈ ৰজ নিবৃত্তি বা মাহেকীয়া বন্ধ হোৱাৰ পাছত মুখত জলা–পোৰা কৰা ধৰণৰ ঘা যেনে– চাব মিউকাছ ফাইব্রছিছ submucaus fibrosis), লাইকেন প্লেনাছ lichen plances), লিউক প্লাকিয়া luk plakia) আদি হোৱা দেখা যায়৷ পুৰুষসকলৰ ক্ষেত্রত দীর্ঘদিনীয়া ধূমপান, ধঁপাত সেৱন আৰু মদ্যপানো এনেধৰণৰ ঘা সৃষ্টিৰ এক মুখ্য কাৰণ হ’ব পাৰে৷
বয়োজ্যেষ্ঠসকলৰ দাঁতৰ যতন
বয়স হ’ল বুলিয়েই যে মানুহৰ ডাঢ়ি–চুলি পকি গালে–মুখে বর্ধক্যৰ আঁচোৰ পৰি দাঁত লৰি–সৰি লাপুং বুঢ়া হ’ব লাগিব তেনে কোনো ধৰা–বন্ধা কথা নাই৷ বিজ্ঞানৰ অগ্রগতিৰ লগে লগে মানহে বার্ধক্যক হাতৰ মুঠিত ধৰি ৰাখিবলৈ শিকিছে৷ উন্নত জীৱন যাপন পৰিপুষ্টিৰে ভৰা খাদ্য নিয়মিতভাৱে লোৱা স্বাস্থ্যৰ যতনে বৃদ্ধ অৱস্থাতো শৰীৰটোক নিৰোগী কৰি ৰাখি জীৱনটো উপভোগ কৰাত অৰিহণা যোগাইছে৷
যিসকল বয়সীয়া লোকে দেহটোৰ যতন নিজেই ল’ব পাৰে, তেওঁলোকে স্বয়ংভাৱে আৰু যিসকলৰ সহায়ৰ প্রয়োজন হয়, তেওঁলোকৰ ক্ষেত্রত পৰিয়ালৰ আন আন সদস্যসকল৷ সহায়কাৰীসকল অকণমান সজাগ–সচেতন হ’লে এইসকল ব্যক্তিয়ে সুন্দৰভাৱে স্বাস্থ্য উপভোগ কৰিব পাৰে৷ বয়সীয়া লোকসকলৰ দাঁত–মুখৰ সাধাৰণতে পোৱা অসুবিধাতো হৈছে দুটা দাঁতৰ মাজত হোৱা ফাক য’ত কিবা খালে খাদ্যবস্তু সোমাই ৰয় আৰু আনটো হৈছে খাদ্য কামুৰি, চোবাই খাবলৈ দাঁতত জোৰ নোপোৱা৷ এই দুটাৰ পৰা হাত সাৰি থাকিবলৈ সততে দাঁত–মুখ পৰিষ্কাৰ কৰি ৰাখিব লাগে৷ বয়োজ্যেষ্ঠসকলৰ বাবে দাঁত চাফা কৰা সঁজুলি আৰু বিভিন্ন ধৰণৰ টুথব্রাছ উপলব্ধ৷ তেওঁবিলাকৰ বাবে বিদ্যুৎচালিত টুথব্রাছ বেছি উপকাৰী৷ ঠিক তেনেদৰে দাঁত ব্রাছ কৰাৰ পদ্ধতিও কিছু বেলেগ৷ অভিজ্ঞ দন্ত চিকিৎসকৰ দ্বাৰা দাঁত ব্রাছ কৰাৰ সঠিক পদ্ধতি শিকি ল’ব লাগে আৰু এই বিষয়ত পৰামর্শ ল’ব লাগে৷ পুৱা–গধূলি দুবাৰকৈ দাঁত ব্রাছ কৰা, খাই উঠাৰ পিছত মুখখন ভালদৰে কুলকুল কৰা, দাঁতৰ ফাক বা দুটা দাঁতৰ মাজত সোমাই থকা খাদ্যবস্তুৰ অৱশেষবোৰ ডেণ্টেল ফ্লছ বা ইণ্টাৰ ডেণ্টেল ব্রাছৰ সহায়ত পৰিষ্কাৰ কৰাটো অতি দৰকাৰী৷
প্রতি ছমাহৰ মূৰে মূৰে নিয়মিত অভিজ্ঞ দন্ত চিকিৎসকৰ দ্বাৰা দাঁত–মুখ পৰীক্ষা কৰাব লাগে আৰু কিবা আসোঁৱাহ থাকিলে তৎক্ষণাত তাৰ প্রতিকাৰ কৰিব লাগে৷ দাঁতৰ ৰোগ কেতিয়াও অৱহেলা কৰিব নালাগে৷ সুষম খাদ্য খাব লাগে৷ খাদ্যই কেৱল শৰীৰৰ পৰিপুষ্টিয়েই যোগান নধৰে৷ খাদ্যই মনতো প্রভাৱ পেলায়৷ খাদ্য আৰু দাঁতৰ সম্পর্ক অতি গুৰুত্বপূর্ণ৷ বেছি টান, টেঙা, মিঠা, জলা, মছলা থকা খাদ্য বয়সীয়া লোকে পৰাপক্ষত নোখোৱাই ভাল৷
মুখত লেলাৱটিৰ পৰিমাণ কমি যোৱাৰ ফলত বিভিন্ন অসুবিধা আৰু নানান ৰোগৰ সৃষ্টি হয়৷ এইক্ষেত্রত বিভাগীয় বিশেষজ্ঞ চিকিৎসকৰ পৰামর্শ লোৱাটো অতীব প্রয়োজনীয়৷ এনে অসুবিধাত ভুগি থকা ৰোগীয়ে পানী বেছিকৈ খাব লাগে৷
কৃত্রিম দাঁত ব্যৱহাৰ কৰা লোকসকলে দাঁতযোৰৰ পৰিষ্কাৰ–পৰিচ্ছন্ন গুৰুত্ব দিব লাগে৷ ঢ়িলা, মুখত খাপ নোখোৱা, ভগা–ছিগা, সঠিক পদ্ধতিৰে নবনোৱা কৃত্রিম দাঁত কেতিয়াও ব্যৱহাৰ কৰিব নালাগে৷ ইয়াৰ পৰা উপকাৰতকৈ অপকাৰহে বেছি হ’ব পাৰে৷
মুখত ভগা–ছিঙা ধাৰ থকা জোঙা দাঁত থাকিলে সেইবোৰ সৰাই পেলাব লাগে৷ নহ’লে সেইবোৰে মুখৰ ভিতৰতভাগত কাটি ঘঁহনি খোৱাই ঘাৰ সৃষ্টি কৰিব পাৰে৷ শৰীৰৰ আভ্যন্তৰীণ ৰোগ থাকিলে সেইবোৰৰ চিকিৎসা কৰাব লাগে কাৰণ সেইবোৰৰ কাৰণেও মুখত নানান ৰোগৰ লক্ষণে দেখা দিব পাৰে৷ সুস্থ দেহত সুস্থ মন৷ বয়োজ্যেষ্ঠসকলে পৰিষ্কাৰ–পৰিচ্ছন্ন হৈ থাকি আনন্দ–স্ফূর্তিৰে জীৱনটো উপভোগ কৰাত প্রাধান্য দিব লাগে৷
ফোনঃ ৯৮৬৪০–১০২১৫