নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰস্বতী পূজাৰ আগতে ওজন হ্রাস কৰিব বিচাৰে নেকি?

আপুনি এনে কিছু খাদ্য খাব লাগিব যিয়ে আপোনাৰ ওজন নিয়ন্ত্রণত সহায় কৰিব আৰু স্বাস্থ্য ভালে ৰাখিব৷ বহু লোকে ভাবে কম খালেহে ওজন হ্রাস হয়৷ কিন্তু পুষ্টিবিদসকলে কৈছে যদি ওজন হ্রাস কৰোঁতে শৰীৰত পর্যাপ্ত পুষ্টিৰ অভাৱ হয়, ই স্বাস্থ্যক ক্ষতি কৰিব৷ সেয়ে আপুনি খাদ্য খাব লাগিব, কিন্তু কেনেধৰণৰ খাদ্য খাব তলত উল্লেখ কৰা হ’ল–

  • অ’মেগা–৩সমৃদ্ধ খাদ্য খাব লাগিব৷ অ’মেগা–৩সমৃদ্ধ খাদ্যই চর্বি হ্রাস কৰাত সহায় কৰে৷ সামুদ্রিক মাছত যথেষ্ট অ’মেগা–৩ থাকে৷ ইয়াৰ উপৰি চয়াবিনতো অ’মেগা–৩ যথেষ্ট পৰিমাণে থাকে৷
  • প্র’টিনসমৃদ্ধ খাদ্য পাব৷ প্র’টিনে শৰীৰৰ পেশী শক্তিশালী কৰে৷ অতিৰিক্ত চর্বি হ্রাস কৰাত প্র’টিনেও যথেষ্ট সহায় কৰে৷ দুগ্ধজাত সামগ্রী, কণী আৰু সেউজীয়া পাচলিত প্র’টিন থাকে৷
  • পটাছিয়ামসমৃদ্ধ খাদ্য খাব৷ এক অধ্যয়নত কোৱা হৈছে যে পটাছিয়ামে ওজন নিয়ন্ত্রণত ৰাখি শৰীৰক স্বাস্থ্যৱান কৰি ৰাখে৷ ইয়াৰ উপৰি পটাছিয়ামে শৰীৰৰ কোষবোৰত উপকাৰী উপাদান প্রদান কৰে৷ পটাছিয়াম দাইল, পালেং শাক, ব্রকলিত প্রচুৰ পৰিমাণে থাকে৷
  • ভিটামিন ‘চি’সমৃদ্ধ খাদ্য খাব৷ ভিটামিন ‘চি’য়ে শৰীৰৰ পৰা সকলো দূষিত পদার্থ আঁতৰাই শৰীৰ সতেজ কৰি ৰাখে৷ টেঙা, সেউজীয়া পাচলি, ষ্ট্র’বেৰীত ভিটামিন ‘চি’ পোৱা যায়৷
  • আঁহসমৃদ্ধ খাদ্য খাব৷ আঁহজাতীয় খাদ্যই হজম বৃদ্ধি, ওজন হ্রাস, কলেষ্টৰেল হ্রাস, উচ্চ ৰক্তচাপ হ্রাস কৰাত সহায় কৰে৷ বিভিন্ন শস্য, বাদাম আদিত পর্যাপ্ত পৰিমাণৰ আঁহ থাকে৷
You might also like