নিচাসক্তি এৰিব বা এৰাব বিচাৰে নেকি? যদি বিচাৰে তেন্তে নিচাসক্তি আৰু ইয়াৰ চিকিৎসা পদ্ধতিৰ বিষয়ে জানি লোৱা অতি প্রয়োজন৷ সাধাৰণ অর্থত আসক্তি হ’ল কিছুমান কর্ম কৰাৰ তাগিদা, যাক নিয়ন্ত্রণ কৰাটো কঠিন৷ যিকোনো আসক্তি প্রথম অৱস্থাত যিকোনো এটা অজুহাতত আৰম্ভ হয় আৰু পিছলৈ তাক নিয়ন্ত্রণ কৰাটো কঠিন হৈ পৰে৷ মাদক দ্রব্যৰ আসক্তিও ইয়াৰ ব্যতিক্রম নহয়৷ গৱেষণাৰ পৰিসংখ্যা অনুসৰি ভাৰতবর্ষৰ ২.৬ কোটি মানুহে হেৰোইন, মৰফিনজাতীয় ওপয়ড ড্রাগ্ছ ব্যৱহাৰ কৰে৷ তাৰে ৬০ লাখ পর্যন্ত মানুহ ওপয়ড ইউজ ডিছর্ডাৰত ভোগে৷ প্রায় ১ কোটি ১৮ লাখ মানুহে নাকেৰে শুঙা আৰু টোপনি অহা ড্রাগ্ছ ব্যৱহাৰ কৰে৷ ইয়াৰে প্রায় ৪.৬ লাখ শিশু, কিশোৰ–কিশোৰী আৰু ১৮ লাখ প্রাপ্তবয়স্কক বর্তমান চিকিৎসাৰ প্রয়োজন৷ ই প্রাপ্তবয়স্কতকৈ অধিক শিশু আৰু কিশোৰ–কিশোৰীৰ মাজত প্রচলিত৷ ৮.৫ লাখতকৈ অধিক লোকে নিচাযুক্ত ইনজেকচন ব্যৱহাৰ কৰে৷ ইয়াৰ উপৰি ভাৰতৰ জনসংখ্যাৰ প্রায় ১৪.৬ শতাংশই নিচাৰ বাবে মদ ব্যৱহাৰ কৰে৷ তাৰে প্রায় ৬ কোটি লোকে এলকহল ডিপেণ্ডেনছ ছিন্দ্রমত ভুগি আছে৷ অর্থাৎ মদ খোৱা মানুহৰ প্রতি তিনিজনৰ ভিতৰত এজনে এলক’হল ডিপেণ্ডেনছ ছিন্দ্রমত ভুগি আছে৷ বিশেষজ্ঞসকলৰ মতে, নিচাসক্তি হেনো ৬০ শতাংশ নির্ভৰ কৰে বংশগতিৰ ওপৰত অর্থাৎ জেনেটিক কাৰণত৷ ২০ শতাংশ পৰিৱেশ আৰু সংগৰ ওপৰত নির্ভৰ কৰে আৰু শেষ ২০ শতাংশহে মাথোঁ নিজৰ ওপৰত নির্ভৰ কৰে৷
কিছুদিন আগতে বৈদ্যুতিন মাধ্যম আৰু সামাজিক মাধ্যমেৰে জানিব পৰা বাতৰি অনুসৰি অসমৰ পুৰুষসকলৰ লগতে মহিলাসকলো মদ্যপানৰ দিশত আগশাৰীত উপস্থিত হৈছে৷ ই জাতি বা অসমীয়াৰ বংশৰ বাবে এক শংকিত কৰা বাতৰি আছিল৷ উপভোগ বা মানসিক চাপ বা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ব্যৱহাৰ কৰা মাদক দ্রব্যই প্রজন্মক কোন দিশে লৈ গৈছে ই এক চিন্তনীয় বিষয়৷ কাউন্সেলিঙৰ সময়ত বহুতো এলকহল ডিপেণ্ডেনছ আৰু ছাবষ্টেনছ এবিউজ কেছ দেখিলোঁ৷ তাৰ ভিতৰত অনেকে এই নিচাসক্তি এৰিব বিচাৰে কিন্তু নোৱাৰে আন কিছুমানে এৰে, কিন্তু পুনৰাবৃত্তি ঘটে, আন কিছুমানে ঘৰৰ চাপত ৰিহেবিলিটেছন চেণ্টাৰত সময় কটাই আহিও এৰিব নোৱাৰে৷
নিচাসক্তি এৰিব বিচৰা লোকসকলৰ বাবে ফার্মাকোলোজিকেল আৰু চাইকোছ’চিয়েল দুয়োবিধ চিকিৎসাৰে প্রয়োজন হয়৷ এটা চিকিৎসা পদ্ধতি আনটোৰসহায়ক৷ ফার্মাকোলোজিকেল চিকিৎসাৰ ভিতৰত দৰবেৰে কৰা চিকিৎসা আৰু চাইকোছ’চিয়েল চিকিৎসাৰ ভিতৰত কাউন্সেলিং আৰু চাইক’থেৰাপীৰ প্রয়োজন হয়৷ নিচাসক্তিৰ চিকিৎসাৰ বাবে প্রথমে আসক্তজন আৰু পৰিয়ালে চিকিৎসা পদ্ধতিৰ বিষয়ে আৰু ইয়াৰ লক্ষ্যৰ বিষয়ে ভালদৰে জনা উচিত৷ এই চিকিৎসা পদ্ধতিৰ প্রধান লক্ষ্য হ’ল– নিচাযুক্ত দ্রব্য পৰিহাৰ, শাৰীৰিক ক্ষয়–ক্ষতি কম কৰা আৰু স্বাস্থ্য, সামাজিক, পেছাগত ক্রিয়াকলাপৰ উন্নতি তথা জীৱনৰ মান উন্নত কৰা৷ এনে ধৰণৰ চিকিৎসা পদ্ধতি তিনিটা পর্যায়ত সমাপন কৰা হয়৷
প্রথম পর্যায়ত ২ৰ পৰা ৪ সপ্তাহ সময় লাগে৷ এই পর্যায়ত বিষহৰণ অর্থাৎ ডিটক্চিফিকেচন কৰা হয়৷ আসক্ত দৰব বন্ধ কৰাৰ ফলত সৃষ্টি হোৱা পার্শ্বক্রিয়া অথবা উইড্রয়েল ছিম্পটম আদি আঁতৰোৱাৰ বাবেও ফার্মাকোলোজিকেল চিকিৎসা দিয়া হয়৷ মধ্যৱর্তী পর্যায়ত পুনৰাবৃত্তি প্রতিৰোধ কৰাৰ লগতে ৰোগীজনক সমাজৰ লগত অথবা সামাজিক কাম–কাজৰ লগত জডিত কৰাৰ চেষ্টা কৰা হয়৷ এই পর্যায়ত চিকিৎসাৰ সময় হ’ল ৩ৰ পৰা ৬ মাহ পর্যন্ত৷ পর্যায়টোত চাইক’থেৰাপীৰ ভূমিকা অধিক৷ তৃতীয় পর্যায়টো হ’ল শেষৰ পর্যায়৷ ইয়াৰ বাবে ছমাহতকৈ অধিক সময়ৰ প্রয়োজন হয়৷ এই সময়ছোৱাত সুস্থ জীৱনধাৰা আৰু নিচাসক্তিৰ লগত মোকাবিলা কৰিব পৰা বিকল্প কৌশলৰ প্রতি আগ্রহী কৰা যায়৷ যিকোনো আসক্তিৰ প্রতি এই চিকিৎসা পদ্ধতি সকলোৰে বাবে একে৷ কিন্তু আমাৰ সমাজত আসক্ত লোকৰ চিকিৎসাত হয়তো চিকিৎসকৰ দ্বাৰা ফার্মাকোলোজিকেল চিকিৎসা অর্থাৎ দৰবেৰে চিকিৎসা কৰিব বিচাৰে নাইবা চাইক’লোজিষ্টৰ সুকীয়াকৈ চিকিৎসা কৰিব বিচাৰে৷ দৰাচলতে ছাবষ্টেনছ ইউজ ডিছর্ডাৰৰ চিকিৎসাৰ বাবে সমান্তৰালভাৱে দৰব আৰু চাইক’থেৰাপীৰ দৰকাৰ৷ নিচাসক্তিৰ চিকিৎসা আৰম্ভ কৰাৰ আগতে নিচাসক্ত ব্যক্তিজনক মানসিকভাৱে চিকিৎসাৰ প্রতি আগ্রহী কৰি তোলা উচিত৷ তাৰ বাবে ব্যক্তিজনৰ কর্মব্যস্ততা আৰু আৱেগিক শক্তিক ব্যৱহাৰ কৰা উচিত৷ পৰিয়ালৰ মানুহে কোনোধৰণৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নকৰাকৈ লাহে লাহে কর্মব্যস্ত কৰি তোলাৰ লগতে ব্যক্তিজনক চিকিৎসাৰ প্রতি আৰু নিচাসক্তিৰ পৰা পৰিত্রাণ পাবলৈ ইচ্ছুক কৰি তোলা উচিত৷
বহুতো সম্ভ্রান্ত পৰিয়ালৰ বর্তমানৰ মূৰৰ কামোৰণিস্বৰূপ এই নিচাসক্তি৷ পৰিয়ালৰ বিনাশৰ অন্যতম কাৰণ হৈ পৰিছে এই নিচাসক্তি৷ নিচাসক্তি প্রতিৰোধৰ বাবে বিভিন্ন আঁচনি প্রস্তুত কৰিলেও সাধাৰণ মানুহৰ সজাগতা অবিহনে ই সফল হ’ব নোৱাৰে৷ যিটো হাৰত অসমত নিচাসক্তিৰ পৰিমাণ বাঢ়িছে পঞ্জাব, দিল্লী আৰু উত্তৰ প্রদেশৰ সমপর্যায় অথবা ইয়াৰ অতিক্রম কৰিবলৈ হয়তো আৰু বেছি দিন নালাগিব৷ নিচাসক্তি অভ্যাস জিনত সোমালে হয়তো হৈ পৰিব ই আনুবংশীক আৰু ইয়াক নিয়ন্ত্রণ কৰিবলৈ লাগি যাব শতিকাৰ ঊর্ধ্বত সময়৷ ইয়াক নিয়ন্ত্রণ কৰাত পৰিয়াল আৰু পিতৃ–মাতৃৰ ভূমিকা অন্যতম৷ ল’ৰা–ছোৱালীৰ চাল–চলন, বন্ধুবর্গ আৰু পৰিয়ালৰ নিয়মানুৱর্তিতাৰ প্রতি পিতৃ–মাতৃ আৰু পৰিয়ালৰ সদস্য অধিক সচেতন হোৱা উচিত৷ যদি শিশুকালৰ পৰাই এজন ল’ৰা বা ছোৱালীয়ে দেউতাকক বা মাকক ঘৰতে নিচাসক্ত অৱস্থাত লগ পায়, তেন্তে তেনে সন্তানে উপভোগৰ মাধ্যম বা মানসিক চাপ মোকাবিলা কৰাৰ মাধ্যম হিচাপে নিচাসক্তি বাছি লোৱাটো একেবাৰেই সাধাৰণ হৈ পৰে৷ তেনেক্ষেত্রত পিতৃ–মাতৃৰ ৰুক্ষ ব্যৱহাৰ আৰু পৰিয়ালৰ নেতিবাচক পৰিৱেশে সন্তানক অধিক নিচাসক্ত কৰি তুলিব পাৰে৷ যদি সন্তানৰ মনত তেওঁৰ ঘৰখন স্বচ্ছ–নিকা আৰু উন্নত নিয়মানুৱর্তিতাৰ ঘৰ বুলি ধাৰণা থাকে তেতিয়া সন্তানে নিশ্চয়কৈ তেনে পৰিয়ালক নিচাসক্তিৰে কলুষিত কৰিব নিবিচাৰিব৷ বেছিভাগ অক্রিয়াশীল অর্থাৎ ডিছফাংছনেল পৰিয়ালৰ সদস্যইহে নিচাসক্তিৰে জীৱন ধ্বংস কৰা দেখা যায়৷ গতিকে পৰিয়াল ক্রিয়াশীলভাৱে গঠন কৰিবলৈ শিকিব লাগে পেৰেণ্টিং অর্থাৎ পিতৃত্ব–মাতৃত্ব কৌশল৷ নিজৰ জ্ঞানৰ ওপৰত অধিক বিশ্বাস আৰু পেছাগত অহংকাৰেও পিতৃ–মাতৃক সন্তানৰ পৰা মানসিকভাৱে আঁতৰ কৰিব পাৰে৷ যাৰ ফলত সন্তানৰ নিচাসক্ত ৰূপ মাক–দেউতাকে দেখিবলৈ পায়৷ সেইবোৰ দেখি পিতৃ–মাতৃয়ে চিকিৎসক, ৰিহেবিলিটেছন চেণ্টাৰ বা চাইক’লোজিষ্টৰ ওচৰ চাপে যদিও নিজৰ সহ্যগুণ অথবা চিকিৎসাটো দীঘলীয়া বাবে আধৰুৱাকৈ এৰি দিয়ে৷ আকৌ কিছুদিন পিছত একে সমস্যাৰে পুনৰাবৃত্তি ঘটে৷ নির্দিষ্ট পর্যায়ৰ মাজেৰে কৰা সম্পূর্ণ চিকিৎসা পদ্ধতিৰ দ্বাৰা নিচাসক্তিৰ পৰা হাত সাৰিব পৰা উপায় নিশ্চয়কৈ আছে৷ তথাপি চিকিৎসাতকৈ প্রতিৰোধ যিহেতু শ্রেষ্ঠ, গতিকে নিচাসক্তিৰ প্রাৰম্ভিকতাক অৱহেলা নকৰি সজাগতাৰে প্রতিৰোধ কৰাৰহে চেষ্টা কৰিব লাগে৷ নিজে সক্ষম নহ’লেও বিশেষজ্ঞৰ সহায় লৈ হ’লেও সামাজিক ব্যাধিস্বৰূপ নিচাসক্তিৰ পৰা আপোনজনক বচাই ৰখাটো কর্তব্য হোৱা উচিত৷