নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত পুনৰ বিজেপিৰ নেতৃত্বত চৰকাৰ

নিয়মীয়া বার্তা, ৭ এপ্রিলঃ ৫৮নং তামুলপুৰ বিধানসভা সমষ্টিৰ নির্বাচন আজি সুকলমে অনুষ্ঠিত হয়৷ বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বডোৱে আজি তামুলপুৰৰ সৌৰাগুৰি প্রাথমিক বিদ্যালয় ভোটগ্রহণ কেন্দ্রত দিনৰ ১১ বজাত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে৷ ভোটাধিকাৰ সাব্যস্ত কৰি সকলো ভোটাৰকে ধন্যবাদ জ্ঞাপন কৰে প্রমোদ বড়োৱে৷ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি তেও হিচাপে গৌৰৱ অনুভৱ কৰি ক’ব বিচাৰোঁ যে এই নির্বাচনৰ জৰিয়তে আমি নিজে মনে বিচৰা ধৰণে এগৰাকী বিধায়ক বাছনি কৰিব পাৰিম৷ ৰাজ্যত এখন শক্তিশালী চৰকাৰ গঠনত সহায় কৰিব পাৰিম৷ অসমত এইবাৰ কোনো বিকল্প নাই৷ ৰাইজে এইবাৰ সিদ্ধান্ত লৈছে অসমত বিজেপি–ইউপিপিএল–গ আৰু জিএছপিৰ প্রার্থীকে ভোট দিব৷ মহাজেজাটৰ বর্তমান সময়ত কোনো মূল্য নাই৷ আমি ভাবিছোঁ অসমৰ বিভিন্ন জাতীয় সমস্যা সমাধান কৰাৰ স্বার্থত আৰু অসমখন ভাৰতবর্ষৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে গঠন কৰাৰ স্বার্থত এখন সুস্থ আৰু সবল চৰকাৰৰ আৱশ্যক৷ মিত্রজেজাটৰ চৰকাৰখনে ইয়াৰ বাবে উপযুক্ত হ’ব৷ সেয়ে মই ৰাইজক আহ্বান জনাইছেছা ৰাইজে দলে দলে আহি নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক৷ বিপিএফৰ প্রার্থিত্ব ত্যাগ কৰি বিজেপিত যোগদান কৰা ৰংজা খুংগুৰ বসুমতাৰীৰ সন্দর্ভত মন্তব্য কৰি বডোৱে কয়– তেওঁ কি কৰিছে সেয়া তেওঁৰ ব্যক্তিগত কথা৷ তেওঁ নিজে চিন্তা কৰিব কোনটো ভাল বা কোনটো বেয়া৷ তেওঁ হয়তো এটা ভাল চিন্তা কৰিয়েই এই সিদ্ধান্ত গ্রহণ কৰিছে৷ মই তেওঁক অভিনন্দন জনাইছোঁ৷

ইপিনে, লোকসভাৰ সাংসদ তথা ৬২নং বৰমা বিধানসভা সমষ্টিৰ নির্দলীয় প্রার্থী নৱকুমাৰ শৰণীয়াই তামুলপুৰ চৰকাৰী মজলীয়া বিদ্যালয়ত আবেলি চাৰি বজাত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে৷ এইবাৰ বিজেপিৰ নেতৃত্বতে মিত্রজেজাটে ৰাজ্যত চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি তেওঁ মন্তব্য কৰে৷ বৰমা সমষ্টিত তেওঁৰ জয় নিশ্চিত বুলি মন্তব্য কৰি তেওঁ কয়– বিধানসভা সমষ্টি এটাৰ উন্নয়নত বিধায়ক এগৰাকীৰ ভূমিকা যথেষ্ট আছে৷ ৰংজা খুংগুৰ বসুমতাৰী সন্দর্ভত মন্তব্য কৰি শৰণীয়াই কয়– তামুলপুৰত এইবাৰ বিপিএফ দল সংকটত আছিল৷ বিপিএফে প্রার্থী নির্বাচনৰ ক্ষেত্রত যথেষ্ট ভুল কৰা বুলি মোৰ অনুভৱ হয়৷ তেওঁ পুনৰ কয়– বিটিচি নির্বাচনৰ পাছত বিটিচিত যিখন চৰকাৰ গঠন হ’ল সেই চৰকাৰখনে গ্রহণ কৰা এজেণ্ডাৰ জৰিয়তে বডো আৰু অনাবডো ৰাইজৰ মাজত চলি থকা সংঘাতৰ এক স্থায়ী সমাধান হোৱাৰ পথ প্রশস্ত হৈছে৷ ইতিমধ্যে অসমীয়া ভাষাৰ সমস্যা সমাধান হোৱাৰ উপৰি মাটি–বাৰীৰ সমস্যা সমাধান হ’ব বুলিও মই আশাবাদী৷ তামুলপুৰ বিধানসভা সমষ্টিৰ ৩০৮টা ভোটগ্রহণ কেন্দ্রৰ দুই–এটা ভোট কেন্দ্রত ইভিএমক লৈ বিসংগতি দেখা গৈছিল যদিও পৰৱর্তী সময়ত বিষয়া–কর্মচাৰীৰ তৎপৰতাত এই বিসংগতিৰ সমস্যাৰ সমাধান হয় আৰু সুকলমে ভোটগ্রহণ সমাপ্ত হয়৷ তামুলপুৰ সমষ্টিৰ ইউপিপিএলৰ প্রার্থী লেহোৰাম বডো, ৰাইজৰ দলৰ প্রার্থী নগেন চন্দ্র দাস, ভাৰতীয় গণ পৰিষদৰ প্রার্থী নির্মলা দাস, নির্দলীয় প্রার্থী কেশৱ ৰাজবংশী, যশোৱন্ত চৌহানৰ উপৰি অন্যান্য প্রার্থীসকলেও নিজ নিজ ভোট কেন্দ্রত ভোটাধিকাৰ সাব্যস্ত কৰে৷

You might also like