জলাতংক বা ৰেবিছ ৰোগ কি?
আমাৰ চাৰিওকাষে থকা পৰিৱেশৰ লগত আমি ওতপ্রোতভাৱে জড়িত৷ কিন্তু চৌদিশে বিভিন্ন ভাইৰাছ বা বেক্টেৰিয়া জীৱৰ কাৰণে ৰোগৰ বাহক হ’ব পাৰে৷ তেনে ভাইৰাছৰ ভিতৰত জলাতংক বা ৰেবিছ ভাইৰাছো অন্যতম৷ প্রকৃততে, ৰেবিছ যিকোনো আক্রান্ত জন্তুৰ লেলাৱতিৰ পৰা সংক্রমিত হৈ কেন্দ্রীয় স্নায়ুতন্ত্রলৈ শিপোৱা স্নায়ুজনিত বিজুতি৷ সাধাৰণতে ৰবডোভিৰিডি পৰিয়ালৰ লাইচা ভাইৰাছৰ দ্বাৰা আক্রান্ত হয় যদিও অতি সহজে আন মানুহকো মৃত্যুমুখত পেলাব পাৰে৷ সেয়ে এই ৰোগৰ প্রধান লক্ষণসমূহ এনেধৰণৰ–
দৰাচলতে ৰেবিছ ভাইৰাছৰ বীজাণু দেহত সোমোৱাৰ কিছুদিনৰ পিছতে ইয়াৰ উপসর্গসমূহ ফুটি উঠে৷ সেই অনুসৰি–
–জ্বৰ বা মূৰৰ বিষ৷
–অনিদ্রা, অস্বাভাৱিক আচৰণ৷
–পোহৰ আৰু শব্দৰ প্রতি অতি সংকোনশীলতা৷
–ভ্রম বা আংশিক পক্ষাঘাত৷
–গিলিবলৈ অসুবিধা পোৱা৷
–ডিঙিৰ পেশীসমূহ সংকোচন হোৱা৷
–আক্রান্ত জন্তুৱে কামোৰা অংশত বিষ বা খজুৱতি হোৱা৷
–উদ্বেগ, বিভ্রান্তি ইত্যাদি৷
প্রকৃততে, জলাতংক যিকোনো সংক্রমিত জন্তুৰ দ্বাৰা বিয়পিব পাৰে৷ গতিকে, ইয়াৰ কাৰকসমূহ জনাটোও প্রয়োজনীয়৷
সাধাৰণতে আমাৰ পোহনীয়া জন্তু কুকুৰ, মেকুৰী, গৰু, ছাগলী, ঘোঁৰা ঠিক একেদৰে বন্যজন্তু বাদুলি, শিয়াল, ৰেকুন, শংকচ আদিয়ে সংক্রমণৰ ঘাই কাৰক বুলি গণ্য কৰা হয়৷ অৱশ্যে কিছুমান ক্ষেত্রত সংক্রমিত প্রাণীটোৰ লেলাৱতি কোনো কাৰণত মুকলি ঘাঁ, চকুত পৰিলে নতুবা সংক্রমিত অংগৰ পৰা কোষ কলা আৰু অংগ সংৰোপণপ্রাপ্তকতাল্ বিয়পিব পাৰে৷
ৰোগ নির্ণয়”: প্রকৃততে, এণ্টেমটাম ৰোগ নির্ণয়ত কিছুমান এণ্টিজেন ভাইৰাছ বিচ্ছিন্নতা বা চেৰোলজী পৰীক্ষাৰ সহায় ল’বলগীয়া হয়৷ তাৰ উপৰি ইমিউনোফ্লুবেচেণ্ড লেলাৱতিৰ ভাইৰেল নিউক্লিক এচিড বা ডিঙিৰ নেপৰ পৰা লোৱা ছালৰ বায়োপিকত চিনাক্ত কৰিব পাৰে৷ ঠিক একেদৰে জীৱিত ৰোগীৰ ক্ষেত্রত ৰেবিছ ভাইৰাছ চকুপানী, কর্ণিয়া বা চি এছ এফৰদৰ পৰাও পৃথক কৰিব পাৰি৷ তথাপি কিছুমান জীৱৰ (নিগনি) বাবে নিউৰোব্লাষ্টোমা কোষ বা অন্যান্য কোষ ব্যৱহাৰ কৰি ভাইৰাছটো পুনৰুদ্ধাৰ কৰা যায়৷
চিকিৎসা: পোনপ্রথমে আঘাত পোৱা অংশটো পৰিষ্কাৰ আৰু বীজাণুমুক্ত কৰি জলাতংকৰ টিকাকৰণ ইমিউনোগ্লোবিউলিন প্রয়োগ কৰা হয়৷ কিন্তু লক্ষণবোৰ বিকশিত হোৱাৰ পাছত কোনো কার্যকৰী চিকিৎসা নাই যদিও এণ্টিভাইৰেল ঔষধ ৰিবাভৰিন, এণ্টিৰেবিছ প্রয়োগ কৰা হয়৷ আনহাতে, অতীতত কেটামাইন অন্তর্ভুক্ত কৰা সত্ত্বেও অকার্যকৰী আছিল৷ ৰেবিছৰ চিকিৎসা প্রায় উপশমকাৰী তথা অসফল হোৱাৰ সম্ভাৱনাও যথেষ্ট থাকে৷
প্রতিৰোধ: (ক) বিশেষকৈ পোহনীয়া জন্তুবোৰ সংক্রমণৰ পৰা বাচিবলৈ টিকাকৰণ কৰিব লাগে৷
(খ) সংক্রমিত জন্তুৱে কামোৰা বা অন্যান্য সংস্পর্শলৈ অহাৰ প্রতিবেদন বিভাগীয় কর্তৃপক্ষক দিব লাগে, লগতে আঘাত পোৱা অংশটো তাৎক্ষণিক পৰিষ্কাৰ আৰু বীজাণুমুক্ত কৰাৰ ব্যৱস্থা কৰক৷