নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত হজযাত্ৰীৰ সন্মিলন আৰু প্ৰশিক্ষণ সম্পন্ন

বিশেষ বাৰ্তা, ১৬ মেঃ মৰিয়নি নগৰৰ মাজমজিয়াত অৱস্থিত এন আই ভৱনত আজি হজযাত্ৰীসকলৰ এক সন্মিলন অনুষ্ঠিত হয় । উল্লেখযোগ্য যে, ক’ভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দুবছৰ বন্ধ হৈ থকাৰ পিছত এইবাৰ হজযাত্ৰা পুনৰ আৰম্ভ হ’ব । এইবাৰ হজযাত্ৰালৈ যাবলগীয়া হজযাত্ৰীসকলক লৈ অনুষ্ঠিত কৰা এই সন্মিলন কেৰাত পাঠেৰে আৰম্ভণি কৰা হয় । নগাঁও কবৰস্থান মছজিদৰ পেইচ ইমাম আলহাজ হাফিজ মৌলানা মেৰাজুল হকে কেৰাত পাঠ কৰাৰ হজৰ আৰকান আহকামসমূহ হজযাত্ৰীসকলৰ আগত বিস্তৃতভাৱে অৱগত কৰে ৷ সমাজকৰ্মী তৌফিকুল হুছেইনে আঁ‌ত ধৰা সন্মিলনখনিৰ আদৰণি ভাষন প্ৰদান কৰে মৰিয়নিৰ বিশিষ্ট শিক্ষাবিদ, গীতিকাৰ, সমাজকৰ্মী তথা অনুষ্ঠানটোৰ অন্যতম উদ্যোক্তা আলহাজ নেকিবুল ইছলামে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট অধিবক্তা তথা ৰাজ্যিক হজ সমিতিৰ অধ্যক্ষ, উত্তৰ পূৰ্বাঞ্চল আৰু হজ অভ্যৰ্থনা সমিতিৰ সভাপতি নেকিবুজ জামানে এই সন্মিলন আৰু প্ৰশিক্ষণ উদ্বোধন কৰি আগন্তুক হজৰ বাবে চৰকাৰীভাৱে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে তাক বিশদভাৱে আলোকপাত কৰে । আনহাতে, অসম তথা ভাৰতৰ পৰা যাবলগীয়া হজযাত্ৰীসকল যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে চৌদি আৰৱ চৰকাৰৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰখা হ’ব বুলি অৱগত কৰে । তেওঁ এইবাৰ পৰিবেশ আৰু স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে গুৰুত্ব দিয়াতো প্ৰয়োজন বুলি উল্লেখ কৰি এইসমূহ দিশত গুৰুত্ব দিবলৈ হজযাত্ৰীসকলৰ প্ৰতি আহ্বান জনায় । তেখেতে ৰাইজৰ বিভিন্ন প্ৰশ্নৰো উত্তৰ সহজভাৱে দি উপকৃত কৰে ৷ আনহাতে, জ্যেষ্ঠ আৰক্ষী বিষয়া তথা দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উপ-মহাপৰিদৰ্শক মইনুল ইছলাম মণ্ডলে বক্তব্য প্ৰদান কৰি হজযাত্ৰীসকলক সকলো ক্ষেত্ৰতে বিধি বিধান, নীতি নিয়ম সম্পূৰ্ণৰূপে মানি চলি এই হজযাত্ৰা সমাপন কৰিবলৈ আহ্বান জনায় । কোৰানক বুজিহে পঢ়াৰ চেষ্টা কৰিবলৈও তেওঁ ৰাইজৰ প্ৰতি লগতে আহ্বান জনায় ৷ অনুষ্ঠানটোত উপস্থিত থাকি মৰিয়নিৰ জ্যেষ্ঠ সমাজকৰ্মী, জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি তথা আছুৰ প্ৰাক্তন সাংগাঠনিক সম্পাদক ধীৰেন্দ্ৰ নাথ দত্ত, যোৰহাট জিলা সংখ্যালঘু ব’ৰ্ডৰ সভাপতি পাৰভেজ হুছেইন মেহেদী, খাদিমূল হুজ্জাজ আলহাজ চৈয়দ আতিকুৰ ৰহমান, চৰকাৰী হজ প্ৰশিক্ষক আলহাজ আব্দুল্লা আল মামুন আদিয়ে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে । ইয়াৰ পিছত হজৰ প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত হয় । আলহাজ হাফিজ মৌলানা মেৰাজুল হক আৰু চৰকাৰী প্ৰশিক্ষক তথা শিক্ষক দেৰগাওঁৰ আলহাজ মৌলানা মইনুল হকে হজযাত্ৰীসকলক বিভিন্ন দিশৰ প্ৰশিক্ষণ প্ৰদান কৰে ৷ আলহাজ মৌলানা আজমল হুছেইনে প্ৰাৰ্থনা ( দোৱা ) কৰা অনুষ্ঠানটোত অসম হজ অভ্যৰ্থনা সমিতিৰ উপ-সভাপতি মুবিনুল ইছলাম, মেলামাটী মাদ্ৰাছাৰ কাৰ্য্যকৰী সভাপতি তথা ৰাজ্যিক বটাঁপ্ৰাপ্ত কৃতী শিক্ষক আলহাজ আনোৱাৰ হুছেইন, আলহাজ আবু হুছেইন, আলহাজ হাচিম হাজৰিকা , মৰিয়নি জাম্মা মছজিদৰ সম্পাদক চাকিৰ আলি, মইনুল ইছলাম, হাফিজ মেৰাজ ৰহমান, মৌলানা আজমল হুছেইন আদিকে ধৰি বহুসংখ্যক ব্যক্তি উপস্থিত থাকে ৷ অনুষ্ঠানটোত যোৰহাট, শিৱসাগৰ জিলাৰ অৰ্দ্ধশতাধিক হজযাত্ৰীয়ে অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰি তোলে । অনুষ্ঠানটোৰ অন্যতম উদ্যোক্তা আলহাজ নেকিবুল ইছলামে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে ।উল্লেখযোগ্য যে, এইবাৰ মৰিয়নিৰ দুগৰাকী আৰু নকছাৰীৰ তিনিগৰাকীসহ যোৰহাট জিলাৰ পৰা প্ৰায় ৫৬ গৰাকী হজযাত্ৰী হজলৈ যাব । অসমৰ প্ৰথমটো দল গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা মদিনা অভিমুখে ৩১ মে’ত ৰাওনা হোৱাৰ সম্ভাৱনা আছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like