পেটত গেছ হ’লে মূৰ বেয়া লাগে
যিসকল মানুহৰ বাহিৰৰ ৰেস্তোৰাঁ, হোটেল বা পথৰ কাষৰ দোকানত খাদ্য খোৱাৰ অভ্যাস তেওঁলোকৰ বেছি গেছ হয়৷ মুখ, মূৰ, পেট সকলোতে কেৱল গেছ৷ কেতিয়াবা বুকুত জোৰকৈ খুন্দা মাৰে, কেতিয়াবা মূৰত উঠে৷ কিন্তু এই গেছ কোনেও প্রত্যক্ষ নকৰে৷ গেছৰ ঔষধ লৈ বিভিন্ন ঔষধ কোম্পানীৰ ৰমৰমীয়া ব্যৱসায় চলি আছে৷ সঁচাকৈয়ে পেটত গেছ হয় নেকি? পেটৰ গেছতনো কি থাকে? প্রকৃততে বাহিৰৰ বায়ুমণ্ডলৰ পৰা আহে নাইড্র’জেন আৰু অক্সিজেন, অর্থাৎ বায়ুমণ্ডলৰ পৰা এই দুবিধ গেছ আমি পাওঁ৷ আৰু হাইড্র’জেন, মিথেন, কার্বন ডাই–ক্সাইড পাওঁ খাদ্য হজমৰ সময়ত৷ পেটৰ গেছৰ ৯৯ শতাংশ হ’ল এইধৰণৰ গেছ৷ খাদ্য ভালদৰে হজম নহ’লে অথবা অন্ত্রনলীত জীৱাণু সংক্রমণৰ ফলতো গেছ হয়৷
আমি ভাত খোৱাৰ সময়ত, পানী খোৱাৰ সময়ত, কথা কোৱাৰ সময়ত পেটলৈ বতাহ গিলি থাকোঁ৷ এই বতাহ পেটলৈ গৈ পাকস্থলীত জমা হয়৷ পাকস্থলীত আগতে জমা হৈ থকা গেছৰ লগত মিলি অস্বস্তিৰ কাৰণ হৈ উঠে৷ এনে অৱস্থাত পেট ফুলিব পাৰে, এই গেছ পাকস্থলীৰ পৰা নামি আহি ক্ষুদ্রান্ত্র বা বৃহদন্ত্রত প্রৱেশ কৰে আৰু মলদ্বাৰৰ জৰিয়তে নিঃশব্দে বা সশব্দে বাহিৰ হৈ যায়৷ স্বাভাৱিকভাৱে পেটৰ গেছ এনেদৰে বাহিৰ হৈ গ’লে পেটৰ কোনো সমস্যা নহয়৷ কিন্তু খোৱা খাদ্য যদি ভালদৰে হজম নহৈ অতিৰিক্তভাৱে গেছ জমা হয়, তেতিয়া সমস্যাই দেখা দিয়ে৷ বহুতে ইচ্ছাকৃতভাৱে উগাৰ মাৰি গেছ বাহিৰ কৰাৰ চেষ্টা কৰে৷ অৱশ্যে পাকস্থলীত এচিড তৈয়াৰ হয়, গেছ নহয়৷ গেছ তৈয়াৰ হয় ক্ষুদ্রান্ত্রৰ শেষাংশ, অর্থাৎ বৃহদন্ত্রত৷ এই গেছ ওপৰলৈ উঠি ঊর্ধ্বমুখী হৈ উগাৰ মাৰি বাহিৰ কৰি দিয়ে৷ বেছিকৈ গেছ হ’লে পেট–বুকুত চাপ দি বিষৰ উদ্ভৱ হয়৷
এয়াই হ’ল গেছৰ কাহিনী৷ পেটৰ গণ্ডগোল, বদ্হজম, খাদ্যৰ বাবেই হওক বা যি কাৰণতে নহওক গেছৰ অসুবিধাত মানুহে যথেষ্ট কষ্ট পায়৷ অৱশ্যে শৰীৰত অন্য ৰোগৰ কাৰণেও কেতিয়াবা গেছ হ’ব পাৰে৷ ইয়াৰ ভিতৰত অতিৰিক্ত খাদ্য গ্রহণ, বেছি তেল–মছলাযুক্ত আহাৰ গ্রহণ বা কেতিয়াবা অতি কম খালেও গেছ হয়৷ মাজে–সময়ে উপবাস দিলেও গেছ দূৰ হোৱা দেখা যায়৷ গেছ বেছিকৈ হৈ থাকিলে খাদ্য হজম কৰিবলৈ এন্জাইম খাব পাৰে৷ চিকিৎসকৰ পৰামর্শ লোৱাটো বাঞ্ছনীয়৷ নিয়মীয়া পৱন মুক্তাসন কৰিলে গেছৰ সমস্যাৰ পৰা আঁতৰি থাকিব পাৰি৷