নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকিঅ’ত উপস্থিত ভাৰতৰ প্রথমটো দল

নিয়মীয়া বাৰ্তা ১৯ জুলাইঃ অলিম্পিকত কেৰিয়াৰৰ শ্রেষ্ঠ প্রদর্শন দাঙি ধৰাৰ সপোন কঢ়িয়াই ভাৰতৰ প্রথমটো দল আজি জাপানৰ ৰাজধানী টকিঅ’ত উপস্থিত হৈছে৷ নতুন দিল্লীৰ পৰা এয়াৰ ইণ্ডিয়াৰ এখন বিশেষ বিমানেৰে কালি যাত্রা আৰম্ভ কৰা ৮৮ জনীয়া দলটোৱে দেওবাৰে পুৱাই টকি’ত অৱতৰণ কৰে৷ মহামাৰী ক’ভিড–১৯ৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় খেলুৱৈসকলক অত্যন্ত সাৱধানতাৰে টকিঅ’ত আদৰণি জনোৱা হয়৷ ইয়াৰ পূর্বে কেন্দ্রীয় ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰ, কেন্দ্রীয় ৰাজ্যিক ক্রীড়ামন্ত্রী নিশীথ প্রামাণিক, ছাইৰ সঞ্চালকপ্রধান সন্দীপ প্রধান আৰু ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি নাৰিন্দ্রৰ বাট্রা, সচিব ৰাজীৱ মেহতাই নতুন দিল্লীৰ বিমানবন্দৰত টকিঅ’গামী ভাৰতীয় খেলুৱৈসকলক আনুষ্ঠানিকভাৱে শুভেচ্ছা জ্ঞাপন কৰে৷

মেগা ইভেণ্টখনত ভাৰতে এইবাৰ ইতিহাসৰ শ্রেষ্ঠ প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হ’ব বুলি ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰে আশা প্রকাশ কৰে৷ তেওঁ কয় যে মহামাৰীৰ মাজতো ভাৰতীয় এথলীটসকলে অলিম্পিকলৈ পূর্ণোদ্যমে প্রস্তুতি চলাইছে আৰু টকিঅ’ত ইয়াৰ প্রতিফলন দেখিবলৈ পোৱা যাব৷ উল্লেখ্য যে দেওবাৰে পুৱা টকিঅ’ত উপস্থিত হোৱা ৮৮জনীয়া ভাৰতীয় দলটোৰ ৫৪গৰাকী এথলীট আৰু বাকীসকল ভাৰতীয় অলিম্পিক সন্থাৰ প্রতিনিধি আৰু ছাপ’ট ষ্টাফৰ বিষয়ববীয়া৷

ইয়াৰ পূর্বে ভাৰতৰ কেইবাগৰাকীও এথলীটে নিজৰ নিজৰ অনুশীলনস্থলীৰ পৰা আগতীয়াকৈ টকিঅ’ত উপস্থিত হৈছে৷ অলিম্পিকত অংশ ল’বলগীয়া ভাৰতৰ একমাত্র ভাৰোত্তোলক মীৰাবাঈ চানুৱে ইউ এছ এৰ ছেইণ্ট লুইছৰ পৰা যোৱা শুকুৰবাৰে টকি’ত উপস্থিত হৈছে৷ একেদৰে শ্বুটাৰসকলে ক্র’ৱেছিয়াৰ পৰা আৰু বক্সাৰসকলে ইটালীৰ পৰা জাপানৰ ৰাজধানী চহৰলৈ উৰা মাৰিছে৷ অহা ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱত ভাৰতে ২২৮জনীয়া এটা শক্তিশালী দলৰ সৈতে প্রতিদ্বন্দ্বিতাত নামিব৷ এই দলটোৰ অন্যতম সদস্য হিচাপে আছে অসমৰ উদীয়মান বক্সাৰ লাভলীনা বৰগোহাঁই৷ এম চি মেৰী কমৰ সৈতে অসম–কন্যা লাভলীনাও টকি’ অলিম্পিকত ভাৰতৰ অন্যতম পদকপ্রত্যাশী৷

You might also like