গর্ভধাৰণৰ বিষয়ে কেনেকৈ জানিব?
ডাঃ ৰাজীৱ লোচন শর্মা
বিবাহিত মহিলা এগৰাকী, যাৰ ঋতুস্রাৱ নিয়মীয়া৷ যদিহে মাহেকীয়া ঋতুস্রাৱৰ দিন পাৰ হৈ যায়, আন কোনো বেলেগ কাৰণ নাথাকিলে গর্ভৱতী হোৱা বুলি ধৰা হয়৷ গর্ভৱতী হোৱাৰ লক্ষণসমূহ দুটা ভাগত ভাগ কৰা হৈছে৷
আত্মপ্রসূত (ছাবজেক্টিভ)
বস্তুনিষ্ঠ (অৱজেক্টিভ)
আত্মপ্রসূত লক্ষণসমূহ
মাহেকীয়া ঋতুস্রাৱ বন্ধ হোৱা৷
ঋতুস্রাৱ বন্ধ হোৱাটো গর্ভৱতী হোৱাৰ প্রথম লক্ষণ৷ কেতিয়াবা কেতিয়াবা গর্ভৱতী হোৱাৰ পাছতো মাহেকীয়া ঋতুস্রাৱ হোৱাৰ সময়ত অলপ অলপ ৰক্তস্রাৱ হ’ব পাৰে৷ ইয়াক মাহেকীয়া ঋতুস্রাৱৰ বুলি ভুল কৰা দেখা যায়৷ মন কৰিবলগীয়া কথা যে গর্ভাৱস্থাৰ বাহিৰেও আন কেতবোৰ কাৰণত মাহেকীয়া ঋতুস্রাৱ বন্ধ হ’ব পাৰে৷ উদাহৰণস্বৰূপে ডিম্বাশয়ৰ টেমুনা (অৱেৰিয়ান টিউমাৰ), যিয়ে হৰম’ন নিঃসৰণ কৰে৷ যাৰ বাবে ঋতুস্রাৱ বন্ধ থাকে৷
গর্ভাৱস্থাৰ ওকালি
ই আন এক গর্ভৱতী হোৱাৰ প্রধান লক্ষণ৷ এই ওকালি ৰাতিপুৱা বেছিকৈ হয় যদিও দিনটোৰ যিকোনো সময়তে এনে ওকালি আহিব পাৰে৷ ইয়াৰ লগতে খাবলৈ মন নকৰা, খোৱা বস্তুৰ গোন্ধ পোৱা, মাছ–মাংসৰ গোন্ধ সহ্য কৰিব নোৱাৰা আদি আন কেতবোৰ লক্ষণ৷ ওকালিৰ লগতে বমিও হ’ব পাৰে৷
সঘনাই প্রস্রাৱ হোৱা
* প্রস্রাৱৰ সোঁচৰণ (ইনফেকচন) নাথাকিলে সঘনাই প্রস্রাৱ হোৱাটো গর্ভধাৰণ হোৱাৰ আন এক লক্ষণ৷
* বুকু গধুৰ লগা, ভাগৰ লগা, বুকু চমচমোৱা, পিৰপিৰণি উঠা গর্ভৱতী হোৱাৰ আন কেতবোৰ লক্ষণ৷ ইয়াৰ লগতে স্তনযুগল ভাৰি ভাৰি লগা আন এক লক্ষণ৷
* ঋতুস্রাৱৰ ১০ দিনমান পাৰ হোৱাৰ পাছত ধাৰণা কৰা হয় যে মহিলাগৰাকী সম্ভৱতঃ গর্ভৱতী হৈছে৷ দুমাহ ঋতুস্রাৱ বন্ধ হোৱাটো গর্ভাৱস্থাৰ ধাৰণা অধিক স্পষ্ট কৰি তোলে৷
বস্তুনিষ্ঠ লক্ষণসমূহ
স্তনযুগলৰ পৰিৱর্তনঃ প্রথমবাৰ গর্ভধাৰণৰ সময়ত এনে পৰিৱর্তন লক্ষণীয়৷ গর্ভাৱস্থাৰ দুমাহমান পাছৰ পৰাই স্তনযুগল বাঢ়িবলৈ ধৰে৷ ছালৰ তলত থকা সিৰাবোৰ স্পষ্ট হৈ পৰে৷ স্তনৰ আগভাগ (নিপল)ডাঙৰ আৰু গাঢ় ৰঙৰ হৈ পৰে৷ ৪–৬ মাহৰ পৰা হালধীয়া ধৰণৰ জুলীয়া পদার্থ স্তনৰ আগভাগৰ পৰা ওলাবলৈ ধৰে৷ নিপলৰ চাৰিওফালে আৱৰি থকা স্তনৰ অংশখিনি বহল আৰু গাঢ় হৈ পৰে৷ এই অংশত কেতবোৰ গুটি উঠা দেখা যায়৷ এইবোৰ গর্ভৱতী হোৱাৰ লক্ষণ৷
* মহিলাগৰাকীৰ পেটত হাত দি চালে বাঢ়ি অহা জৰায়ু অনুভৱ কৰিব পাৰি৷ সাধাৰণতে ১২ সপ্তাহ বা তিনি মাহ পাছৰে পৰাই বাঢ়ি অহা গর্ভ পেটত হাত দি ঢুকি পাব পাৰি৷
* জৰায়ুৰ মুখ চুই চালে ওঁঠযুৰিৰ দৰে কোমল অনুভৱ গর্ভৱতী হোৱাৰ লক্ষণ৷ জৰায়ুৰ মুখৰ পৰা নির্গত বিজলুৱা পদার্থৰ নিঃসৰণ গর্ভাৱস্থাৰ সময়ত বাঢ়ি যায়৷
* পেটত পৰা দীঘলীয়া দাগে গর্ভৱতী হোৱাটো সূচায়৷ যদিওবা আন কাৰণতো, উদাহৰণস্বৰূপে খুব শকত মহিলাৰ পেটত, উৰুত এনে দাগ পৰা দেখা যায়৷ ইয়াৰ উপৰি নাভিৰ পৰা তললৈ দীঘলীয়াকৈ আৰু নাভিৰ পৰা ওপৰলৈ পৰা গাঢ় ৰঙৰ দাগ গর্ভৱতী হোৱাৰ চিন৷
* ১৮–২০ সপ্তাহৰ ভিতৰত মাতৃগৰাকীয়ে গর্ভস্থ সন্তানৰ হাত–ভৰি লৰচৰ কৰাটো ধৰিব পাৰে৷ এইখিনি সময়ত যন্ত্রৰ সহায়ত কেঁচুৱাটোৰ হূদস্পন্দন শুনিব পাৰি৷ ইয়ে গর্ভৱতী হোৱাটো নিশ্চিত কৰে৷
গর্ভাৱস্থা নিশ্চিতকৰণৰ পৰীক্ষাসমূহ
* এইচ চি জি (গ’নাড’পিন হৰম’ন)- হৰম’নৰ উপস্থিতি গর্ভৱতী মহিলাৰ তেজ আৰু প্রস্রাৱত ধৰা পেলোৱাটো এনে পৰীক্ষাৰ মূল উদ্দেশ্য৷
* তেজত ‘বিটা এইচ চি জি’ নামৰ হৰম’নবিধ, যি গর্ভাৱস্থাক সূচায়৷ মাহেকীয়া ঋতুস্রাৱ বন্ধ হোৱাৰ ৭ দিনমান আগতেই ধৰা পৰে৷ ইয়ে গর্ভৱতী হোৱাটো সূচায়৷ টেষ্টটিউব বেবীৰ ক্ষেত্রত গর্ভাৱস্থা জনাৰ বাবে ইয়াৰ পৰীক্ষা সঘনে কৰা দেখা যায়৷
* প্রস্রাৱত এই হৰম’নবিধ মাহেকীয়া ঋতুস্রাৱ বন্ধ হোৱাৰ এদিন পাছৰে পৰাই ধৰা পেলাব পাৰি৷ সাধাৰণতে ৰাতিপুৱাৰ প্রথম প্রস্রাৱেৰে এই পৰীক্ষা কৰা হয়৷ দিনৰ আন সময়ৰ প্রস্রাৱত পৰিমাণ কম হোৱা বাবে গর্ভৱতী হোৱাটো ভুলকৈ দেখুৱাব পাৰে৷
আলড্রা ছাউণ্ডঃ পেটৰ ওপৰেৰে বা যৌনাংগৰ ভিতৰেৰে আলড্রা ছাউণ্ড কৰি ৪–৫ সপ্তাহৰ ভিতৰতেই গর্ভাৱস্থা ঠাৱৰ কৰিব পাৰি৷ মাহেকীয়া ঋতুস্রাৱৰ পৰা ৩৫ দিনৰ ভিতৰত সকলো গর্ভাৱস্থা ঠাৱৰ কৰিব পাৰি৷ ৬ সপ্তাহৰ পাছত গর্ভস্থ শিশুৰ হূদস্পন্দন ধৰিব পাৰি৷
* ওকালি বা বমি ভাবঃ গর্ভাৱস্থাৰ সময়ত সঘনাই দেখা দিয়া ই এক সমস্যা৷ প্রথম তিনি মাহৰ ভিতৰত ইয়াক সাধাৰণতে হোৱা দেখা যায়৷ ৰাতিপুৱাৰ সময়ত সঘনাই হয় যদিও দিনটোৰ আন সময়তো ই দেখা দিব পাৰে৷ খোৱা বস্তুৰ গোন্ধে এনে ওকালি ভাবৰ আৰম্ভণিত অৰিহণা যোগায়৷ ১৪–১৬ সপ্তাহৰ পাছত ই সাধাৰণতে নাইকিয়া হয়৷ প্রথমবাৰৰ বাবে গর্ভৱতী হোৱা মহিলাৰ ক্ষেত্রত ওকালি ভাব বেছিকৈ দেখা যায়৷ গর্ভাৱস্থাৰ সময়ছোৱাত বাঢ়ি যোৱা হৰম’ন এইচ চি জি মূল কাৰণ৷ বহুতে আকৌ মানসিক দোদুল্যমান অৱস্থাও ইয়াৰ এক কাৰণ বুলি ভাবে৷
চিকিৎসা হিচাপে খোৱা বস্তু অলপ অলপ কৰি কেইবাটাও ভাগত খাব লাগে৷ যিবোৰ বস্তুৰ গোন্ধে ওকালি ভাবত অৰিহণা যোগায়, তেনেবোৰ খাদ্য গর্ভৱতী মহিলাগৰাকীৰ পৰা আঁতৰত ৰাখিব লাগে৷ খোৱা বস্তুৰ লগত পানী নাখায়, পানী দেৰিকৈ খালে ওকালি কমে৷ ওকালি বন্ধ কৰিবৰ বাবে ‘ডক্সিলেমাইন’ টেবলেট ব্যৱহাৰ কৰিব পাৰে৷ ইয়াতে নকমিলে চিকিৎসালয়ত ভর্তি কৰি চিকিৎসা কৰোৱা হয়৷ ‘হাইপাৰ ইমেছিছ গ্রেভিডেৰাম’ ইয়াৰ এক জটিল ৰূপ৷ ইয়াৰ উপৰি সাত্ব্ন্নাসূচক ব্যৱহাৰে মানসিক অশান্তি আঁতৰাই ওকালি নিৰাময় কৰে৷
কঁকালৰ বিষঃ আন এক সঘনাই দেখা দিয়া সমস্যা৷ প্রায় সত্তৰ শতাংশ গর্ভৱতী মহিলাই কঁকালৰ বিষত ভোগে৷ গধুৰ বস্তু দাঙিলে, সন্মুখৰ ফালে হাউলিলে বা খোজ কাঢঁোতে অলপ–চৰপ কঁকালৰ বিষ অনুভূত হ’ব পাৰে৷ গর্ভকাল বাঢ়ি যোৱাৰ লগে লগে এনে কঁকালৰ বিষো বাঢ়ি যাব পাৰে৷ গর্ভাৱস্থাৰ সময়ত শৰীৰৰ, বিশেষকৈ কঁকালৰ গাঁঠিসমূহ হৰম’নৰ প্রভাৱত ঢ়িলা হোৱাৰ ফলত এনে বিষ হয় বুলি ভবা হয়৷
চিকিৎসা হিচাপে গর্ভৱতী মহিলাগৰাকীক পোন হৈ চকীত বহা, ওখ জোতা নিপিন্ধা, চিধা হৈ খোজ কঢ়া আদি উপদেশ দিয়া হয়৷ সন্মুখৰ ফালে হাউলি কাম কৰিবলৈ বাধা দিয়া হয়৷ ইয়াতো নকমিলে বিষ উপশমৰ বাবে কঁকালত বিষনাশক মলম, খাবলৈ পেৰাচিটামল টেবলেট ব্যৱহাৰ কৰিব পাৰে৷ তথাপি আৰোগ্য লাভ নকৰিলে চিকিৎসকৰ পৰামর্শ ল’ব লাগে৷
কোষ্ঠকাঠিন্যতাঃ গর্ভাৱস্থাৰ সময়ত মহিলাগৰাকী সাধাৰণতে কোষ্ঠকাঠিন্যতাত ভোগে৷ এই সময়ছোৱাত প্রজেষ্টেৰন হৰম’নৰ প্রভাৱত বা কমকৈ পানী খোৱাৰ বাবে নতুবা শাৰীৰিক কষ্ট কমকৈ কৰা বাবে মহিলাগৰাকী কোষ্ঠকাঠিন্যতাত ভোগে৷ বাঢ়ি অহা জৰায়ুৰ খাদ্যতন্ত্রত হেঁচাৰ ফলতো এনে হ’ব পাৰে৷
* নিয়মীয়া অভ্যাস, ফল–মূল, শাক–পাচলিযুক্ত খাদ্য, পানী বেছিকৈ খালে সুফল পোৱা যায়৷ চিকিৎসকৰ পৰামর্শ মতে শৌচ কোমল হোৱা ঔষধ ব্যৱহাৰ কৰিব পাৰি৷
বুকু জ্বলা–পোৰা কৰাঃ প্রজেষ্টেৰন হৰম’নৰ প্রভাৱৰ ফলত বুকু জ্বলা–পোৰা কৰা, টেঙা উগাৰ অহা, পেটৰ খোৱা বস্তু ওপৰলৈ উঠি অহা আদি সমস্যাৰ সৃষ্টি হয়৷ সাধাৰণতে খোৱা বস্তু কম কমকৈ ঘনাই খাবলৈ দিব লাগে৷ খোৱাৰ পাছতে শুব নালাগে৷ মছলাজাতীয় খাদ্য কমকৈ খাবলৈ দিব লাগে৷ বিভিন্ন ধৰণৰ ‘এণ্টাচিড’ ব্যৱহাৰ কৰিলেও বুকুৰ জ্বলা–পোৰা কমে৷ ইয়াতো নকমিলে চিকিৎসকৰ পৰামর্শ ল’ব লাগে৷
ভৰিৰ মাংসপেশী টানি ধৰাঃ গর্ভাৱস্থাৰ সময়ত দেখা দিয়া আন এক সমস্যা৷ কেলচিয়াম খালে এনে সমস্যা আঁতৰে৷ ইয়াৰ উপৰি গৰম পানীৰ সেক, ভিটামিন বি নিয়মীয়াকৈ খালেও মাংসপেশীৰ বিষ কমে৷
ৱেৰিক’ছ ব্রেইনঃ গর্ভাৱস্থাৰ সময়ত শৰীৰৰ নিম্নাংশত থকা কেতবোৰ সিৰা ফুলি উঠে৷ শৌচদ্বাৰৰ চাৰিওফালৰ ফুলি উঠা এনে সিৰাক পাইল্ছ বা অর্শ বা কেঁচুমূৰীয়া ৰোগ বোলে৷ এনে সিৰাৰ পৰা বহুতো সময়ত ৰক্তক্ষৰণ হৈ গর্ভৱতী মহিলাগৰাকীৰ ৰক্তহীনতাৰ কাৰক হ’ব পাৰে৷ তপিনা, উৰুৰ ভিতৰফালৰ সিৰা, ভৰিৰ তলৰছোৱাৰ সিৰা ফুলি উঠিব পাৰে৷ গর্ভাৱস্থাৰ সময়ত এনেবোৰ সিৰাৰ ওপৰত পৰা অতিৰিক্ত চাপৰ ফলতে এনে হয়৷ কোষ্ঠকাঠিন্যতাও ৱেৰিক’ছ ৱেইলৰ আন এক কাৰণ৷
* ভৰিৰ সিৰা ফুলি যোৱা অৱস্থাৰ বাবে অতিৰিক্ত জিৰণি, ইলেষ্টিক মোজা পিন্ধিব লাগে৷ ইয়াৰ ফলত সিৰা ফুলা কমে৷ অর্শৰ বাবে বিষনাশক মলম লগোৱাৰ লগতে শৌচ কোমল হোৱা ঔষধ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়৷ প্রসৱৰ পাছত এনে সিৰা ফুলা কমি যায় বা নাইকিয়া হয়৷
পাইকাঃ কেতবোৰ গর্ভৱতী মহিলাৰ গর্ভাৱস্থাৰ সময়ত মাটিৰ খোলা, পোৰা মাটি, বৰফ, শ্বেতসাৰ (কাপোৰত দিয়া মাৰ) আদি খোৱা দেখা যায়৷ খাদ্যৰ তালিকাত নপৰিলেও এনেবোৰ খাদ্য খাবলৈ তেওঁলোকে হেঁপাহ কৰে৷ ইয়াক ইংৰাজীত ‘পাইকা’ বোলে৷ শৰীৰত লৌহজাতীয় খাদ্যৰ অভাৱ ঘটিলেও এনে হ’ব পাৰে৷ আইৰনৰ অভাৱ পূৰ হ’লেই ‘পাইকা’ নাইকিয়া হয়৷ এনে অভ্যাস বুজাই–বঢ়াই নাইকিয়া কৰিব লাগে৷
লেলাউটি ওলোৱাঃ মুখেৰে অনবৰত লেলাউটি ওলাই থকা গর্ভাৱস্থাৰ আন এক সমস্যা৷ আন কাৰণত এনেদৰে লেলাউটি ওলাই থাকিলে তাৰ চিকিৎসা কৰাব লাগে৷
ভাগৰ লগাঃ অলস অলস ভাব, অনবৰতে টোপনি ভাব গর্ভাৱস্থাৰ প্রথম অৱস্থাত সঘনাই দেখা যায়৷ প্রজেষ্টেৰন হৰম’নৰ বাবেই এনে হয়৷ সময় যোৱাৰ লগে লগে ই নাইকিয়া হয়৷
মূৰৰ বিষঃ গর্ভাৱস্থাৰ প্রথম ভাগত ইয়াক সঘনাই হোৱা দেখা যায়৷ চকুৰ দৃষ্টিশক্তি কমিলে, ছাইনাছত ভুগি থাকিলেও মূৰৰ বিষ হ’ব পাৰে৷ মূৰৰ বিষৰ আন এক কাৰণ ‘মাইগ্রেইন’৷ গর্ভাৱস্থাৰ শেহৰফালে মূৰৰ বিষ উচ্চ ৰক্তচাপৰ কাৰণ হ’ব পাৰে৷ সাধাৰণ মূৰৰ বিষত ‘পেৰাচিটামল’ ব্যৱহাৰ কৰিব পাৰে৷
বগা স্রাৱঃ গর্ভাৱস্থাৰ সময়ত বগা স্রাৱ বেছিকৈ ওলাব পাৰে৷ এষ্ট্র’জেন হৰম’নৰ প্রভাৱতে এনে হয়৷ বগা স্রাৱ যদি নোগোন্ধায় বা ভিতৰত খজুৱতিৰ সৃষ্টি নকৰিলে চিন্তাৰ কাৰণ নাথাকে৷ সোঁচৰণ বা ইনফেকচন হ’লে চিকিৎসকৰ পৰামর্শ মতে ঔষধ ব্যৱহাৰ কৰিব লাগে৷
মেড্র’নিভাজল ৫০০ মিলিগ্রাম দিনে দুবাৰকৈ সাত দিন ব্যৱহাৰ কৰিলে বেক্টেৰিয়েল ৱেজাইন’ছিছ ভাল হয়৷ ফেন উঠাৰ দৰে বগা স্রাৱৰ লগত যদি ভিতৰত খজুৱায়, তেতিয়া হ’লে ড্রাইক’ম’নাছ ইনফেকচন (সোঁচৰণ) হোৱা বুজায়৷ মেড্র’নিভাজল টেবলেট ব্যৱহাৰ কৰিলে সুফল পোৱা যায়৷
ইয়াৰ উপৰি দৈ গাখীৰৰ দৰে মখা মখা বগা স্রাৱৰ লগতে বিষ, খজুৱতি হ’লে কেনডিডাৰ সোঁচৰণ হোৱা বুজায়৷ মাইক’নাজল, ক্ল’ড্রাইমাজল যোনিৰ ভিতৰত লগালে এনে বগা স্রাৱ কমে৷ এনে বগা স্রাৱ প্রসৱৰ পাছত নাইকিয়া হয়৷
ভৰি ফুলাঃ অলপ অলপ ভৰি ফুলা গর্ভাৱস্থাৰ সময়ত প্রায়ে দেখা যায়৷ শৰীৰত জমা হোৱা অতিৰিক্ত পানীয়েই ইয়াৰ কাৰণ৷ অতিমাত্রা ভৰি ফুলা প্রি–ইক্লেম্পচিয়াৰ লক্ষণ হ’ব পাৰে৷ উচ্চ ৰক্তচাপ নাথাকিলে ভৰি দুখন অলপ ওখকৈ ৰাখি ইকাতি হৈ জিৰণি ল’লেই ভৰি ফুলা কমে৷