নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ জানুৱাৰীৰ পৰা টিভি, ফ্ৰীজ, ৱাশ্বিং মেচিন ক্ৰয় কৰাটো হ’ব ব্যয়বহুল; জানো আহক কিমান হ’ব নতুন দাম

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ যদি আপুনি টিভি, ফ্ৰীজ, ৱাছিং মেচিন বা আন ঘৰুৱা ব্যৱহাৰযোগ্য সামগ্ৰী কিনিবলৈ ওলাইছে, তেন্তে শীঘ্ৰে ক্ৰয় কৰিক। আপোনাৰ হাতত আছে মাত্ৰ তিনিদিনৰ সুযোগ, কিয়নো নতুন বছৰৰ পৰা এলইডি টিভি, ফ্ৰীজ, ৱাছিং মেচিন আৰু আন সামগ্ৰীসমূহৰ মূল্য ১০ শতাংশ বৃদ্ধি হোৱাৰ সম্ভৱনা আছে। ইয়াৰ মুখ্য কাৰণ হৈছে কপাৰ, এলুমিনিয়াম আৰু ষ্টীলৰ মূল্য বৃদ্ধি। ইয়াৰোপৰি সমুদ্ৰ পথ আৰু আকাশী পথেৰে সামগ্ৰী সৰবৰাহৰ মাচুল বৃদ্ধি হৈছে।

লগতে পঢ়কঃ গোলাঘাটত পুনৰ ক’ভিডৰ আতংকঃ লণ্ডনৰ পৰা অহা দম্পত্তিৰ দেহত ক’ৰোনা ভাইৰাছ

কোন কোম্পানীয়ে কিমান বৃদ্ধি কৰিলে দাম

জানুৱাৰীত পেনাছনিকৰ সামগ্ৰীৰ মূল্য ছয়ৰ পৰা সাত শতাংশ বৃদ্ধি হ’ব পাৰে। সকলো এলজি ইলেক্ট্ৰনিক সামগ্ৰী ১ জানুৱাৰীৰ পৰা সাতৰ পৰা আঠ শতাংশ ব্যয়বহুল হ’ব। ইয়াৰ ভিতৰত আছে টিভি, ৱাছিং মেচিন আৰু ফ্ৰীজ। অৱশ্যে চনীয়ে এতিয়াও ইয়াৰ সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা নাই।

You might also like