নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশাৰ বাৰ্তা… ক’ৰোনাই আঘাত হনা শ্বাসযন্ত্ৰ সুস্থ হয় তিনি মাহতে

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছত বহু লোক সাধাৰণ শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভোগা দেখা গৈছে। এনে হোৱাৰ কাৰণ হিচাপে চিকিৎসকে ব্যাখ্যা কৰিছে যে ক’ৰোনা ভাইৰাছৰ আক্ৰমণৰ বাবে কিছু পৰিমাণে দুৰ্বল হয় শ্বাসযন্ত্ৰ। এই অৱস্থাৰ পৰা মুক্তি পোৱাৰ বাবে বহু সময়ৰ প্ৰয়োজন হয় বুলিও ধাৰণা কৰা হৈছিল।

কিন্তু শেহতীয়া এক অধ্যয়নত প্ৰকাশ পাইছে যে ক’ৰোনা ভাইৰাছে আক্ৰমণ কৰাৰ মাত্ৰ ৩ মাহৰ ভিতৰতে আপোনা-আপুনি ভাল হয় শ্বাসযন্ত্ৰ। ব্ৰিটিছ টেলিগ্ৰাফৰ এক প্ৰতিবেদন মতে, ক’ৰোনাত আক্ৰান্ত হোৱা ৰোগীৰ ক্ষেত্ৰত চলোৱা হৈছিল এক অধ্যয়ন। ৰোগৰ পৰা মুক্ত হোৱা উক্ত লোকসকলক ১২ সপ্তাহৰ মূৰত পৰীক্ষা কৰাত শ্বাসযন্ত্ৰৰ কোনো ক্ষতিগ্ৰস্ত অংশ দেখা নগৈছিল।

অষ্ট্ৰিয়াৰ ৮৬গৰাকী লোকৰ ওপৰত চলোৱা এই পৰীক্ষা ৰোগমুক্ত হোৱাৰ ৬ সপ্তাহৰ মূৰতো কৰা হৈছিল। কিন্তু তেতিয়া ৮৮ শতাংশ লোকৰে শ্বাসযন্ত্ৰ ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰমাণ পোৱা গৈছিল। ১২ সপ্তাহৰ মূৰত পুনৰ পৰীক্ষা কৰোঁতে মাত্ৰ ৫৬ শতাংশৰ শ্বাসযন্ত্ৰহে ক্ষতিগ্ৰস্ত হৈ থকা হোৱা দেখা গ’ল।

গতিকে ধাৰণা কৰিব পাৰি মানৱ শ্বাসযন্ত্ৰত ক’ৰোনা ভাইৰাছৰ প্ৰভাৱ মাত্ৰ তিনি মাহৰ ভিতৰতে শেষ হয়। অৱশ্যে চিকিৎসকৰ মতে ভাইৰাছৰ দ্বাৰা এবাৰ আক্ৰান্ত হোৱাৰ পিছত কেইবামাহলৈ সৰুসুৰা পাৰ্শ্বক্ৰিয়া ঘটি থাকিব পাৰে।

You might also like