নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপুনি পুষ্টিহীনতাত ভুগিছে নেকি?

আপুনি প্রায়ে অৱশ অনুভৱ কৰে নেকি? আপোনাৰ ভোক কমিছে নেকি? আপুনি আগতকৈ কম খায় নেকি? আপোনাৰ সহজে ভাগৰ লাগে নেকি? খেলা–ধূলা, কাম–কাজ, ৰতিক্রিয়া আদি একোতে মন নোহোৱা হৈছে নেকি? আপোনাৰ ওজন কমিছে নেকি?

ডাক্তৰী পৰীক্ষাত একো ৰোগ ধৰা নপৰিলে এই সকলো উপসর্গৰ কাৰণ পুষ্টিহীনতা হ’ব পাৰে৷ দুবেলা–দুসাঁজ ভাত খালেই পুষ্টিহীনতা দূৰ নহ’বও পাৰে৷ আজিকালি আধুনিক জীৱনযাত্রা অতিশয় দ্রুতগামী৷ জীৱনৰ দৌৰত প্রতিমুহূর্ততে মানুহ মাথোঁ দৌৰিব লাগিছে৷ জীৱনৰ সংস্থান, সাফল্য, খ্যাতিৰ পিছে পিছে মাথোঁ দৌৰ৷ জীৱন যুদ্ধৰ দৌৰত মানুহ প্রায়ে পৰিশ্রান্ত৷ ইয়াত বয়সৰ কথা নাই৷ স্কুলত পঢ়াৰ হেঁচা, যৌৱনত প্রতিষ্ঠা লাভৰ প্রচেষ্টা, মধ্য বয়সত সাফল্যৰ প্রচেষ্টা, প্রৌঢ় বয়সত খ্যাতিৰ প্রচেষ্টা আৰু কত কি যে সৰু–সৰু যুদ্ধ৷ এই দৌৰবোৰে জন্ম দিয়ে মানসিক টেনচনৰ৷ এই টেনচনে শৰীৰত বহু ধৰণৰ বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি কৰে৷ তাৰে এক প্রতিক্রিয়া হ’ল অৰুচি৷ ভোক নলগা অথবা খাই ভাল নলগা৷ সময়মতে খোৱা নহয়৷ খাবলৈ সময় নাই৷ মাথোঁ জীৱনৰ দৌৰ৷ তেনে লোকে পুষ্টিহীনতাত ভুগিব পাৰে৷ অলপতে ভাগৰ লাগে৷ গাটো ভাল নালাগে৷ কাম–কাজত মন নবহে৷ কথাবোৰ সোনকালে পাহৰে৷ লাহে লাহে টেনচনবোৰ শৰীৰৰ অবিচ্ছেদ্য অংগ হৈ পৰে৷ তেতিয়া শৰীৰ ভাঙি পৰে৷ পুষ্টিহীনতাৰ কোনো নির্দিষ্ট কাৰণ নাই৷

কেতিয়াবা বহু ঔষধৰ বাবেও পুষ্টিহীনতাত ভুগিব পাৰে৷ এণ্টিবায়’টিক, কেমোথেৰাপী জাতীয় ঔষধৰ পার্শ্বক্রিয়াত অপুষ্টি হ’ব পাৰে৷ দাঁতৰ অসুখ হ’লে ভালদৰে খাব নোৱাৰে৷ তেতিয়াও পুষ্টিহীনতাত ভুগিব পাৰে৷ কোষ্ঠকাঠিন্য ৰোগত ভুগিলেও মানুহৰ খোৱা–বোৱা অনিয়মীয়া হয়৷ তেতিয়াও পুষ্টিহীনতাত ভুগিব পাৰে৷ মধুমেহ ৰোগতো খাদ্যৰ বাছনি কৰি দিলে বহুতে পুষ্টিহীনতাত ভোগে৷ এই ৰোগৰ প্রতি সজাগ হ’লে আৰু প্রয়োজনত চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিলে আৰোগ্য হোৱাটো সহজ৷

You might also like