নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেহ বিজ্ঞানৰ জলঙাইদি জীৱনশৈলী

  • ডা: নৰোত্তম সোনোৱাল
    সহযোগী অধ্যাপক, মেডিচিন বিভাগ
    যোৰহাট চিকিৎসা মহাবিদ্যালয়
    ফোন: ৮৪৮৬২৪১৯৭৩

প্ৰাতঃভ্ৰমণত ৭৫ বছৰীয়া ককা এজনক লগ পাইছিলোঁ৷ কথা পাতেঁাতে শেঁতা হাঁহি এটা মাৰি ককাই কৈছিল, “মই হাৰ মানিলে নহ’ব বোপাই, আমি বুI.া-বুI.ী দুয়ো অকলশৰীয়া৷মোৰ নিজৰ কাৰণে নহয় তোমাৰ সেই আইতাৰাগৰাকীৰ কাৰণেহে এনেকৈ স্বাস্থ্য ৰক্ষাৰ কচৰৎ কৰোঁ৷ পুৱা এনেদৰে সদায় মই চাৰি বজাতে উঠেঁা আৰু নিজৰ যাৱতীয় কামবোৰ কৰি বুI.ীৰ ভাগৰখিনিও যতনাই থৈ ওলাই আহোঁ৷ জীৱনশৈলীৰ সুস্থ অনুশীলনে জীৱনক শতায়ু গৰকাৰ আয়ুস দিয়ে বুলি সকলোৱে কয়৷ আচলতে এই পৃথিৱীৰ প্ৰতি মোৰ তিলমানো মোহ নাই৷ এই দেহাক এৰি যাবৰহে মন; কিন্তু কি কৰিবা বোপা! বুI.ীৰ মৰমে যে মোক নেওচা দিব পৰা নাই৷” ককাজনৰ সেই অনুকম্পা সুলভ কথা-বাৰ্তাই মোৰ মনক বৰকৈ আঘাত কৰিছিল৷ মন গৈছিল ককাই নজনা আমাৰ দেহত ঘটি থকা দেহবিজ্ঞানৰ ঘটনাবোৰৰ কথা ক’বলৈ

কথা পাতি পাতি আমি দুয়ো পুৱাৰ পৃথিৱীখনৰ নিৰ্মল উশাহ লৈছিলোঁ৷ ককাক মই কৈছিলোঁ, “আপুনি কিয় তেনেকৈ ভাবিছে ককা৷”আপুনি বাৰো জানেনে  বয়সৰ লগে লগে আমাৰ দেহ-মন তথা দেহতত্ত্বৰ প্ৰতিটো অংগ-প্ৰত্যংগৰে যে আপোনা-আপুনি পৰিৱৰ্তন হয় আৰু যিমানেই সুঠাম নহওঁক কিয় দেহৰ কোষবোৰৰ কায্যৰ্ ক্ষমতা হ্ৰাস পাবলৈ ধৰে৷ সেয়া হলেও আমি কিদৰে সু-স্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰিছোঁ সেইটোহে আচল কথা৷ নিয়মানুৱৰ্তিতাই হৈছে আমাৰ জীৱনৰ মূল চালিকাশক্তি, সেই কথা আপুনি জানেনে ককা যাক মানি চলিলে যিকোনো বিপদকে প্ৰতিহত কৰি শতায়ু গৰকা আয়ুস লাভ কৰিব পাৰি৷

বয়স বৃদ্ধিৰ লক্ষণে প্ৰথমে ক’ত ধৰা দিয়ে আপুনি বাৰো জানেনে ককাহ্ল সেই লক্ষণে প্ৰথমে ধৰা দিয়ে আমাৰ দেহতত্ত্বৰ পেশী ক’লা আৰু কংকাল তন্ত্ৰত, তাৰ পাছতহে ই শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগ ক্ৰমে চকু, শ্ৰৱণেন্দ্ৰিয় আদি অন্যান্য অংগলৈ বিয়পিবলৈ ধৰে৷ যাৰ বাবে বয়স্কসকলৰ শৰীৰে কষ্টসাধ্য কাম, অত্যধিক তাপমাত্ৰা ইত্যাদি অত্যধিক চাপ প্ৰতিহত কৰিব পৰা ক্ষমতা হেৰুৱায়৷ আনকি বহু সময়ত দেহৰ প্ৰতিৰোধ ক্ষমতাৰ লগতে ঔষধৰ পাশ্বৰ্ক্ৰিয়া হোৱাও দেখা যায়৷ আমাৰ দেহতত্ত্বৰ আটাইতকৈ বেছি সংবেদনশীল অংগকেইটা কি কি আপুনি জানেনে ককাহ্ল সেইকেইটা হৈছে হৃদপিণ্ড,তেজৰ ধমনী, বৃক্ক আৰু মগজু বুইছে৷ সেইবিলাকৰনো পৰিৱৰ্তন কেনেকৈ হয়, তাৰ বিষয়েও আমি কথা পাতিম৷

ককা, আপুনি বাৰু আমাৰ দেহৰ অস্থি তথা কংকালতন্ত্ৰৰ স্বাভাৱিক পৰিবৰ্তনৰ বিষয়ে জানেনেহ্ল এই অস্থিতন্ত্ৰই শিশু অৱস্থাৰ পৰা বৃদ্ধলৈকে গোটেই জীৱন আমাৰ দেহৰ ভৰ সহিব লগা হয়৷ সেয়ে আমাৰ অস্থিতন্ত্ৰক সবল আৰু মজবুত কৰি ৰখাতো অতি দৰকাৰ৷ এই অস্থিতন্ত্ৰৰ বাবে অত্যাৱশ্যকীয় কেলচিয়াম, ভিটামিন-ডি, ইত্যাদি পদাৰ্থৰ পৰিমাণ বয়সৰ লগে লগে দেহত আপোনা-আপুনি কমি আহিবলৈ ধৰে৷ ফলত হাড়বিলাক দুবৰ্ল, পাতল আৰু ঠুনুকা হ’বলৈ আৰম্ভ কৰে৷ মহিলাৰ ক্ষেত্ৰত আকৌ এই পৰিঘটনাটো আৰু অলপ সুকীয়া৷ কিয়নো, Ùতুস্ৰাৱ বন্ধ হৈ যোৱাৰ লগে লগে বয়স্ক মহিলাৰ দেহত এষ্ট্ৰ’জেন নামৰ হ’ৰম’ন নিঃসৰণ ক্ষমতা হ্ৰাস হ’বলৈ ধৰে৷ ফলত দেহৰ বিভিন্ন অংগৰ স্বাভাৱিক কাম-কাজৰ লগতে আটাইতকৈ বেছি পৰিৱৰ্তন পৰিলক্ষিত হয় অস্থিতন্ত্ৰৰ ওপৰত; কিয়নো এষ্ট্ৰ’জেন নামৰ এই হ’ৰম’নবিধে হাড় সবল কৰি ৰখাত সহায় কৰে৷ এনেবিলাক কাৰণতে বয়স্ক মহিলাসকলৰ ক্ষেত্ৰত সঘনাই কঁকালৰ বিষ, গাঁঠিৰ বিষ আদি উপসৰ্গবোৰ বেছি হোৱা দেখা যায়৷ যাক চিকিৎসা বিজ্ঞানৰ ভাষাত বেক্‌পেইন, অস্থিঅ’ আৰ্থাইটিছ, স্পণ্ডেলাইটিছ অৰ্থাৎ ৰাজহাড়ৰ স্থিতিস্থাপকতাৰ পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা এবিধ সমস্যা, ইত্যাদি৷

আপুনি বাৰু হৃদপিণ্ডৰ পৰিৱৰ্তনৰ বিষয়ে কেতিয়াবা পিI.ছেনে ককাহ্ল হাতৰ মুঠিটোৰ সমান আমাৰ হৃদপিণ্ডটোৰ মহিমা কি যে অপাৰ আপুনি হ’বলা নাজানেহ্ল এই ক্ষুদ্ৰ শক্তিপিণ্ডটোত পুঞ্জীভূত হৈ থকা অলৌকিক শক্তিয়ে মাতৃৰ গৰ্ভত ভ্ৰূণ হৈ থাকোঁতেই এবাৰ যি স্পন্দিত হ’বলৈ আৰম্ভ কৰে আৰু কেতিয়াও থমকি নৰয়; ই অবিৰাম গতিৰে মৃতু্য নোহোৱা পৰ্যন্ত চলি থাকে৷ কিন্তু বয়সৰ লগে লগে এই হৃদপিণ্ডলৈ তেজ চলাচল কৰা ধমনীবোৰৰ স্বাভাৱিকভাৱে আংশিক পৰিৱৰ্তন ঘটি কোনো কোনো অংশ ডাঠ আৰু কঠিন হ’বলৈ আৰম্ভ কৰে; যাক চিকিৎসা বিজ্ঞানৰ ভাষাত আটাৰিঅ’স্কেলাৰচিছ বুলি কোৱা হয়৷ বয়সজনিত এনে পৰিঘটনাৰ দ্বাৰা হৃদপিণ্ডৰ বহিভৰ্াগৰ লগতে অন্তভৰ্াগৰো অংশ বিশেষ যেনে ভাল্‌ভৰ ঢাকনীৰ লগতে অন্যান্য অংশসমূহো ক্ৰমান্বয়ে ডাঠ আৰু শিথিল হ’বলৈ আৰম্ভ কৰে৷ ফলত ঢাকনীয়েদি তেজ লিক্‌ হোৱা বা তেজ নিৰ্গমনত বাধাৰ সৃষ্টি হোৱা দেখা যায়৷ককা, আপুনি যে কৈছিল আইতাই খুক খুককৈ সদায় কাহি থাকে, শুলে গলটোও বাজি থাকে বুলি৷ সেয়া কিহৰ লক্ষণ জানেনেহ্ল সেয়া আমাৰ দেহৰ হাঁওফাওঁ বা বায়ু মোনাৰ পৰিৱৰ্তনৰ বাবে হোৱা লক্ষণ৷ আপুনি চাগে নি(য় জানে যে আমাৰ দেহৰ বক্ষস্থলৰ সোঁৱে-বাঁৱে থকা বায়ুমোনা দুটাৰ বাবে আমি বিশুদ্ধ বায়ু সেৱন কৰি স্বাভাৱিক জীৱন যাপন কৰোঁ৷ এই কথা আপুনি নি(য় পিI.বলৈও পাইছেহ্ল কিন্তু বয়স বৃদ্ধি হৈ অহাৰ লগে লগে আমাৰ সেই শ্বাসতন্ত্ৰৰো পৰিৱৰ্তন হ’বলৈ ধৰে আৰু শ্বাস-প্ৰশ্বাসৰ বাবে ব্যৱহৃত মাংসপেশীবোৰৰ লগতে হাঁওফঁাওৰ বায়ু ধৰি ৰখা মোনাবোৰৰো কিছু পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে ৷ বয়সত আমাৰ হাঁওফাওঁৰ বায়ুকোষবোৰ লাহে লাহে দুবৰ্ল হ’বলৈ আৰম্ভ কৰে আৰু লগতে হাঁওফঁাওৰ নিজস্ব স্থিতিস্থাপকতাৰ গুণৰো কিছু পৰিমাণে হীন-ডেিI. হয়৷ ফলত হাঁওফাওঁৰ অক্সিজেন দহনৰ ক্ষমতাও কিছু পৰিমাণে হ্ৰাস পায়৷তদুপৰি আমাৰ বায়ুমণ্ডলৰ চাৰিওদিশে ঘূৰি থকা পৰিৱেশৰ আক্ৰমণাত্মক বীজাণুৱে সহজে হাঁওফঁাওক আক্ৰমণ কৰিব পাৰে৷ কিয়নো, আমাৰ শৰীৰক প্ৰতিৰোধ কৰি ৰখাৰ হাঁওফাঁওৰ যি ক্ষমতা সেই ক্ষমতাও বয়স বৃদ্ধিৰ লগে লগে হাঁওফঁাওৱে হেৰুৱাবলৈ আৰম্ভ কৰে, সেইবাবে অলপ খোজ কািI.লেই আমাৰ ফোপনি উঠা, অলপ কাম কৰোঁতেই ভাগৰ লগা বা সঘনাই হাঁওফাঁওৰ সংক্ৰমণত ভোগা আদি সমস্যাই দেখা দিয়ে৷

অ’ আপুনি যে সুধিছিল আজিকালি আপোনাৰ ভোক কিয় অলপ কমকৈ লাগে বুলিহ্ল তেন্তে কওঁ শুনক ককা, আপোনাৰ বাৰু কোনবিলাক খাদ্যৰ প্ৰতি আসক্তি বেছিহ্ল আপুনি বাৰু কেতিয়াবা আমাৰ দেহৰ খাদ্যনলী আৰু পাচন তন্ত্ৰৰ বিষয়ে পিI. চাইছেনেহ্ল মানে ধৰক সদায় খাদ্য হজম কৰি কৰি বয়সৰ লগত স্বাভাৱিক পৰিৱৰ্তন হ’বলৈ ধৰা আমাৰ পাচন তন্ত্ৰৰ বিষয়েহ্ল জানে ককা, বয়স বI.াৰ লগে লগে আমাৰ খাদ্যনলী তথা পাকস্থলীৰ পেশী কলাসমূহেও খাদ্য হজম কৰি কৰি স্বাভাৱিকভাৱেই নিজৰ স্থিতিস্থাপকতাৰ গুণাগুণ হেৰুৱাবলৈ আৰম্ভ কৰে৷ যদিও ই আমাৰ দৈনন্দিন জীৱন-যাপন প্ৰণালীক সাংঘাতিকভাৱে তেনে কোনো বিশেষ প্ৰভাৱ নেপেলায়; তথাপি ই খাদ্য দহনৰ পাচন প্ৰক্ৰিয়াতযথেষ্ট প্ৰভাৱ পেলায়৷ উদাহৰণস্বৰূপে বয়সত দেখা দিয়া এনে এক পৰিৱৰ্তন হৈছে বয়সৰ লগে লগে আমাৰ দেহত গাখীৰ হজম কৰিব পৰা লেকটেজ নামৰ এনজাইমৰ নিঃসৰণ ক্ষমতা লোপ পায়৷ আইতাই যে আজিকালি গাখীৰ খাবলৈ বৰকৈ ইচ্চা নকৰে, তাৰ মূল কাৰণটো সেইটোৱেই জানে৷ এই এনজাইমৰ চোক নাথাকিলে গাখীৰজাতীয় খাদ্য খোৱাৰ পাছত পাচনতন্ত্ৰই হজম কৰিব নোৱাৰি অত্যধিক গেছ বা কেতিয়াবা ঢিলা পায়খানাৰ নিচিনা ৰোগৰ সৃষ্টি কৰে৷ এনে হোৱাৰ আন এটা কাৰণ হ’ল আমাৰ যকৃৎ৷ বয়স বI.াৰ লগে লগে আমাৰ দেহৰ খাদ্য দহনৰ প্ৰধান অংগ যকৃতৰ ক্ষমতাও দুবৰ্ল হ’বলৈ আৰম্ভ কৰে৷ সেই কাৰণে বয়স্কসকলে যিকোনো খাদ্যবস্তু জধে-মধে খালে তাৰ পাশ্বৰ্ক্ৰিয়া হোৱাও দেখা যায়৷

ককা, আপোনাৰ সৰুপানী চুওঁতে কিবা সমস্যাৰ সন্মুখীন হৈছে নেকিহ্ল ই হৈছে পুৰুষৰ বয়সজনিত ৰোগ৷ আপুনি জানেনে এই গ্ৰন্থি কেৱল পুৰুষৰ শৰীৰতহে থাকে৷ সেইবাবে এই ৰোগ কেৱল পুৰুষৰ ক্ষেত্ৰতহে দেখা যায়৷ এই প্ৰষ্টেড গ্ৰন্থি কেতিয়াবা অস্বাভাৱিকভাৱে বািI. অহাৰ ফলত ই প্ৰস্ৰাৱৰ সন্তুলনত বাধাৰ সৃষ্টি কৰে৷ লগতে ই আন আন কাৰণৰ বাবেও সৰুপানী চোৱাত হীন-ডেিI. হোৱা দেখা যায়৷ আপুনি কেনেবাকৈ বৃক্কৰ সমস্যাতো ভুগিছে নেকিহ্ল বয়স হৈ অহাৰ লগে লগে আমাৰ দেহতত্ত্বৰ বৃক্ক আৰু প্ৰস্ৰাৱনলীৰো স্বাভাৱিক পৰিৱৰ্তন হোৱা দেখা যায়৷ নিয়মিতভাৱে তেজ পৰিবহণ কৰি কৰি বৃক্কৰ ধমনীবোৰৰ কোনো কোনো অংশ স্বাভাৱিকভাৱে অধিক কঠিন আৰু শিথিল হৈ পৰা দেখা যায়; ফলত তেজ চলাচলত বাধাৰ সৃষ্টি হৈ বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পায়৷ এনে হোৱাৰ ফলত বৃদ্ধ বয়সত সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণে দেখা দিয়ে৷
আপোনাক আজি বৰ প্ৰফুল্লিত যেন দেখিছোঁ, আপোনালোকক এনেদৰে আনন্দ কৰা দেখিলে মোৰ মনটো খুব ভাল লাগে৷ এনেদৰে দেখি নিজেই অত্যন্ত প্ৰেৰণা লাভ কৰোঁ৷ আপুনি দেখিছোঁ নিজৰ মন-মগজুক এতিয়াও নিয়ন্ত্ৰণত ৰাখিব পাৰিছে, যাৰ বাবে ইমান তজবজীয়াটো হৈ আছে৷ আমাৰ এই ৰহস্যময় মগজুৰ বিষয়ে আপুনি কেতিয়াবা পিI.ছেনেহ্ল বয়সে মন-মগজুৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে৷ আপুনি জানেনে বয়সৰ প্ৰভাৱত হোৱা ৰক্ত সঞ্চাৰণৰ পৰিৱৰ্তনৰ বাবে নতুবা আন বিভিন্ন কাৰণৰ বাবে আমাৰ মগজুৰ কাৰ্যক্ষমতা বৃদ্ধ বয়সত মন্থৰ হ’বলৈ আৰম্ভ কৰে ক্ক ফলত ই মগজুৰ হ্ৰস্বকালীনভাৱে স্মৃতিশক্তি হ্ৰাস পোৱা, মনত ৰখাৰ ক্ষমতা হেৰুওৱা, কথা মনত নপৰা, ইত্যাদিক প্ৰভাৱিত কৰে৷ বয়স বৃদ্ধি হৈ সত্তৰো অধিক ঊধবৰ্লৈ যোৱাৰ লগে লগে মগজুৰ নতুন নতুন কথা শিকাৰ যি ক্ষমতা, সেই ক্ষমতা স্বতঃ¦£ূতৰ্ভাৱে কমি যায়৷ আনহাতে, মগজুৰ গুৰুতৰ ৰোগ যেনে– ষ্ট্ৰ’ক, মূৰত গম্ভীৰ দুখ পোৱা, পাৰকিনচন, এলঝেইমাৰ আদি ৰোগত যিসকল লোকে ভুগি আছে তেনে লোকৰ ক্ষেত্ৰত আকৌ কথা পাহৰাৰ লক্ষণ বেছিকৈ হোৱা দেখা যায়৷ বয়স বৃদ্ধিৰ আন এটি Ùণাত্মক প্ৰভাৱ হ’ল– ই মানুহৰ মন খিংখিঙীয়া আৰু নৈৰাশ্যবাদে হেঁচা মাৰি ধৰাত অৰিহণা যোগায়৷

ককাৰ চকু দুটি খুব উজ্জ্বল হৈ পৰা মই লক্ষ্য কৰিছিলোঁ৷ মনৰ কৌতূহল ভাঙিবলৈ দূৰৰ ছাইন ব’ৰ্ড এখনলৈ আঙুলিয়াই মই সুধিলোঁ, “ককা, আপুনি সৌ ছাইনব’ৰ্ডখন পিI.ব পাৰিবনেহ্ল’’
“ কিয় নোৱাৰিম! ককাই ঘপহকৈ উত্তৰটো দিছিল৷
বাঃ আপুনি দেখিছোঁ এতিয়াও শেন-চকুৰ অধিকাৰী হৈয়ে আছে৷ এই বয়সত আপোনাৰ নিচিনা হাজাৰ মানুহৰ দৃষ্টিশক্তিৰ পৰিৱৰ্তন হৈ কেটেৰেক্ট পৰি দৃষ্টিশক্তিহীন হৈ পৰে৷ আপোনাৰ দেখিছোঁ পঞ্চইন্দ্ৰিয় এতিয়াও অক্ষত হৈয়ে আছে ককা৷ আপোনাৰ ঘ্ৰাণেন্দ্ৰিয় আৰু শ্ৰৱণেন্দ্ৰিয়কো বয়সে তিলমাত্ৰও লৰাব পৰা নাই৷ আপোনালোকৰ দিনত খোৱা খাদ্য ভাল আছিল৷ আনহাতে চকু-নাক-কাণ আদি ইন্দ্ৰিয়বোৰক আতিশয্য কৰিব পৰা কোনো কাৰকেই যে আপোনালোকৰ সময়ত নাছিল৷ শ্ৰৱণেন্দ্ৰিয়ই নিজস্ব ক্ষমতা হেৰুৱাবলৈয়ো আজিৰ দৰে আধুনিকতাই নমাই অনা শব্দ প্ৰদূষণৰ কোনো উপকৰণেই নাছিল বা তেনে উন্নতিয়েনো ঘটিছিল বা ক’তক্ক
নিজৰ দেহ বিজ্ঞানত ঘটি থকা এনে ৰহস্যময় কথাবোৰৰ বিষয়ে জানিব পাৰি ককা আনন্দত আত্মহাৰা হৈ পৰিছিল৷ তেখেতৰ মুখলৈ চাই সেয়া দেখা পাইছিলোঁ৷ তাৰ পাছত তেখেত তেখেতৰ মনত উদয় হোৱা প্ৰশ্নবোৰ অনৰ্গলভাৱে এটাৰ পাছত এটাকৈ সুধি গৈছিল৷ তেখেতৰ কৌতূহলী মনক সন্তুষ্ট কৰিবলৈ প্ৰশ্নবোৰৰ উত্তৰ মই অতি সূক্ষ্মভাৱে চালি-জাৰি চাই তেখেতৰ মগজুৱে হজম কৰিব পৰাকৈ সাৱধানে দি গৈছিলোঁ —

খং-ৰাগ-উদ্বিগ্নতাৰ পৰা নিজকে আঁতৰত ৰাখক৷ নিয়মানুৱতিৰ্তা মানি চলক আৰু কেৱল সুন্দৰৰ আৰাধনা কৰক৷ তেতিয়া দেখিব আপুনি সু-স্বাস্থ্যৰে এক সুন্দৰ জীৱন উপভোগ কৰিব পাৰিছে৷ মনটোক অলস ভাবে, বেমাৰ-আজাৰে যাতে নিশকতীয়া কৰিব নোৱাৰে তাৰ বাবে অশুভ শক্তিৰ লগতে নিজকে মোকা-বিলা কৰিবলৈ পৰিৱেশৰ সহায় লওক৷ স্বাস্থ্যসন্মত খাদ্য খোৱাৰ প্ৰতি অতি সতৰ্ক হওক৷ প্ৰয়োজনত নিয়মিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক৷ বাৰ্ধক্য প্ৰকৃতিৰ এক চিৰাচৰিত সত্য ই এদিন আহিবই৷ অদৃষ্টৰ সৃষ্টি আমাৰ দেহতত্ত্বও চিৰস্থায়ী নহয় বয়স অনুপাতে ৰোগৰ ভাণ্ডাৰবোৰে শৰীৰৰ ওচৰ চাপি আহিবই; কিন্তু সেই বুলিয়ে বাৰ্ধক্যক আপুনি ইমান সোনকালে লাই দিবনেহ্ল আপুনি নিজকে সদায় স্বাস্থ্যৱান কৰি ৰাখক তাৰ বাবে তলৰ পৰামৰ্শবোৰ মানিবলৈ যত্ন কৰক, দেখিব বাৰ্ধক্যই আপোনাৰ কাষ চাপিবলৈকে ভয় কৰিছে৷
অস্থিৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আপুনি পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম, ভিটামিন ডি-যুক্ত খাদ্য খাওক৷ কিয়নো, বয়স বািI. অহাৰ লগে লগে আমাৰ দেহত থকা কেলচিয়ামৰ ভঁৰালবোৰৰ পৰিৱৰ্তন হৈ হাড় ঠুনুকা হয় আৰু হাড়ৰ জোৰাবোৰো ঢিলা হয়৷ সেইবাবে কেনেবাকৈ আকস্মিক দুৰ্ঘটনাত পতিত হ’লে বা তেনেই সাধাৰণভাৱে দুখ পালেই দেহৰ সেই ঠুনুকা হাড় ভাগি জীৱনটোৰ আলাই-আথানি হ’ব পাৰে৷ খোজ কােI.াতে, গধুৰ বস্তু দাঙোতে বা যিকোনো কাম কৰোঁতে লৰা-ঢপৰা নকৰি পৰিস্থিতিৰ লগত নিজকে খাপ খোৱাই ধীৰ-স্থিৰে কৰক৷ কিছুমান লাগতিয়াল পদাৰ্থৰ অভাৱত শৰীৰৰ জোৰাবোৰৰ স্থিতিস্থাপকতাৰ পৰিৱৰ্তন ঘটি আৰ্থাইটিছ, স্পণ্ডেলাইটিছ, কঁকালৰ বিষ, ইত্যাদি বেমাৰে লগ দিয়াও দেখা যায়৷ সেয়ে হাউলি-হাউলি কাম কৰা, ওখোৰা-মোখোৰা ৰাস্তাত বেছিকৈ বাইচাইকেল চলোৱা আদিৰ পৰা আপোনালোক ককা-আইতাসকলে সদায় সাৱধানতা অৱলম্বন কৰাৰ লগতে দৰকাৰ পৰিলে আগতীয়াকৈ বিশেষজ্ঞ চিকিৎসকৰ ওচৰ চাপিব লাগে৷

আপুনি যে কৈছিল আপোনাৰ একমাত্ৰ বন্ধ³জন অলপ দিনৰ আগতে বুকুৰ বিষ হৈ ঢুকাল বুলি৷ সেইটো কি হ’ব পাৰে জানেনে ককাহ্ল তেখেত বোধহয় আমাৰ দেহতত্ত্বৰ অতি সংবেদনশীল অংগ হৃদৰোগতে আক্ৰান্ত হৈছিল৷ আপোনাক যে কৈছিলোঁ বয়স বািI. অহাৰ লগে লগে আমাৰ হৃদযন্ত্ৰটোও দুবৰ্ল হৈ আহে ফলত হৃদৰোগৰ আশংকাও বৃদ্ধি পায়; সেয়েহে তাৰ পৰা হাত সাৰিবলৈ হৃদযন্ত্ৰক প্ৰভাৱিত কৰিব পৰা কাৰকবোৰৰ ওপৰত লক্ষ্য ৰাখক৷ কাৰণ বয়স্ক লোকক সদায়ে খেদি ফুৰা কাৰকটোৱেই হৈছে উচ্ছ ৰক্তচাপ; আপুনি জানেনে! ই এক উদ্‌গিৰণ নোহোৱা আগ্নেয়গিৰিৰ নিচিনা৷ সময়ত গুৰুত্ব নিদিলে যেতিয়া ইয়াৰ উদ্‌গিৰণ ঘটিব তেতিয়া দেখিব যে সকলো শেষ হৈ গৈছে৷ কিন্তু সাৱধানীৰ মৰণ নাই ককা৷ হৃদপিণ্ডক সুস্থ ৰাখিবলৈ আপোনাৰ বয়স কিমান সেইটোও গুৰুত্বপূৰ্ণ নহয়, গুৰুত্বপূৰ্ণ কথাটো হ’ল প্ৰতিকাৰৰ প্ৰতি থকা আপোনাৰ প্ৰবল ইচ্চশক্তি আৰু মনোবল৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ নিজৰ ক্ষণস্থায়ী আনন্দ বা উত্তেজকবিলাকৰ পৰা নিজৰ ইন্দ্ৰিয়ক দমন কৰি তলত উল্লেখ কৰা পদক্ষেপবোৰ মানি চলিবলৈ যত্ন কৰক৷

  • স্বাস্থ্যকৰ খাদ্য খাওক আৰু নিজকে সক্ৰিয় কৰি ৰাখক৷
  • স্বাস্থ্যসন্মত ওজনৰ প্ৰতি লক্ষ্য ৰাখক৷
  • ধূমপান ত্যাগ কৰক আৰু ধূম্ৰপায়ীসকলৰ সংস্পৰ্শৰ পৰাও নিজকে আঁতৰাই ৰাখক৷
  • ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখক৷
  •  আপুনি যদি সুৰাপান কৰেতেনেহ’লে মধ্যমীয়াভাৱে কৰক৷
  • মধুমেহ ৰোগ প্ৰতিহতকৰণৰ ব্যৱস্থা লওক৷
  • সদায় শাৰীৰিক আৰু মানসিক চাপমুক্ত হৈ থাকক৷

 

ককা, আপুনি যে সুধিছিল টোপনিৰ কথাহ্ল আপুনি জানেনে টোপনি হ’ল আমাৰ শৰীৰতত্বৰ মগজুৰ বিশ্ৰামৰ একমাত্ৰ সম্বল ক্ক পৰ্যাপ্ত টোপনিয়ে সুস্থ আৰু দীৰ্ঘায়ু জীৱন পোৱাত নিৰ্ণায়কৰ ভূমিকা পালন কৰে৷ ভাল টোপনিয়ে দিয়া সেই ভাল ফলবোৰলৈ লক্ষ্য কৰক–
[ক] সু-স্বাস্থ্য
[খ] বিষৰ পৰা পৰিত্ৰাণ পোৱা
[গ] আঘাতৰ শংকা হ্ৰাস কৰা
[ঘ] মনৰ বিষণ্ণতা দূৰ কৰা
[ঙ] ওজন নিয়ন্ত্ৰণত ৰখা
[চ] চিন্তাশক্তিক পৰিষ্কাৰ কৰি ৰখা
[ছ] স্মৃতিশক্তি বৃদ্ধি কৰা
[জ] নিজকে অপ্ৰতিৰুদ্ধ কৰি ৰখা
[ঝ] দেহৰ ক্ষমতা সবল কৰি ৰখা
[ঞ] মানসিক চাপ নিয়ন্ত্ৰণ কৰা
[য] দীৰ্ঘায়ু হোৱা
[ৰ] সৃজনী শক্তি বৃদ্ধি কৰা

ককা, আপুনি যে আৰু কৈছিল, আজিকালি আপুনি একেবাৰে সাধাৰণ কথাতে খুব সোনকালে উদ্বিগ্ন হৈ পৰে বুলি৷ কিন্তু কিয়হ্ল বৰ্তমান দেখিছোঁ আমাৰ জীৱনযাত্ৰাক যান্ত্ৰিকতাই কি ল’ৰা, কি বুI.া খাওঁতে-শুওঁতে, উঠোঁতে-বহোঁতে, প্ৰতিটো মুহূৰ্ত্ততে সকলোৰে মন-মগজুক তীব্ৰ চাপৰ সৃষ্টি কৰি তালফাল খুৱাইছে৷ গতিকে চাপ নিয়ন্ত্ৰণ কৰি এই অস্বাভাৱিক উদ্বিগ্নতাৰ কবলৰ পৰা মুক্ত হ’বলৈ জীৱনশৈলী তলৰ পৰামৰ্শকেইটি গ্ৰহণ কৰক–

  •  আপোনাৰ সমস্যাৰ বিষয়ে শিকক৷
  • আপোনাৰ চিকিৎসাৰ আঁচনিত লক্ষ্য ৰাখক৷
  • কিহে আপোনাৰ উদ্বিগ্নতা বৃদ্ধি কৰিছে তাক চালি-জাৰি চাওক৷
  • আপোনাৰ সমস্যাৰ লগত পৰিয়ালৰ লোকক জড়িত কৰাওক৷
  • সদায় উদ্বিগ্নতাৰ পৰা আঁতৰত ৰখা লোকৰ সংগত যোগ দিয়ক৷
  • ৰাজহুৱা জীৱনৰ লগত নিজকে খোজ মিলাই চলিবলৈ শিকক৷
  • যদি কেনেবাকৈ উদ্বিগ্নতাত ভুগিছে তেতিয়াহ’লে তাক তাৎক্ষণিকভাৱে আঁতৰাই পেলাওক৷
  • কেৱল একেটা চিন্তাতে আঁকোৰগোজভাৱে লাগি নাথাকি যি হ’ল, হৈ গ’ল মনোভাব আহৰণ কৰিবলৈ শিকক৷
  •  মনোৰঞ্জনৰ কাৰণে কিতাপ-আলোচনী পI.ক আৰু সদায় লগত ৰাখক৷
  • নিজক সময়ানুৱৰ্তিতাৰে উদ্বুদ্ধ কৰাৰ লগতে নিয়মানুৱৰ্তিতাৰ কৌশলো অৱলম্বন কৰক৷
  • স্বাস্থ্যৰ পক্ষে হানিকাৰক সুৰাপান, ধূমপানৰ লগতে কফি জাতীয় পানীয়ৰ পৰাও সাৱধানে থাকক৷
  • যিকোনো মানসিক উত্তেজক নিচাজাতীয় ৰাগিয়াল পণ্যৰ পৰা নিজকে আঁতৰাই ৰাখক৷
  • নিজকে শাৰীৰিকভাৱে সক্ৰিয় কৰি ৰাখক৷
  • সুবিধা অনুসৰি নিজস্ব অৱসৰ-বিনোদনৰ আঁচনি তৈয়াৰ কৰি ল’বলৈ শিকক৷
  • পযাৰ্প্ত বিশ্ৰামক সদায় অগ্ৰাধিকাৰ দিয়ক৷
  •  সদায় স্বাস্থ্যসন্মত খাদ্যহে গ্ৰহণ কৰাৰ পক্ষপাতী হওক৷

 

বুইছে ককা, দুশ্চিন্তাক আপুনি কেতিয়াও বেছিকৈ লাই নিদিব৷ কাৰণ সিহঁতেই হৈছে জীৱনৰ পৰম শত্ৰু৷ কিবা প্ৰকাৰে মগজুত শিপাবলৈ এটা সুৰুঙা পালেই বিপদ৷ সেইকাৰণে এই উদ্বিগ্নতাই ভয়াৱহ ৰূপ লোৱাৰ আগতে অলপীয়াকৈ প্ৰমাণ পাওঁতেই অভিজ্ঞ চিকিৎসকৰ ওচৰ চাপি সমস্যাটো সমাধান কৰি লোৱা বাঞ্ছনীয়৷

ককা, আপোনাৰ বন্ধ³জনে যে ফোপাই থাকে বুলি কৈছিল, তেওঁৰ বাৰু কি হ’ব পাৰে জানেনেহ্ল তেওঁ আমাৰ দেহতত্ত্বৰ হাঁওফাওঁৰ ৰোগত ভুগিছে৷ আপুনিয়ে যে কৈছিল, তেখেতে সদায় জুই পুৱায় আৰু লগতে সদায় বিড়ি আৰু হোকাও খায় বুলি: সেইটোৱেই প্ৰধান কাৰণ ককা৷ আপুনি জানেনে, হোকা খোৱা আমাৰ হাঁওফঁাওৰ বাবে অতি মাৰাত্মক৷ মই আগতে কৈছোঁ– বয়স্কসকল স্বাভাৱিকভাৱে বায়ুমোনা দুবৰ্ল হৈ শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণ ৰোগ প্ৰৱণ হৈ থাকে৷ তাতে যদি এই ধূমপানৰ মাৰাত্মক কাৰকৰ প্ৰতি অধিক প্ৰলোভিত হয় তেতিয়া আমাৰ চৌপাশৰ বতাহত ঘূৰি থকা সংক্ৰামক বীজাণুৱে দুবৰ্ল হাঁওফঁাওক অতি সহজতে বশ কৰিব পাৰে৷ ফলত ব্ৰংকাইটিছৰ লগতে আন বিভিন্ন ৰোগত আক্ৰান্ত হ’ব পাৰে৷ সেই কাৰণে ইবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ তলৰ কথাকেইষাৰ মানি চলাটো বাঞ্ছনীয়৷

  •  সঘনাই ভালদৰে হাত ধুই চাফ-চিকুণ হৈ থাকিব লাগে– যাতে বীজাণু লাগি থাকিব নোৱাৰে৷
  • বিছনাৰ আচবাব, গাৰু, পিন্ধা কাপোৰ আদি সঘনাই গৰম পানীৰে উতলাই বীজাণুমুক্ত কৰি ৰাখিব লাগে৷
  • কোনো ৰোগীৰ ওচৰলৈ গ’লে সাৱধানে ৰোগীৰ সংস্পৰ্শৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে৷
  • সৰহকৈ ভিটামিন থকা ফল-মূল আৰু সেউজীয়া শাক-পাচলি খাই শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা সবল কৰি ৰাখক৷
  • বীজাণু তথা এলাৰ্জি কিI.য়াব পৰা ঘৰত পোহা জন্তুৰ পৰা সদায় আঁতৰত থকা ভাল৷
  • ঘৰত যদি এজমা বা ব্ৰংকাইটিছ ৰোগী থাকে তেন্তে, কাপেৰ্ট ৰাখিব নালাগে, যিয়ে বীজাণুৰ ভঁৰাল হিচাপে কাম কৰে৷
  • শ্বাস-প্ৰশ্বাসতব্যৱহৃত মাংসপেশীক সবল ৰাখিবৰ বাবে অধিক প্ৰ’টিনযুক্ত খাদ্য অতি কমেও দিনে ২-৩ বাৰকৈ খাব৷
  • শ্বাস-প্ৰশ্বাসৰ বাবে দেহক অধিক শক্তিৰ প্ৰয়োজন সেইবাবে হাঁওফঁাওৰ অসুখত ভোগাসকলে অধিক কেল’ৰিযুক্ত আহাৰ খাব লাগে৷

আপুনি স্বাস্থ্য সজাগতাৰ অতি সুন্দৰ নিদৰ্শন দেখুৱাইছে, ককা৷ আপোনাৰ জীৱনশৈলীক আপুনি অতি সুন্দৰভাৱে আগুৱাই নিছে৷ আপুনিয়ে নৱ প্ৰজন্মৰ বাবে এক উৎসাহ তথা প্ৰেৰণা৷ এই বয়সতো স্বাস্থ্যৰ প্ৰতি আপুনি ইমান সজাগ, প্ৰতিটো আলোচনাতে আপুনি ইমান সুন্দৰভাৱে সহযোগিতা আগবI.াইছে৷ বৰ ভাল লাগিছে আপোনাৰ সান্নিধ্য পাই৷ শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকিবলৈ যে ব্যায়ামৰ কিমান প্ৰয়োজন সেই কথা আপুনি নি(য় উপলব্ধি কৰিব পাৰিছে নহয়নে ককাহ্ল আপুনি জানেনে এই ব্যায়ামে শক্তি, সমতা, নমনীয়তা, সহিষ্ণুতা, ইত্যাদি গুণো বৃদ্ধি কৰি দীৰ্ঘসময় ধৰি শৰীৰ সবল কৰি ৰখাত সহায় কৰে৷ সেই বাবে বয়স্কসকলেও এইবিলাক কৰা উচিত-

  • খং-ৰাগৰ পৰা নিজকে আঁতৰাই ৰাখি সদায় ভাল চিন্তা কৰিব লাগে৷
  • সকলো দিশৰ পৰা নিজকে সদায় সক্ৰিয় কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিব লাগে৷
  • বয়স অনুযায়ী দৈনিক শৰীৰৰ বাবে নিৰাপদ ব্যায়ামহে কৰিব লাগে; যি সুস্বাস্থ্যৰ বাবে অপৰিহাৰ্য৷
  • শৰীৰৰ আটাইতকৈ উপযোগী আৰু সদায় কৰিব পৰা শংকাহীন ব্যায়াম যেনে– খোজকI.া আদি বাচি লওক৷
  • পৰিয়াল, বন্ধ³বৰ্গ আৰু সমাজৰ ভাল সংগীৰ সৈতে সম্বন্ধ ৰাখি নিঃসংগতাক আঁতৰাই ৰাখিব লাগে৷
  •  মনে মিলা বন্ধ³ বা ব্যক্তি, যাৰ সংগই আপোনাৰ মনত সদায় আনন্দ দিয়ে, তেনে ব্যক্তিৰ সংগ লওক৷
  • সদায় পৰ্যাপ্ত টোপনি মাৰক৷

আপোনালোক বয়স্কসকলে কেনে ধৰণৰ খাদ্য খোৱা উচিত

  • অধিক পুষ্টিযুক্ত খাদ্য খাওক৷
  • দৈনিক ৰাতিপুৱাৰ আহাৰ সময়মতে গ্ৰহণ কৰক৷
  • অধিক আঁহযুক্ত খাদ্য বস্তু যেনে– বিন, গম, ঘেঁহু, পাউৰুটী আদি বেছিকৈ খাব লাগে৷
  • দিনিক ৩-চ্ছ্ৰ বাৰকৈ কেলচিয়াম, ভিটামিন-‘ডি’যুক্ত, কম চবিৰ্যুক্ত গাখীৰ, সৰ তোলা দৈ খালে হাড় মজবুত হৈ থাকে
  • দৈনিক পৰ্যাপ্ত পানী আৰু পানীযুক্ত জুলীয়া পদাৰ্থ খাব লাগে৷
  • পৰ্যাপ্ত সতেজ ফলমূল আৰু সেউজীয়া শাক-পাচলি খাব লাগে৷
  • ওমেগা- ‘৩’যুক্ত সাগৰীয় মাছ, চবিৰ্হীন মাংস, পোহনীয়া ঘৰুৱা মুৰ্গীৰ মাংস আৰু কণী স্বাস্থ্যৰ পক্ষে ভাল৷
  • বাদাম বা বাদামজাতীয় খাদ্য খোৱা ভাল৷

বয়স্কসকলে এনে ধৰণৰ খাদ্য কমকৈ খাব লাগে-

  • চেনিযুক্ত মিঠা পানীয় আৰু চেনিযুক্ত মিঠাই৷
  • মাখনযুক্ত খাদ্য, ঘিঁউ, ইত্যাদি৷
  • বগা পাউৰুটী, ভাত, পাষ্টা কমকৈ খাব লাগে ইত্যাদি৷

প্ৰাতঃভ্ৰমণৰ সেই স্মৰণীয় সময়খিনিৰ কথা ভাবি বৰ ভাল লাগিছিল৷ বৰ মৰমিয়াল আৰু আৱদাৰ কৰিব পৰা ককা এজনক লগ পাইছিলোঁ৷ তেখেতৰ লগত কথা পাতি মোৰ এনে লাগিছিল যেন বহুদিনৰ আগতে স্বৰ্গগামী হোৱা আমাৰ ককাকহে পুনৰ লগ পালোঁ৷ খোজ কািI. কািI. ইতিমধ্যে আমি তিনি আলিটো পাইছিলোঁহি৷ তাৰ পৰা ককাই মোৰ বিপৰীত দিশে খোজ দিলে আৰু মই ৰাস্তাৰ আলি-কেঁকুৰিত ককা নেদেখা হোৱালৈকে চাই ৰ’লোঁ৷ বয়সৰ ভৰত অলপ থৰক-বৰক হৈছে ককাৰ খোজবোৰ৷ ককাৰ বাবে ভগৱানক প্ৰাৰ্থনা জনালোঁ৷ কথাবোৰ ভাৱি মনটো সেমেকি উঠিছিল..আমিয়ো এদিন এনেকুৱাই হম..

You might also like