নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত সদৌ অসম বিকলাংগ সন্থাৰ বিশেষ সভা

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চ:  নগৰবেৰাস্থ ছমৰীয়া উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত শনিবাৰৰ দিনৰ প্ৰায় ১২ বজাত সদৌ অসম বিকলাংগ সন্থাৰ এক সভা অনুষ্ঠিত হয় | সন্থাৰ সভাপতি বিপুল চন্দ্ৰ দাসৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত সন্থাৰ কাৰ্যকৰী সভাপতি তথা অধিবক্তা দিলীপ কুমাৰ ৰয় ,মুখ্য সম্পাদক ৰহিম বাদশা আহমেদ ,সম্পাদক মোজাম্মিল হুছেইন ,বৰপেটা জিলা বিকলাংগ সন্থাৰ সাংগঠনিক সম্পাদক নাছিৰ উদ্দিন আহমেদ আদিসকল বিষয়ববীয়াও উপস্থিত থাকে |সভাত বিকলাংগ সকলৰ বিভিন্ন সমস্যা,দাবী আৰু ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত বিতংকৈ আলোচনা কৰা হয় “| আনহাতে সুনীল ঠাকুৰীয়াক সভাপতি,আশ্ৰফ আলীক সাধাৰণ সম্পাদক ,শংকৰ দাসক কাৰ্যকৰী সভাপতি ,বৰকত আলীক সহকাৰী সম্পাদক হিচাপে লৈ মুঠ ২১ জনীয়া সদস্যৰ নগৰবেৰা আঞ্চলিকৰ বিকলাংগ সন্থাৰ সমিতি খন নতুনকৈ গঠন কৰা হয় | সভাত প্ৰতিগৰাকী বিষয়ববীয়াই চৰকাৰক বিকলাংগ সকলৰ দাবী সমূহ বিবেচনা কৰিবলৈ দাবী উত্থাপন কৰে |

 

@ প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস

You might also like