নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্যৰক্ষাত উপকাৰী Rock salt 

ৰন্ধন প্রণালীত ব্যঞ্জনৰ সোৱাদ বঢ়াবলৈ নিমখ অত্যন্ত প্রয়োজনীয়৷ সকলো মচলা দিয়া সত্ত্বেও যিখন ব্যঞ্জনত নিমখ নাই সকলো মিছা৷ নিমখেহে আঞ্জাৰ সোৱাদ বঢ়ায়৷ এই ৰন্ধন প্রক্রিয়াত সকলোৱে সাধাৰণ নিমখহে ব্যৱহাৰ কৰে৷ কিন্তু মনত ৰখা দৰকাৰ যে অত্যধিক নিমখ সেৱনে আপোনাৰ বিপদ ঘটাব পাৰে৷ দেখা যায় যে খাদ্যত সাধাৰণ নিমখৰ তুলনাত Rock salt–ৰ ব্যৱহাৰ কম হয়৷ কিয়নো বহুতেই Rock salt খাবলৈ পছন্দ নকৰে৷ কিন্তু জানিলে হয়তো আপুনি আচৰিত হ’ব যেRock salt আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ সাধাৰণ নিমখৰ তুলনাত Rock salt–ত বিভিন্ন উপকাৰী উপাদান থাকে৷ আয়ুর্বেদ বিশেষজ্ঞৰ মতে Rock salt খোৱাৰ ফলত বিভিন্ন মাৰাত্মক ৰোগৰ পৰা মুুক্তি পাব পাৰি৷ Rock salt খালে এচিডিটী, কোষ্ঠকাঠিন্য, বমি বমি ভাবৰ দৰে সমস্যাৰ পৰা সহজেই সকাহ পাব পাৰি৷ Rock salt–এ গেছৰ সমস্যা দূৰ কৰাত সহায় কৰে৷ ইয়াৰ উপৰি কলেষ্টেৰল, ডায়েবেটিছ তথা পেট সংক্রান্তীয় বিভিন্ন অসুবিধা নোহোৱা কৰিবলৈ Rock salt খালে সুফল পোৱা যায়৷ প্রতিদিনে পুৱা গৰম পানীৰ লগত Rock salt মিহলাই খালে শৰীৰ সুস্থ থাকে৷ যিসকলৰ ছুগাৰৰ সমস্যা আছে, তেওঁলোকে সাধাৰণ নিমখৰ পৰিৱর্তে Rock salt খাব পাৰে৷ তেজত শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণত ৰাখিবলৈ Rock salt–এ বিশেষ ভূমিকা গ্রহণ কৰে৷ যিসকলে শৰীৰৰ ওজন কমাবলৈ বিচাৰে, Rock salt খালে সহজে সুফল পাব৷ এই নিমখত কিছু এণ্টিক্সিডেণ্ট থাকে৷ সেইবোৰে শৰীৰক দূষণমুক্ত কৰি শৰীৰৰ ওজন কমোৱাত সহায় কৰে৷ এই বিশেষ নিমখবিধত এণ্টিবেক্টেৰিয়েল উপাদান পোৱা যায়, যিয়ে শৰীৰৰ বিপজ্জনক বেক্টেৰিয়াৰ পৰা নিৰাপদে থকাত সহায় কৰে৷ এইধৰণৰ নিমখত ছডিয়ামৰ পৰিমাণ বেছি থাকে বাবে শৰীৰ সতেজ আৰু সুস্থ ৰাখিবলৈ সাধাৰণ নিমখতকৈ Rock salt অত্যন্ত কার্যকৰী৷ Rock salt–এ হজমজনিত সমস্যা তথা শৰীৰৰ কোষে পুষ্টি সৰবৰাহ কৰাত সহায় কৰে৷ পুষ্টিগুণ তথা খনিজ সমৃদ্ধ হোৱা বাবে Rock salt নিয়মিত খোৱাৰ ফলত হাড মজবুত হোৱাত সহায়ক হয়৷ বতৰৰ পৰিৱর্তনজনিত ৰোগ যেনে, কাহ, মাত ভগা, চর্দি আদি নিৰাময়ৰ কাৰণে গৰম পানীত অলপমান Rock salt লৈ মুখেৰে গাগল কৰিলে অনায়াসে সমাধান হয়৷ ইয়াৰ লগতে ডিঙিত যদি কোনো সংক্রমণ হয় তাৰ পৰাও সকাহ দিয়ে৷ উদ্বেগ, মানসিক চাপ কমাই ৰাখিবলৈRock salt খালে সুফল পাব৷ যিসকলৰ ছালৰ সমস্যা আছে, তেওঁলোকে গৰম পানীত এই নিমখ মিহলাই খালে ছালৰ সমস্যা সমাধান হ’ব পাৰে৷ এই নিমখে মেটাবলিজম বঢ়োৱাত সহায় কৰে৷ তাৰ অর্থ হ’ল এই নিমখ সেৱন কৰিলে বিপাকৰ হাৰ বাঢ়ি বিপাক ক্রিয়া উন্নত হয়৷ সেয়েহে শৰীৰত মেদ জমা হোৱাৰ আশংকা নাথাকে, লগতে খাদ্য হজম কৰাৰ ক্ষমতাও বাঢ়ে৷ এই নিমখ পেশীৰ সুস্থ গঠনৰ বাবে অতি উপকাৰী৷

ৰাতুল ৰাজবংশী

You might also like