জ্যেষ্ঠসকলৰ ছালৰ সমস্যা
ছাল মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ৷ সমগ্র মানৱ শৰীৰক আৱৰি ৰখা এই অংগটো সমগ্র জীৱন বিভিন্ন ক্ষতিকাৰক উপাদানৰ সংস্পর্শলৈ আহে৷ ৰ’দ, বতাহ, ঠাণ্ডা, ধূলি, প্রদূষণৰ লগতে শীত–তাপ নিয়ন্ত্রক, পাৰফিউম আদিয়ে ছালৰ ক্ষতি কৰে৷ বয়স বৃদ্ধি এক প্রাকৃতিক প্রক্রিয়া যদিও বয়সৰ লগে লগে ছাল অধিক সংবেদনশীল, সহজে সংক্রমণৰ স্বীকাৰ হোৱাৰ লগে লগে ছালৰ সন্তুলন নোহোৱা হয়৷ মানুহৰ খাদ্যাভ্যাস, বংশগত কাৰণ, জীৱনশৈলীয়ে ছালক প্রভাৱিত কৰে৷ ছাল সংক্রমণমুক্ত আৰু দাগমুক্ত, কোমল আৰু স্বাস্থ্যৱান কৰি ৰাখিবলৈ সঠিক মনোযোগেৰে দৈনিক যতন ল’ব লাগে৷ সৌভাগ্যক্রমে ভাৰতৰ ৰন্ধন পদ্ধতিয়ে বৃদ্ধাৱস্থাতো মানুহৰ ছাল মসৃণ হৈ থকাত সহায় কৰে৷ ই নিশ্চিতভাৱে ছালৰ শুষ্কতা প্রতিহত কৰে৷ কিন্তু পশ্চিমীয়া দেশত জ্যেষ্ঠসকলৰ বাবে এইক্ষেত্রত নিষেধাজ্ঞা আৰু ফলত তেওঁলোকে বিভিন্ন ধৰণৰ ক্রীম, মইশ্বৰাইজৰ, চিৰাম আদি বিক্রীত অৰিহণা যোগায়৷ অৱশ্যে এনে নহয় যে জ্যেষ্ঠসকলৰ সময়ৰ লগে লগে প্রভাৱিত নহয়৷
কাৰণ আৰু লক্ষণ
ছাল আৰু পেশীৰ মাজৰ চর্বিযুক্ত কলা হ্রাস পোৱাঃ ছালৰ স্থিতিস্থাপকতা আৰু নমনীয়তা হ্রাসৰ ফলত মুখৰ ছাল ঢ়িলা হয় আৰু চকুৰ চাৰিওফালে কোঁচ খোৱাৰ লগতে গালত কোঁচ পৰে৷ ইউ বিকিৰণ, সূর্যৰ তাপৰ অত্যধিক সংস্পর্শলৈ অহাৰ ফলত ছাল প্রসাৰিত হয়, কোঁচ খায় আৰু আনকি দাগ বহে৷
চাপঃ মানসিক চাপে ছালৰ ওপৰত প্রভাৱ পেলায়৷ ধূমপানৰ ফলতো ছালত প্রভাৱ পৰে৷ কিছুমান ঔষধ ব্যৱহাৰৰ ফলতো ছাল শুকান হৈ খজুৱতি হ’ব পাৰে৷
পানী কমকৈ গ্রহণ কৰিলে ছাল দুর্বল হয়৷ সাৱধানতাঃ সূর্যৰ তাপ অধিক হোৱাৰ সময়ত বাহিৰত থাকিব৷ সদায়ে ছানস্ক্রীন ব্যৱহাৰ কৰিব আৰু ছাতি ব্যৱহাৰ কৰিব৷ অত্যধিক গৰম পানী ব্যৱহাৰ নকৰিব৷ কৃত্রিম সুগন্ধিযুক্ত চাবোনে পি. এইচ. ভাৰসাম্য সলনি কৰে৷ মৃদু–সুগন্ধিৰ ভেষজ চাবোন ব্যৱহাৰ কৰিব৷ প্রচুৰ পৰিমাণে কুহুমীয়া পানী, চর্বত খাব৷ পাচলি, ফলমূল, গাখীৰ, দৈ, বীজ আদি পুষ্টিকৰ, সু–সন্তুলিত আহাৰ খাব৷ ঘৰুৱা কাম কৰোঁতে হাতমোজা পিন্ধিব৷ প্রাকৃতিক উপাদান ব্যৱহাৰ কৰক আৰু প্রকৃতিৰ সৈতে সামঞ্জস্য ৰাখি বাস কৰক৷ কোনো গুৰুতৰ সমস্যাত ভুগিলে চর্মৰোগ বিশেষজ্ঞৰ পৰামর্শ ল’ব৷