নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেনেকৈ সজাব জ্যেষ্ঠসকলৰ শোৱাকোঠা

ঘৰত জ্যেষ্ঠ ব্যক্তি থাকিলে ঘৰৰ আন ব্যক্তিসকল যথেষ্ট সচেতন হ’ব লগা হয়৷ তদুপৰি ব্যস্ততাৰ অজুহাতত পিতৃ–মাতৃক পর্যাপ্ত সময় দিব নোৱাৰাৰ বাবে বহু সন্তান উদ্বিগ্ন হৈ থাকিব লগা হয়৷ বহু জ্যেষ্ঠ লোকে নিজৰ শোৱনি কোঠাতে দুর্ঘটনাৰ সন্মুখীন হ’ব লগা হয়৷ সেয়েহে জ্যেষ্ঠসকলৰ শোৱনি কোঠাটো কিছু সাৱধানতাৰে নির্মাণ কৰিলে জ্যেষ্ঠসকল বহু দুর্ঘটনাৰ পৰা বাচি থাকিব পাৰে৷

  • চাপৰ, প্লেটফর্ম ডিজাইনৰ বিছনাৰ পৰিৱর্তে এটা নিয়মীয়া উচ্চতাৰ এখন বিছনা কোঠাত ৰাখক৷ ব্যক্তিজনৰ উচ্চতা অনুযায়ী বিছনাখন ২৫ৰ পৰা ৩৬ ইঞ্চি উচ্চতাৰ হ’ব লাগে৷ অর্থাৎ ব্যক্তিজন বিছনাত বহিলে তেওঁ ভৰিৰে মজিয়া স্পর্শ কৰি থাকিব লাগে৷
  • কোঠাত পর্যাপ্ত পোহৰ থাকিব লাগে৷ বয়সৰ লগে লগে দৃষ্টিশক্তি হ্রাস হয়৷ সেয়েহে কোঠাত পর্যাপ্ত প্রাকৃতিক পোহৰ সোমোৱাৰ ব্যৱস্থা কৰিব লাগে৷ খিৰিকীৰ সংখ্যা বৃদ্ধি কৰিব লাগে৷ ৰাতি তেওঁলোকক কোনো বস্তুৰ প্রয়োজন হ’লে যাতে কোনো অসুবিধা নহয়, তাৰ বাবে বিছনাৰ কাষতে ছুইচযুক্ত লেম্প ৰাখিব৷ কোঠাটোত প্রয়োজনতকৈ অধিক সামগ্রী নাৰাখিব৷ অন্যথা তেওঁলোকে খুন্দা খাব পাৰে৷ বিশেষকৈ তেওঁলোকৰ অহা–যোৱা পথত কোনো আচবাব নাৰাখিব৷ যদি জ্যেষ্ঠজনে ৱাকাৰ বা ৱাকিং ষ্টিক অথবা লাখুটি ব্যৱহাৰ কৰে, তেন্তে কোঠাৰ মজিয়াত পাৰি থোৱা কার্পেট বা মেট আঁতৰাই ৰাখিব৷ কার্পেটত ৱাকাৰ লাগি ধৰি বহু দুর্ঘটনা হোৱাও দেখা যায়৷
  • মজিয়া এনেকৈ নির্মাণ কৰিব যাতে সহজে পিছল খোৱাৰ ভয় নাথাকে৷ মিহি টাইলছৰ ঠাইত সাধাৰণ মজিয়াৰ ব্যৱস্থা কৰিব৷
  • তেওঁলোকৰ প্রয়োজনীয় বস্তুবোৰ হাততে পোৱাকৈ ৰাখিব৷ দুৱাৰত লিভাৰ ষ্টাইলৰ হেণ্ডেল ব্যৱহাৰ কৰিব৷ কোঠাৰ আচবাবৰ ড্রয়াৰবোৰ ডাঙৰকৈ সজাব৷ তেওঁলোকৰ প্রয়োজনীয় সামগ্রীবোৰ ড্রয়াৰবোৰত ৰাখিব৷
  • স্নানাগাৰ সদায় কোঠাৰ ওচৰতে সজাব৷ স্নানাগাৰত ৰ’দ সোমোৱাৰ সুবিধা ৰাখিব৷
You might also like