পেটৰ অসুখৰ প্রতিকাৰ
- চেনি খোৱাৰ লোভ দমন কৰিব লাগে৷ চেনি সহজে হজম নহয়৷ গতিকে যিবিলাক মানুহৰ পেটৰ গোলমালৰ স্থায়ী সমস্যা আছে, তেওঁলোকে বেছি পৰিমাণে চেনি খালে এই সমস্যাই বেছি জটিল ৰূপ ধাৰণ কৰিব৷ চর্বিটল জাতীয় কৃত্রিম মিঠা বস্তু এই ৰোগত ভোগা মানুহৰ কাৰণে বেছি অপকাৰী৷ দোকানত কিনিবলৈ পোৱা ফলৰ ৰস খাব নালাগে৷
- ক’ত খাব আৰু কেনেকৈ খাব– এই দুটাও অতি গুৰুত্বপূর্ণ প্রশ্ন৷ আহাৰ খুব লাহে লাহে চোবাই খাব লাগে৷ খৰকৈ খালে পেটলৈ বেছিকৈ বায়ু সোমায়৷ তেনেকৈ সোমোৱা বায়ুৱে তলপেটৰ বিষ বৃদ্ধি কৰে৷ খোৱা ঠাইখনৰ পৰিৱেশটো পৰিষ্কাৰ আৰু আনন্দদায়ক হ’ব লাগে৷
- গাখীৰ নাখাব বা কমকৈ খাব৷ গাখীৰত থকা লেক্টছ নামৰ বস্তুটো কিছুমান মানুহে হজম কৰিব নোৱাৰে৷ কেৱল গাখীৰেই নহয়, গাখীৰৰ পৰা তৈয়াৰ কৰা মিঠাই আৰু পায়স জাতীয় সকলো বস্তুৱে পেটত একধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷
- আঁহযুক্ত আহাৰ বেছি পৰিমাণে খালে সি পেটটো পৰিষ্কাৰ কৰাত সহায় কৰে৷ আঁহযুক্ত খাদ্যই (শাক–পাচলি, দাইল, আটাৰ ৰুটী) পেটত শৌচৰ পৰিমাণ বৃদ্ধি কৰে৷ তাৰ ফলত পাকস্থলী পৰিষ্কাৰ ৰখাত সহায় হয়৷ কিন্তু আঁহযুক্ত খাদ্যই পেটত গেছৰ পৰিমাণো বৃদ্ধি কৰে৷ ইয়াৰ ফলত প্রাথমিক অৱস্থাত আই বি এছ লক্ষণবোৰ বেছি প্রকট হৈ পৰে৷ সেই কাৰণে খুব কম পৰিমাণৰ আঁহযুক্ত খাদ্যৰে এই কার্যসূচী আৰম্ভ কৰিব লাগে৷ উদাহৰণস্বৰূপে পুৱাৰ আহাৰত খুব কম পৰিমাণে অ’ট্ছ খাই গোটেই দিনটো প্রচুৰ পৰিমাণে ফল আৰু কেঁচা চালাড খাব লাগে৷ আঁহযুক্ত খাদ্যৰ পৰিমাণ বঢ়াই দিব লাগে৷
- যিহেতু এই ৰোগৰ লগত মানুহৰ মনস্তত্ত্বৰ ঘনিষ্ঠ সম্পর্ক আছে, সেই কাৰণে প্রতিদিনে আধাঘণ্টামান সময় নীৰৱ আৰু গভীৰ ধ্যান কৰিলে অতি উপকাৰ পোৱা যায়৷
- ঔষধ নাখাব৷ মাজে মাজে ডায়েৰীয়া আৰু কোষ্ঠকাঠিন্য হোৱাটো এই ৰোগৰ এটা প্রধান লক্ষণ৷ সেয়ে প্রয়োজনত চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিব৷