নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অর্শ ৰোগৰ চিকিৎসা

- ডাঃ ৰেইনী দেৱী

বর্তমান সময়ত প্রায়বোৰ ব্যক্তিয়ে ভুগি থকা এটা প্রধান সমস্যা হৈছে অর্শ ৰোগ বা পাইল্ছ৷ প্রতিটো পৰিয়ালৰ এজন বা দুজন ব্যক্তি এই ৰোগত ভোগা দেখা যায়৷ পৰিৱর্তিত জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে এই ৰোগৰ কবলত পৰিছে বহু লোক৷ ময়দাৰ পৰা তৈয়াৰী খাদ্য বেছিকৈ খোৱা, টিন বা পেকেটত সংৰক্ষণ কৰা Processed food) খাদ্য খোৱা, ফাষ্টফুড বা জাংক ফুডৰ প্রতি দিনে দিনে বাঢ়ি অহা আসক্তি, অত্যধিক পৰিমাণে তেল, মছলা বা চর্বিযুক্ত খাদ্য খোৱা, আঁহজাতীয় খাদ্য কম খোৱা, শাৰীৰিক পৰিশ্রম কমি যোৱাৰ বাবে বহু লোকেই আজি অর্শ ৰোগী৷ বহুদিন ধৰি হৈ থকা কোষ্ঠকাঠিন্যৰ বাবে মলবাহী নলী আৰু মলদ্বাৰত অত্যধিক চাপ পৰে, যাৰ বাবে এই অঞ্চলৰ সিৰাসমূহ ফুলি উঠে৷ কেতিয়াবা এই ফুলি উঠা সিৰাসমূহ ফাটি তেজ ওলায় আৰু কিছুমান গুহ্যদ্বাৰেৰে বাহিৰ ওলাই যায়৷ লক্ষণ অনুসৰি পাইল্ছক ৰক্তজ অর্শ bleeding piles) আৰু অৰক্তজ অর্শ বা নন ব্লিডিং পাইল্ছ non bleeding) ই দুভাগত ভাগ কৰিব পাৰি৷ ঠিক তেনেকৈ অৱস্থান অনুসৰি গুহ্যদ্বাৰৰ বাহিৰত হ’লে তাক এক্সটার্নেল পাইল্ছ external piles) আৰু মলাশয়ৰ ভিতৰত হ’লে তাক ইণ্টাৰনেল পাইল্ছ internal piles) বুলি কোৱা হয়৷ ইয়াৰ উপৰি অর্শ ৰোগক আন বহুতো ভাগত ভাগ কৰিব পাৰি৷ অর্শ ৰোগৰ কাৰণ বহুতো৷ ইয়াৰ ভিতৰত দীর্ঘদিন ধৰি হোৱা কোষ্ঠকাঠিন্য, ডায়েৰীয়া বা ক্র’নিক ডিচেণ্ড্রী, শৌচ কৰোঁতে বেছি বল প্রয়োগ কৰা, মেদবহুলতা, মলাশয়ৰ অন্য জটিল ৰোদ ইত্যাদি প্রধান৷ বংশগত কাৰণত বা গর্ভাৱস্থাতো এই ৰোগ হ’ব পাৰে বা অন্যান্য বহুতো কাৰণত হ’ব পাৰে৷ ৰোগীৰ গুহ্যদ্বাৰত মাংসপিণ্ডৰ দৰে অংশ ওলাই যাব পাৰে আৰু বিষ অনুভৱ হ’ব পাৰে, জ্বলা–পোৰা ভাব বা কেতিয়াবা খজুৱাব পাৰে, পায়খানা খোলোচা নহয় আৰু কোষ্ঠকাঠিন্য হয় আৰু পায়খানা কৰোঁতে বিষ অনুভৱ হয়, কেতিয়াবা কিছুমান ৰোগীৰ শৌচৰ লগত তেজো যায়, ৰোগীয়ে গেছ বা এচিডিটীত ভোগে৷ এক কথাত ক’বলৈ গ’লে ই ৰোগীক নানা যন্ত্রণা দিয়ে৷ আয়ুর্বেদিক চিকিৎসা পদ্ধতিৰে অর্শ ৰোগ নিৰাময় কৰিব পাৰি৷ বহুতো শাস্ত্রীয় ঔষধ আৰু পেটেণ্ট ঔষধ আছে আৰু লগতে প্রয়োজনসাপেক্ষে ক্ষাৰসূত্র নামৰ শল্যকর্মও কৰা হয়৷ ৰোগী অলপ সচেতন হ’লে সঠিক খাদ্য অর্থাৎ পথ্য, অপথ্য আৰু যত্নৰ দ্বাৰা এই ৰোগৰ উপশম হোৱাত সহায় হয়৷ অর্শ ৰোগীয়ে ল’বলগীয়া সাৱধানতা আৰু পথ্য–পথ্যসমূহ হৈছে–

  • প্রচুৰ পৰিমাণে পানী খাওক৷ পুৱা খালী পেটত কুহুমীয়া পানী খোৱাৰ অভ্যাস কৰিলে সুফল পোৱা যায়৷
  • বল প্রয়োগ কৰি পায়খানা নকৰিব বা বহুত সময় টয়লেটত বহাৰ অভ্যাস ত্যাগ কৰক৷ পায়খানাৰ বেগ আহিলে ৰখাই নথ’ব৷ এনে কৰিলে মল বা পায়খানাত থকা অৱশিষ্ট পানী শোষণ হৈ কোষ্ঠকাঠিন্যৰ সমস্যা জটিল হৈ পৰে৷
  • এখন ৰুটিন অনুসৰি সঠিক সময়ত খাদ্য গ্রহণ কৰক৷
  • চর্বিযুক্ত খাদ্য যেনে– বাটাৰ, চীজ, অত্যধিক তেল, মছলা দিয়া খাদ্য, ব্রইলাৰ মাংস কমাই খাওক৷ চর্বিযুক্ত আহাৰে কোষ্ঠকাঠিন্যৰ সৃষ্টি কৰে৷
  • আঁহজাতীয় শাক–পাচলি, ফলমূল আদি সেৱন কৰক৷ কমলা, মৌচুমী টেঙা, কল, পকা অমিতা আদি উপকাৰী৷ পালেং, ব্রকলি, ভেণ্ডি, বিট আদি উপকাৰী (কিডনী পাথৰ থকাসকলে এইবোৰ নাখাব)৷
  • অ’ট্ছ, বার্লি, বিন, লেচেৰাজাতীয় পাচলি, সেউজীয়া মটৰ আদি খাওক৷ এইবোৰে পেট পৰিষ্কাৰ কৰে৷
  • কেঁচা অমিতাৰ আঞ্জা নিয়মীয়াকৈ খাওক৷ পকা অমিতাও খুব উপকাৰী৷ অমিতাই পেট খোলোচা কৰে৷
  • মেথিশাক, ৰবাব টেঙা, নাচপতি আদি খাওক৷
  • নিয়মীয়াকৈ গাজি মগু আৰু ফলৰ চালাদ খাওক৷ এইদৰে খালে কোষ্ঠকাঠিন্য দূৰ হয়৷ গাজৰ আৰু তিয়ঁহ বহুত উপকাৰী৷ গাজি মগুত প্রচুৰ পৰিমাণে আঁহ থাকে বাবে পেট খোলোচা হয়৷
  • ৰাতিৰ আহাৰ চর্বিযুক্ত হ’ব নালাগে৷ ৰাতি গুৰুপাকী আহাৰ বর্জন আৰু লঘুপাকী আহাৰ গ্রহণ কৰক৷ কাৰণ শুই থাকোঁতে আমাৰ শৰীৰৰ অংগ–প্রত্যংগ আৰু পাচনতন্ত্রয়ো বিশ্রাম লয়৷ সেয়েহে গুৰুপাকী আহাৰ গ্রহণ কৰিলে পাচনতন্ত্রৰ ওপৰত বোজা পৰে৷
  •  ৰাত্রি জাগৰণ অর্থাৎ টোপনি ক্ষতি নকৰিব৷ ই পাচনক্রিয়াত বিৰূপ প্রভাৱ পেলায়৷
  • ময়দাৰ পৰা তৈয়াৰী খাদ্য, ফাষ্টফুড, চর্বিযুক্ত মাংস, সংশ্লেষিত খাদ্য Processed food), অত্যধিক চাহ, কফী সেৱন যিমান পাৰে কমাই খাওক৷
  • এই ৰোগত আলমণ্ড, উখোৱা চাউলৰ ভাত উপকাৰী৷
  •  অর্শ ৰোগীয়ে নিয়মিত শাৰীৰিক পৰিশ্রম কৰা উচিত৷
  • মাজে–সময়ে কলপচলা, চেংমৰা, মাটিকাদুৰি খাওক৷ ই কোষ্ঠকাঠিন্য দূৰ কৰে৷
  • কাঁচকল আৰু ভেদাইলতা কমাই খাব৷ অন্যথা কোষ্ঠকাঠিন্য সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে৷
  • কঁচু, হাঁহৰ মাংস, কণী, ৰঙালাউ, আদা, জালুক আদি কমাই খাওক৷
  • আমলখি, শিলিখা, ত্রিফলা, ইচবগ’ল Isabgol), এৰাগুটিৰ তেল বা কেষ্টৰ অইল আদি উপকাৰী ঔষধি৷
  • ছালকুঁৱৰীৰ জেল বা ৰসৰ সেৱনো উপকাৰী৷
    ইয়াৰ উপৰি আয়ুর্বেদত অভয়াৰিষ্ট, অর্শ কুঠাৰ ৰস, অর্শোঘ্ণী বটি আদি বহু শাস্ত্রীয় ঔষধ আৰু পেটেণ্ট ঔষধ আৰু মলম আছে৷ সকলো ঔষধ অভিজ্ঞ চিকিৎসকৰ পৰামর্শ অনুসৰি গ্রহণ কৰা উচিত৷ আজিৰ আধুনিক যুগটো একপ্রকাৰ যান্ত্রিক যুগ হৈ পৰিছে, যাৰ বাবে মানুহৰ শাৰীৰিক পৰিশ্রম কমি গৈছে৷ কিন্তু সেই অনুপাতে আমি খোৱা খাদ্যৰ পৰিমাণ নকমি বৰঞ্চ বাঢ়িছেহে৷ লগতে আমাৰ থলুৱা শাক–পাচলিৰ প্রতি আগ্রহ কমি গৈছে, যাৰ বাবে আমাৰ শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতাও কমি গৈছে৷ পৰিৱর্তিত জীৱনশৈলী আৰু খাদ্যাভ্যাসে এই ৰোগ বৃদ্ধিত মুখ্য ভূমিকা পালন কৰে৷
You might also like