শৰীৰৰ ওজন বাঢ়ি গৈ আছে নেকি?
- শৰীৰৰ ওজন বঢ়াটো আধুনিক জীৱনৰ এটা জটিল সমস্যা৷ ই শৰীৰলৈ বিভিন্ন ৰোগৰ বার্তাবাহক হৈ আহে৷ এই ওজন বৃদ্ধিৰ বহু কাৰণ থাকিব পাৰে৷ তাৰে কেইটামান এনেধৰণৰ –
প্রতিগৰাকী মহিলাই ৰন্ধা–বঢ়াত বেছ চৌখিন৷ তেওঁলোকে অধিকাংশ সময় ৰান্ধনী কোঠাতেই কটায়৷ ৰন্ধা–বঢ়া কৰি থকা অৱস্থাত বহু মহিলাই সৰু–সুৰা আহাৰ গ্রহণ কৰি থকাৰ এটা অভ্যাস থাকে৷ এই অভ্যাস শকত মহিলাই পৰিত্যাগ কৰা উচিত৷ - টিভি চাই থকা অৱস্থাত কোনো বস্তু খালে শকত হ’ব পাৰে৷ সেয়ে এনে অভ্যাস ত্যাগ কৰিব লাগে৷
- শিশুৰ পৰিত্যক্ত আহাৰ খাই নিজৰ পেটটোক ডাষ্টবিন কৰি নল’ব৷ এনে খাদ্য পেলাই দিব৷ কুকুৰ, মেকুৰী বা চৰাইক খাবলৈ দিব৷
- ঘৰত আলহী আহিলে মাছ, মাংস, পোলাও তথা অন্যান্য সুস্বাদু খাদ্য ৰন্ধা–বঢ়া কৰা হয়৷ এনেবিলাক সুস্বাদু খাদ্য আপুনি পেট ভৰাই নাখাব৷ বেলেগৰ ঘৰত আলহী হৈ গ’লেও এনে খাদ্য কমাই খাব৷ দৈ, চালাড আদি পর্যাপ্ত মাত্রাত খাব৷ বহুতে টিভি চাই থাকোঁতে চানা, ভুজিয়া, বাদাম আদি খাই ভাল পায়৷ একে সময়তে অতিৰিক্ত চাহ–কফী আদিও খায়৷ এই অভ্যাসে শৰীৰৰ ওজন বঢ়োৱাত সহায় কৰে৷
- উৎসৱ, পার্টী আদিত নাখালে বেয়া পাব, এই মনোভাব আঁতৰাই পেলাওক৷ অতি ভোজনৰ পৰা বিৰত থাকক৷
- ডিপ্রেছনত ভুগিলেও বহু লোকে বেছিকৈ আহাৰ গ্রহণ কৰে৷ অত্যধিক খাদ্যই ডিপ্রেছন দূৰ নকৰে৷ এটা নির্দিষ্ট পৰিমাণত আহাৰ গ্রহণ কৰিব৷ নিজক আকর্ষণীয় কৰি ৰাখিবলৈ হ’লে এবাৰ খাই পুনৰ খুজি লোৱাৰ অভ্যাস পৰিত্যাগ কৰক৷