নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্য পৰীক্ষাৰ প্রয়োজনীয়তা

যিহেতু প্রতিকাৰতকৈ প্রতিষেধক বেছি বাঞ্ছনীয়, সেইকাৰণে বেছিভাগ মানুহেই মাজ–সময়ে স্বাস্থ্য পৰীক্ষা কৰাব পাৰিলে ভাল৷ তেনে কৰিলে শাৰীৰিক সমস্যাবোৰৰ আগতীয়া সাৱধানবাণী পোৱা যায়৷ ৰোগৰ আগজাননী পালে তাক কলিতেই মষিমূৰ কৰিবলৈ সুবিধা হয়৷ বিশেষকৈ ৪০ বছৰ বয়সৰ পিছত সকলো মানুহেই মাজে–সময়ে স্বাস্থ্য পৰীক্ষা কৰাব লাগে৷
বিশেষভাৱে কি কি পৰীক্ষা কৰা বাঞ্ছনীয়ঃ

  • বহুমূত্র ৰোগৰ সম্ভাৱনা জানিবলৈ প্রস্রাৱ পৰীক্ষা কৰাব লাগে৷
  • ৰক্তচাপ পৰীক্ষা কৰাই তাক নিৰাপদ সীমাৰ ভিতৰত ৰাখিব লাগে৷ তেতিয়া হূৎপিণ্ডত হোৱা আক্রমণ এৰাই চলিবলৈ সুবিধা হয়৷
  • ২৫ বছৰ বয়সৰ ওপৰৰ সকলো মহিলাই ছার্ভিক্সত হোৱা কেঞ্চাৰৰ আগজাননী পাবলৈ বছৰত এবাৰকৈ পেপ–স্নিয়েৰ টেষ্ট কৰাব লাগে৷
    মহিলাৰ স্তনত মাংস গোট মাৰিছে নেকি, সেইটো জানিবলৈ মাজে–সময়ে স্তন পৰীক্ষা কৰাব লাগে৷ স্তনত গোট বন্ধা মাংসৰ পৰা একো যন্ত্রণা অনুভৱ নহ’লেও কেঞ্চাৰ হ’ব পাৰে৷
  • চকুৰ গ্ল’কমাৰ সম্ভাৱনা পৰীক্ষা কৰিবলৈ মাজে মাজে চকু পৰীক্ষা কৰাব লাগে৷ যিবোৰ পৰিয়ালত গ্ল’কমাৰ ইতিহাস আছে, সেইবোৰ পৰিয়ালৰ মানুহে চকু পৰীক্ষা কৰোৱাটো বাধ্যতামূলক বুলি ধৰি ল’ব লাগে৷
  • যক্ষ্মা বা কেঞ্চাৰৰ আগজাননী পাবলৈ বুকুৰ সাধাৰণ এক্স–ৰে’ কৰাব লাগে৷
  • শৰীৰৰ ওজন স্বাস্থ্যসন্মত সীমাৰ ভিতৰত আছেনে নাই, সেই কথা জানিবলৈ মাজে সময়ে ওজন জুখিব লাগে৷ শৰীৰৰ ওজন নির্দিষ্ট সীমাতকৈ বেছি হ’লে বহুমূত্র আৰু হূদৰোগকে ধৰি বহুতো ৰোগৰ উৎপত্তি হয়৷
You might also like