নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জানুৱাৰী ২০২১ত বিক্ৰী হোৱা শীৰ্ষ ১০খন দুচকীয়া বাহন কি কি জানেনে?

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ  যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰত বিগত বৰ্ষত ভাৰতত মটৰচাইকেলৰ বিক্ৰীয়ে আটাইতকৈ ইতিবাচক সঁহাৰি লাভ কৰিছে। এই প্ৰগতিৰ ধাৰা নতুন বছৰতো অব্যাহত আছে। বেছিভাগ দুচকীয়া বাহন নিৰ্মাতাই ২০২১ৰ জানুৱাৰীত ইতিবাচক বিক্ৰী বৃদ্ধি পোৱাৰ কথা প্ৰকাশ কৰিছে। আহক আমি জানো ২০২১ৰ জানুৱাৰীত সৰ্বাধিক বিক্ৰী হোৱা শীৰ্ষ ১০ খন মটৰচাইকেলৰ বিষয়ে। যাৰ ভিতৰত হিৰো মটোকৰ্পে ৪খন বাইক অন্তৰ্ভুক্ত কৰিছে।

জানুৱাৰী ২০২১ৰ শীৰ্ষ ১০খন মটৰচাইকেল-


উল্লেখ্য যে শীৰ্ষ ১০খন মটৰচাইকেল বিক্ৰীৰ ক্ষেত্ৰত জানুৱাৰী ২০২১ ত মুঠ ৭,২৬,১৪৫ ইউনিট বিক্ৰী হৈছিল। যি ২০২০ৰ জানুৱাৰীত বিক্ৰী হোৱা ৭,৩৭,৬৩০ ইউনিটতকৈ ৩.৩২ শতাংশ বৃদ্ধি পাইছে।

হিৰো মটোকৰ্পত তালিকাৰ শীৰ্ষ দুটা স্থানত আছে স্প্লেণ্ডাৰ(Splendor) আৰু এইচএফ ডিলাক্স(HF Deluxe)।

এই ক্ষেত্ৰত স্প্লেণ্ডাৰৰ ২৯.৫৭% অংশ আছিল। যি জানুৱাৰী ২০তক২ ১.২৬ % বৃদ্ধি পাইছে।

এই তালিকাৰ ২ নম্বৰত আছে হিৰো এইচএফ ডিলাক্স। ইয়াত ২০২০ৰ জানুৱাৰীত বিক্ৰী হোৱা ১,৯১,৮৭৫ ইউনিটৰ পৰা যোৱা মাহত বিক্ৰী হোৱা ১,৩৪,৮৬০ ইউনিটলৈ ২৯.৭১ শতাংশ YoY হ্ৰাস পাইছে।

ইপিনে ৫ নম্বৰত আছে হিৰো মটোকৰ্পৰ আন দুখন বাইক পেচন আৰু ১০ নম্বৰত গ্লেমাৰ আছে।

আনহাতে হোণ্ডা টুহোইলাৰছ ইণ্ডিয়াৰ এই বৰ্ষৰ জানুৱাৰীত বিক্ৰী হোৱা শীৰ্ষ ১০খন মটৰচাইকেলৰ তালিকাত চিবি চাইন আৰু ইউনিকৰ্ণ আছিল।

উল্লেখ্য যে হোণ্ডা চিবি চাইনৰ ৭৪ শতাংশ বিক্ৰী বৃদ্ধি হৈছে। তালিকাৰ ৩ নম্বৰত থকা চিবি চাইন যোৱা মাহত এখন সৰ্বাধিক বিক্ৰেতা আছিল। বিক্ৰী ৭৩.৯০ শতাংশ বৃদ্ধি হৈ ১,১৬,২২২ ইউনিটলৈ বৃদ্ধি পাইছে। যি ২০২০ৰ জানুৱাৰীত বিক্ৰী হোৱা ৬৬,৮৩২ ইউনিটৰ পৰা বৃদ্ধি পাইছে।

ইফালে দেশৰ শীৰ্ষ ১০ খন সৰ্বাধিক বিক্ৰী মটৰচাইকেলৰ তালিকাত, বাজাজ অটোৰ পালচাৰ(Bajaj Pulsar) আৰু প্লেটিনা(Platina) ৪ আৰু ৮ নম্বৰত আছে।

পালচাৰ বিক্ৰী ৪২.৭৬ শতাংশলৈ বৃদ্ধি পাইছে বিপৰীতে প্লেটিনা বিক্ৰী ২৮.৭০ শতাংশলৈ হ্ৰাস পাইছে।

You might also like