নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোটদানৰ বাবে নামৰ পঞ্জীয়ন, ভোটকেন্দ্ৰ আদি তথ্য জানিবলৈ মুকলি হেল্পলাইন নম্বৰ

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ আহি আছে নিৰ্বাচন। আজি সন্ধিয়ালৈ ভাৰতৰ নিৰ্বাচন আয়োগে এই নিৰ্বাচনৰ দিন ঘোষণা কৰিব।

এনে অৱস্থাত ৰাজনৈতিক দলৰ লগতে নাগৰিক সমাজো সাজু হৈছে নিৰ্বাচনৰ বাবে। কিন্তু নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এগৰাকী ভাৰতীয় নাগৰিক হিচাপে বহুতৰ মাজত নিজৰ নাম পঞ্জীয়ন, কোনো বিৱৰণিৰ শুধৰণি, ব্যক্তিগত তথ্য, বি এল অ’, ই আৰ অ’ আদি তথ্যৰ বিষয়ে জনাৰ প্ৰয়োজন থাকে। কিয়নো নিৰ্বাচনৰ দিনা ভুল পঞ্জীয়নৰ বাবে বহুতে ভোটদান কৰাৰ পৰাও আঁতৰি থাকিব লগা হয়।

এনে ক্ষেত্ৰত নিৰ্বাচন আয়োগে মুকলি কৰিছে এক হেল্পলাইন নম্বৰ। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় বা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়লৈ এই নম্বৰত ফোন কৰি সকলো তথ্যৰ সম্ভেদ ল’ব পৰা যাব। বিনামূলীয়া এই ভোটাৰ হেল্পলাইন নম্বৰটো হল ১৯৫০(1950)।

You might also like