নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকেশ আম্বানিক হত্যাৰ ভাবুকিঃ ঘৰৰ ওচৰত উদ্ধাৰ বিস্ফোৰকভৰ্তি গাড়ী

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ উদ্যোগপতি মুকেশ আম্বানিৰ ঘৰ এণ্টিলাৰ নিচেই ওচৰৰ ৰাস্তাত এখন বিস্ফোৰক ভৰ্তি গাড়ী উদ্ধাৰ হয় কালি নিশা। ইয়াকে লৈ মুম্বাই আৰক্ষীৰ লগতে চহৰখনত সৃষ্টি হৈছে চাঞ্চল্য।

গাড়ীখনৰ পৰা ২০ডাল জিলেটিন ষ্টিকৰ লগতে কিছু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে এখন ভাবুকি পত্ৰও উদ্ধাৰ কৰা হৈছে। চিঠিখনত লিখা আছিল- ‘এয়া এক ট্ৰেইলাৰ। নীতা ভাবী, মুকেশ ভাইয়া, এইটো মাত্ৰ এক আভাস। পৰৱৰ্তী সময়ত সম্পূৰ্ণ সামগ্ৰী আপোনাৰ ওচৰলৈ আহিব আৰু সকলো শেষ কৰি দিয়া হ’ব।’

সকলো ঘটনা চিচিটিভি বন্দী হয়। আৰক্ষীয়ে অচিনাক্ত লোকজনে গাড়ীখন তাত ৰখাই এখন ইনোভাত উঠি গুচি যায়। আনহাতে উদ্ধাৰ কৰা জিলেটিন নাগপুৰৰ এক কোম্পানীৰ বুলি জানিব পৰা গৈছে।

আনহাতে, বিস্ফোৰক উদ্ধাৰ হোৱা স্কৰপিঅ’ গাড়ীখনৰ নম্বৰ প্লেট ভুৱা আছিল যদিও আম্বানিৰ কনভয়ৰ গাড়ীৰ ৰেজিষ্ট্ৰেচন নম্বৰৰ লগতে মিলাই নম্বৰ প্লেট লগোৱা হৈছিল।

আৰক্ষীয়ে এই ষড়যন্ত্ৰ মুকেশ আম্বানিক লক্ষ্য কৰি কৰা বুলি পতিয়ন গৈছে। ইতিমধ্যে এলেকাটোত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। আৰক্ষী সূত্ৰ অনুসৰি, বিস্ফোৰক সামগ্ৰীখিনি সক্ৰিয় অৱস্থাত ৰখা হোৱা নাছিল। মুম্বাই আৰক্ষীয়ে অচিনাক্ত লোকসকলৰ বিৰুদ্ধে বিস্ফোৰক আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।

You might also like