নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকলি হ’ব বিশ্বৰ প্রথম ছেলফ বেলেঞ্চিং ই–স্কুটাৰ

নিয়মীয়াবাৰ্তা, ১০জানুৱাৰী: মুম্বাইস্থিত লীগাৰ ম’বিলিটীয়ে বিশ্বৰ প্রথম ছেলফ বেলেঞ্চিং স্কুটাৰ মুকলি কৰিব৷ অ’টো এক্সপ’–২০২৩ত প্রথমবাৰৰ বাবে বিশ্বৰ প্রথম ছেলফ বেলেঞ্চিং ইলেক্ট্রিক স্কুটাৰ প্রদর্শন কৰাৰ পিছত বজাৰত মুকলি কৰাৰ পদক্ষেপ ল’ব৷ উল্লেখ্য যে লীগাৰ ম’বিলিটীয়ে ২০১৯ চনত ছেলফ বেলেঞ্চিং আৰু ছেলফ পার্কিং প্রযুক্তিসম্পন্ন ইলেক্ট্রিক স্কুটাৰৰ প্রদর্শন কৰিছিল৷ অৱশ্যে এয়া ইলেট্রিক স্কুটাৰখন উৎপাদনৰ পূর্বে প্রদর্শন কৰা আর্হিহে আছিল৷ ২০২৩ চনৰ অ’টো এক্সপ’ত স্কুটাৰখন প্রদর্শন কৰিবলৈ ইতিমধ্যে উৎপাদন আৰম্ভ কৰিছে কোম্পানীটোৱে৷ ভাৰতত কোম্পানীটোৱে থলুৱাভাৱে এই ইলেক্ট্রিক স্কুটাৰ বিকশিত কৰিছে৷

You might also like