নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি টীম ইণ্ডিয়াৰ জ্যেষ্ঠ খেলুৱৈৰ বাবে অগ্নি পৰীক্ষা

ৰোহিত–কোহলিৰ বাবে লাকী গ্রাউণ্ড বর্ষাপাৰা

নিয়মীয়াবাৰ্তা, ১০জানুৱাৰী:  চলিত বর্ষৰ নৱেম্বৰত দেশৰ মাটিতে অনুষ্ঠিত হ’ব ক্রিকেটৰ মহাকুম্ভ ৰূপে পৰিচিত বিশ্বকাপ ক্রিকেট প্রতিযোগিতা৷ যোৱা বছৰ অনুষ্ঠিত টি–২০ বিশ্বকাপত ভাৰতে আগতীয়া বিদায় লোৱাৰ পাছত এদিনীয়া বিশ্বকাপ টীম ইণ্ডিয়াৰ বাবে একপ্রকাৰ প্রত্যাহ্বান হৈ উঠিছে৷ বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ দৰে জ্যেষ্ঠ খেলুৱৈৰ দুর্বল প্রদর্শন, কেইবাজনো সুদক্ষ খেলুৱৈৰ আঘাত আৰু অধিক পৰীক্ষা–নিৰীক্ষাই ইতিমধ্যে ভাৰতীয় দলক ভাৰাক্রান্ত কৰিছে৷ তদুপৰি প্রশিক্ষক ৰাহুল দ্রাবিডৰ বাবেও এইবাৰৰ বিশ্বকাপ অগ্নিপৰীক্ষা স্বৰূপ হ’ব৷ দলৰ শেহতীয়া ব্যর্থতাৰ বাবে আগন্তুক বিশ্বকাপৰ পাছতে তেওঁ দায়িত্ব হেৰুওৱাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ এনে পৰিপ্রেক্ষিতত আজি গুৱাহাটীৰ বর্ষাপাৰাস্থিত এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত বনাম শ্রীলংকাৰ মেচখনে বিশেষ তাৎপর্য বহন কৰিছে৷ কিয়নো এইখন তিনখনীয়া শৃংখলাটোৰ প্রথমখন মেচেই নহয়, চলিত বর্ষৰো প্রথমখন এদিনীয়া আন্তর্জাতিক মেচ৷ এক অর্থত এইখন মেচৰ পৰাই বিশ্বকাপৰ ড্রেছ ৰিহার্চেল আৰম্ভ কৰিব ভাৰতে৷

উল্লেখ্য যে শ্রীলংকাৰ বিপক্ষে সদ্যসমাপ্ত টি–২০ শৃংখলাৰ পৰা জিৰণি দিয়া হৈছিল অধিনায়ক ৰোহিত শর্মা, প্রাক্তন অধিনায়ক বিৰাট কোহলিকে ধৰি একাধিক খেলুৱৈক৷ এদিনীয়া শৃংখলালৈ তেওঁলোক উভতি আহিছে৷ ফলত আজিৰ মেচখনত পূর্ণাংগ ভাৰতীয় দলটো অৱতীর্ণ হ’ব৷ ইপিনে গুৱাহাটীৰ এচিএ ষ্টেডিয়ামৰ বাবেও এই মেচখন যথেষ্ট গুৰুত্বপূর্ণ হ’ব৷ কিয়নো এইখন গ্রাউণ্ডত এইখন হ’ব দ্বিতীয় আন্তর্জাতিক এদিনীয়া মেচ৷ নৱনির্মিত ষ্টেডিয়ামখন উদ্বোধন কৰাৰ পাছত ইয়াত মাত্র এখনহে এদিনীয়া মেচ অনুষ্ঠিত হৈছে৷ ২০১৮ চনৰ ২১ অক্টোবৰত অনুষ্ঠিত প্রথমখন মেচত ঘৰুৱা দল ভাৰত আৰু ৱেষ্ট ইণ্ডিজ মুখামুখি হৈছিল৷ প্রথমখন এদিনীয়া মেচখনৰ আয়োজনক লৈ উদ্বিগ্ন হৈ আছিল আয়োজক অসম ক্রিকেট সন্থা৷ সেই সকলো আশংকা দূৰ কৰি দুয়োটা দলে উপহাৰ দিয়ে এখন ৰোমাঞ্চকৰ মেচ৷ বৃহৎ ৰানৰ লক্ষ্য সন্মুখত লৈ ভাৰত সহজে বিজয়ী হ’লেও মেচখনত মুঠতে তিনিটা শতৰান সংগৃহীত হয়৷ প্রথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজে নির্ধাৰিত ৫০ অভাৰত ৮ উইকেটত সংগ্রহ কৰে ৩২২ ৰান৷ দলটোৰ হৈ ছিমৰন হেটমেয়াৰে ১০৬ ৰান সংগ্রহ কৰাৰ বিপৰীতে কেইৰন পাৱেলে ৫১ ৰান সংগ্রহ কৰে৷ ভাৰতৰ বাবে লক্ষ্য অতিক্রম কৰাটো যথেষ্ট কঠিন হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও ৰোহিত আৰু কোহলি ধুমুহাত উৰি যায় ৱেষ্ট ইণ্ডিজ৷ দুয়োগৰাকী তাৰকা বেটাৰৰ বাবে লাকী গ্রাউণ্ড ৰূপে পৰিগণিত হয় বর্ষাপাৰা ক্রিকেট গ্রাউণ্ড৷ মেচখনত ৰোহিতে ১৫২ ৰান সংগ্রহ কৰাৰ বিপৰীতে কোহলিৰ বেটৰ পৰা আহে ১৪০ ৰান৷ ৰোহিতে ১১৭টা বলৰ সন্মুখীন হৈ ১৫টা ৪ আৰু ৮টা ৬ৰ সহায়ত এই দুর্দান্ত ইনিংছটো সম্পূর্ণ কৰে৷ ইয়াৰ বিপৰীতে কোহলিয়ে ১০৭টা বলত ২১টা ৪ আৰু ২টা ৬১ৰ সহায়ত শতৰানকাৰী ইনিংছটো খেলে৷ কোহলি আৰু ৰোহিতৰ শিহৰণকাৰী ইনিংছটোৰ সহায়ত ভাৰতে মেচখনত ৪২.১ অভাৰতে মাত্র দুটা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়৷ এইবাৰো দুয়োগৰাকী বেটাৰৰ বাবে আজিৰ মেচখন গুৰুত্বপূর্ণ হ’ব৷ ইতিমধ্যে টি–২০ দলৰ পৰা কার্যতঃ বাদ পৰা খেলুৱৈ দুগৰাকীয়ে এদিনীয়া দলত বর্তি থাকিবলৈ আজিৰ পৰাই দিগ্বিজয় আৰম্ভ কৰিব লাগিব৷ মেচখনত আজি এই দুই বেটাৰৰ প্রদর্শন লক্ষণীয় হ’ব৷

You might also like