বিদেশত আৱদ্ধ আৰু জটিল ৰোগত আক্ৰান্ত ৰোগীলৈ ৰাজ্য চৰকাৰৰ সহায়
সংবাদমেলত ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ বিদেশত আবদ্ধ ২১ গৰাকী ব্যক্তিক ৰাজ্য চৰকাৰে আগবঢ়াব ১হাজাৰ ডলাৰকৈ। যিসকল লোক বিদেশলৈ গৈ হঠাৎ বন্ধৰ বাবে স্বদেশলৈ আহিব নোৱাৰা হ’ল তেওঁলোকে অসম চৰকাৰৰ বিত্ত বিভাগৰ টুইটাৰত টুইট কৰিবলৈ আহ্বান জনালে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে অসমৰ বাহিৰত জৰুৰী চিকিৎসাৰ বাবে গৈছে তেওঁলোকলৈও চৰকাৰে আগবঢ়াব ২৫ হাজাৰ টকা। ইতিমধ্যে ২১৩টা পৰিয়াললৈ আগবঢ়োৱা হ’ল এই ধনৰাশি। অহা ৪৮ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ কৰি তোলা হ’ব এই প্ৰক্ৰিয়া। সংবাদমেলত এই নৱ্তব্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।