সাংবাদিকক হেণ্ড ছেনিটাইজাৰ বিতৰণ
মহানগৰ বার্তা, ২৪ এপ্রিলঃ জৰুৰীকালীন সেৱাত নিয়োজিত ব্যক্তি–সংগঠনক ৰাজ্যিক মাদক দ্রব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা নাং লাকী গগৈৰ তত্ত্বাৱধানত বেচৰকাৰী সংগঠন ছিলভাৰ লাইন এডুকেচন এণ্ড ডেভেলপমেণ্ট ছ’চাইটীৰ সাধাৰণ সম্পাদিকা ঈন্সিতা বৰুৱা আৰু সদস্য নিহাৰেন্দ্র শর্মাৰ উপস্থিতিত আজি দিছপুৰ প্রেছ ক্লাবৰ সহযোগত মহানগৰীত কর্মৰত একাংশ সাংবাদিকৰ মাজত বিনামূলীয়াকৈ হেণ্ড ছেনিটাইজাৰ বিতৰণ কৰে৷ বেচৰকাৰী সংগঠনটোৰ এই প্রচেষ্টাক দিছপুৰ প্রেছ ক্লাবে আদৰণি জনায়৷ যথাসম্ভৱ অসমৰ সকলো সাংবাদিক–সাংবাদকর্ এই হেণ্ড ছেনিটাইজাৰ বিনামূলীয়াকৈ যোগান ধৰাৰ বাবে অনুষ্ঠান–প্রতিষ্ঠান, দল–সংগঠন আৰু চৰকাৰক আহ্বান জনায়৷